Eid ul-Adha 2024: আজি ঈদ উল আজহা, এই ঈদত কিয় ছাগলী বলি দিয়া হয় জানেনে?

Eid-al-Adha 2024: আজি ঈদ উল আজহা । আজি অৰ্থাৎ ১৭ জুন সোমবাৰে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ উল আজহা । আৰৱী জিলহজ মাহৰ ১০ তাৰিখে পালন কৰা হয় ঈদ উল আজহা ।

Eid ul-Adha 2024: আজি ঈদ উল আজহা, এই ঈদত কিয় ছাগলী বলি দিয়া হয় জানেনে?

ঈদ উল আজহা ২০২৪

Updated On: 

17 Jun 2024 08:35 AM

আজি ঈদ উল আজহা । আজি অৰ্থাৎ ১৭ জুন সোমবাৰে সমগ্ৰ দেশতে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ঈদ উল আজহা । আৰৱী জিলহজ মাহৰ ১০ তাৰিখে পালন কৰা হয় ঈদ উল আজহা । প্ৰকাশিত তথ্য মতে, চৌদি আৰৱৰ লগতে আন একাংশ ৰাষ্ট্ৰত ভাৰততকৈ এদিন পূৰ্বে ঈদ উদযাপন হয় । ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মতে, আৰৱী মাহটো সম্পূৰ্ণ নিৰ্ভৰ কৰে জোনৰ ওপৰত । চৌদি আৰৱৰ দৰে একাংশ ৰাষ্ট্ৰত এদিন পূৰ্বেই জোন উদয় হোৱাত সেই দেশত আৰৱী মাহো এদিন পূৰ্বেই আৰম্ভ হয় ।

আৰৱী ঈদ শব্দৰ অৰ্থ হৈছে আনন্দ স্ফূৰ্তি । আনফালে আজহা শব্দৰ অৰ্থ হৈছে কোৰবাণী অৰ্থাৎ ত্যাগ । এক কথাত ঈদ উল আজহা মানেই ত্যাগৰ এক উৎসৱ । অৰ্থাৎ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধনাঢ্যসকলৰ ত্যাগৰ ফলত দুখীয়া দৰিদ্ৰসকলেও যাতে আনন্দ স্ফূৰ্তিত অংশগ্ৰহণ কৰিব পাৰে, তাৰেই যেন এক উৎসৱ হৈছে ঈদ উল আজহা । ঈদ উল আজহাক কোনো কোনোৱে কোৰবাণী ঈদ অথবা বকৰিদ বুলিও অভিহিত কৰি আহিছে ।

ইছলামিক গ্ৰন্থ হাদিছ শ্বৰীফৰ মতে, নৱী হজৰত ইব্ৰাহিম আলাইহি ওৱা চাল্লাতু ওৱা চাল্লামে মহান আল্লাহৰ সন্তুষ্টিৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি নিজৰ মৰমৰ সন্তানক কোৰবাণী কৰিবলৈ আগবাঢ়িছিল । কিন্তু সন্তানৰ পৰিৱৰ্তে কোৰবাণী হৈছিল এটা জন্তু । সেই সময়ৰ পৰাই ঈদ উল আজহাৰ উপলক্ষে পোহনীয়া উট, দুম্বা, ভেড়া, ছাগলী আদি জন্তু কুৰবাণী দিয়াৰ প্ৰথা আৰম্ভ হয় ।

কাউৰীক ৰুটি খাবলৈ দিলে কি হয় জানেনে?
বাৰে বাৰে ভোক লাগে নেকি? ইয়াৰ কাৰণ কি জানক...
ডেংগুত আক্ৰান্ত হ'লে কি কি লক্ষণে দেখা দিয়ে? চিকিৎসক জনালে সকলো...
শৰীৰত ফাইবাৰৰ অভাৱ হ'লে কি কি ৰোগ হ'ব পাৰে জানেনে? জানক...