প্ৰায় ৫৫৯০ কোটি টকা মূল্যৰ চিকিৎসালয় নিৰ্মাণ কেলেংকাৰী! পুনৰ আপ নেতাৰ বাসগৃহত চলিল ইডিৰ অভিযান

আপ নেতাগৰাকী চিকিৎসালয় নিৰ্মাণ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু এই গোচৰতে ইডিয়ে চলাইছে অভিযান। উত্থাপিত এই চিকিৎসালয় নিৰ্মাণ কেলেংকাৰীৰ মূল্য প্ৰায় ৫৫৯০ কোটি টকা বুলি প্ৰকাশ পাইছিল।

প্ৰায় ৫৫৯০ কোটি টকা মূল্যৰ চিকিৎসালয় নিৰ্মাণ কেলেংকাৰী! পুনৰ আপ নেতাৰ বাসগৃহত চলিল ইডিৰ অভিযান

আপ নেতাৰ বাসগৃহত ইডিৰ অভিযান

Updated On: 

26 Aug 2025 10:35 AM

সুৰা নীতিৰ কেলেংকাৰীৰ অভিযোগে দিল্লীৰ আপ চৰকাৰত তুলিছিল জোকাৰণি স্বয়ং মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, উপমুখ্যমন্ত্ৰী মনীষ চিছদিয়াৰ লগতে আন কেইজনমান আপ নেতাই খাটিবলগা হৈছিল কাৰাবাস এইবাৰ আন এক বৃহৎ বিত্তীয় কেলেংকাৰীৰ অভিযোগত আম আদমী পাৰ্টিৰ আন এগৰাকী নেতাৰ বাসগৃহত অভিযান চলাইছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে আজি পুৱা তদন্তকাৰী সংস্থাটোৱে আপ নেতা সৌৰভ ভৰদ্বাজৰ বাসগৃহত এই অভিযান চলায়।

আপ নেতাগৰাকী চিকিৎসালয় নিৰ্মাণ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰু এই গোচৰতে ইডিয়ে চলাইছে অভিযান সৌৰভ ভৰদ্বাজৰ বাসগৃহৰ লগতে চিকিৎসালয় নিৰ্মাণৰ সৈতে জড়িত কোম্পানীসমূহৰ মুঠ ১৩টা স্থানত ইডিয়ে এই অভিযান চলাইছে। উত্থাপিত এই চিকিৎসালয় নিৰ্মাণ কেলেংকাৰীৰ মূল্য প্ৰায় ৫৫৯০ কোটি টকা বুলি প্ৰকাশ পাইছিল।

২০১৮-১৯ বৰ্ষত দিল্লী চৰকাৰে ২৪খন চিকিৎসালয় নিৰ্মাণৰ বাবে ৫,৫৯০ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনায়। ৬ মাহৰ সময়সীমাৰ ভিতৰত এই আই চি ইউ হাস্পতালখন নিৰ্মাণ কৰিব লাগিছিল যদিও ৩ বছৰৰ পাছতো কাম আধৰুৱা হৈ থাকিল। এনে বহু প্ৰকল্পৰ বিৰুদ্ধে গুৰুতৰ অনিয়মৰ অভিযোগ উত্থাপন হৈছে। ৮০০ কোটি টকা খৰছৰ পিছতো কামৰ মাত্ৰ ৫০% সম্পূৰ্ণ হোৱাৰ অভিযোগ উঠিছে।

আপ নেতা সৌৰভ ভৰদ্বাজ

কোনো সুনিৰ্দিষ্ট অগ্ৰগতি নোহোৱাকৈয়ে লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হাস্পতালৰ ব্যয় ৪৮৮ কোটিৰ পৰা ১১৩৫ কোটিলৈ বৃদ্ধি পোৱা বুলিও উত্থাপন হৈছে অভিযোগ। আনহাতে বহু স্থানত অনুমোদন নোপোৱাকৈয়ে নিৰ্মাণৰ কাম আৰম্ভ হোৱাত ঠিকাদাৰৰ ভূমিকা সন্দেহজনক বিবেচিত হোৱাত তদন্তৰ আওতালৈ আহিছে

ইফালে ২০১৬ চনৰ পৰা চিকিৎসালয় তথ্য ব্যৱস্থাপনা ব্যৱস্থা (HIMS) বিচাৰাধীন হৈ আছে আৰু এয়া ইচ্ছাকৃতভাৱে পলম কৰা বুলিও অভিযোগ উঠিছে। দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈন এই গোচৰত অন্যতম প্ৰধান অভিযুক্ত। এই সন্দৰ্ভত ইডিয়ে Enforcement Case Information Report (ECIR) দাখিল কৰিছিল।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা জুন মাহত দুৰ্নীতি বিৰোধী শাখাক চিকিৎসালয় প্ৰকল্পৰ কথিত কেলেংকাৰী সন্দৰ্ভত তদন্তৰ অনুমতি দিছিল। দুৰ্নীতি প্ৰতিৰোধ আইনৰ অধীনত আপ নেতাদ্বয় তথা দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী সৌৰভ ভৰদ্বাজ আৰু সত্যেন্দ্ৰ জৈনৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে। বিগত বৰ্ষৰ আগষ্ট মাহত বিজেপি নেতা বিজেন্দ্ৰ গুপ্তাই এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল

নিশা আহিব গভীৰ টোপনি, ঘৰতে থকা এইবিধ সামগ্ৰীয়ে দূৰ কৰিব অনিদ্ৰাৰ সমস্যা
৫০০ বছৰ পাছত গণেশ চতুৰ্থীত বিৰল সংযোগ! ভাল দিন আহিব এইসকল লোকৰ...
ডাঙৰ সংযোগ! গণেশ চতুৰ্থীত এই ৰাশিৰ লোকে লাভ কৰিব গণপতিৰ আশীৰ্বাদ...
ভগৱান গণেশৰ আছিল দুগৰাকী পত্নী, পিছে তেওঁৰ শহুৰেকৰ নাম কি আছিল জানেনে?