জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ; শ্বহীদ এগৰাকী জোৱান, অব্যাহত অভিযান

জানিব পৰা মতে সোমবাৰে সন্ধিয়া উধমপুৰ জিলাৰ মাজলতা তহচিলৰ ছুৱান গাঁৱৰ বনাঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয়। ছ’চিয়েল মিডিয়াত এই কথা নিশ্চিত কৰিছে জম্মু ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শকে।

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ; শ্বহীদ এগৰাকী জোৱান, অব্যাহত অভিযান

প্ৰতিনিধিত্বমূলক ছবি

Published: 

16 Dec 2025 | 06:36 AM

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সংঘটিত হৈছে সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ সময়ত শ্বহীদ হৈছে আৰক্ষীৰ বিশেষ অভিযান গোটৰ এগৰাকী জোৱান। প্ৰকাশিত খবৰ অনুসৰি সংঘৰ্ষস্থলীত নিৰাপত্তা বাহিনীয়ে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জেইছ-ঈ-মহম্মদৰ সৈতে জড়িত সন্ত্ৰাসবাদীক ঘেৰাও কৰি ৰাখিছে। এই অভিযানৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ঘটনাস্থলীত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী।

জানিব পৰা মতে সোমবাৰে সন্ধিয়া উধমপুৰ জিলাৰ মাজলতা তহচিলৰ ছুৱান গাঁৱৰ বনাঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হয়। ছ’চিয়েল মিডিয়াত এই কথা নিশ্চিত কৰিছে জম্মু ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শকে। তেওঁ উল্লেখ কৰা মতে ভাৰতীয় সেনা আৰু চি আৰ পি এফৰ যৌথ দলে বিশেষ অভিযান গোটৰ সৈতে এই অভিযান চলাই আছে।

অব্যাহত আছে অনুসন্ধান অভিযান

আৰক্ষী বিষয়াগৰাকীয়ে সামাজিক মাধ্যম যোগে জানিবলৈ দিয়া মতে আৰক্ষীৰ পৰা পোৱা সঠিক তথ্যৰ ভিত্তিত উধমপুৰৰ মাজলতা অঞ্চলৰ ছুৱান গাঁৱত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে। সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছতে সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া দলে তালাচী অভিযান আৰম্ভ কৰে।

সেই সময়তে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী বাহিনীৰ দলটোক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীয়েও গুলীচালনা কৰে আৰু দুয়োপক্ষৰ মাজত তীব্ৰ গুলীচালনা আৰম্ভ হয়। সম্প্ৰতি ঘটনাস্থলীত অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে।

অতিৰিক্ত বাহিনী মোতায়েন

সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঘটনাস্থলীলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰাৰ লগতে লুকাই থকা সন্ত্ৰাসবাদীয়ে পলায়ন কৰিব নোৱাৰাকৈ সকলো সম্ভাৱ্য পথ ছীল কৰি দিয়া হৈছে। আত্মগোপনকাৰী সন্ত্ৰাসবাদী যাতে কোনো মূল্যৰ বিনিময়ত পলায়ন কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তা বাহিনীয়ে চৌদিশে কঠোৰ সতৰ্কতামূলক ব্যৱস্থা অব্যাহত ৰাখিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...