ৰাহুল গান্ধীৰ দাবী বিভ্ৰান্তিকৰ…ভোটাৰ তালিকা সন্দৰ্ভত অভিযোগ অস্বীকাৰ নিৰ্বাচন আয়োগৰ, বিচাৰিলে প্ৰমাণ

ভোটাৰ তালিকাক লৈ হেতালি খেলা বুলি ৰাহুল গান্ধীয়ে তোলা অভিযোগক নিৰ্বাচন আয়োগে “বিভ্ৰান্তিকৰ” বুলি অভিহিত কৰিছে। কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াৰ বিবৃতিৰ জৰিয়তে ছ’চিয়েল মিডিয়াত আয়োগে এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গান্ধীক অভিযোগ কৰা অমিলৰ বিষয়ে বিতংভাৱে শপতনামা দাখিল কৰিবলৈ অনুৰোধ জনাইছে।

ৰাহুল গান্ধীৰ দাবী বিভ্ৰান্তিকৰ...ভোটাৰ তালিকা সন্দৰ্ভত অভিযোগ অস্বীকাৰ নিৰ্বাচন আয়োগৰ, বিচাৰিলে প্ৰমাণ

ৰাহুলক প্ৰত্যুত্তৰ নিৰ্বাচন আয়োগৰ

Updated On: 

07 Aug 2025 | 08:25 PM

কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে ভোটাৰ তালিকাত হেতালি খেলা বুলি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তোলা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আয়োগে। নিৰ্বাচন আয়োগে ছ’চিয়েল চাইট এক্সত এক বিবৃতি প্ৰকাশ কৰি এই বক্তব্য বিভ্ৰান্তিকৰ বুলি কয়। ইয়াৰ লগতে কৰ্ণাটকৰ মুখ্য নিৰ্বাচনী বিষয়াৰ বিবৃতিও পোষ্ট কৰা হৈছে। য’ত ৰাহুল গান্ধীক স্বাক্ষৰিত ঘোষণাপত্ৰ দাখিল কৰিবলৈ কোৱা হৈছে, যাতে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।

বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনী তালিকাত ভোটাৰৰ নাম ভুলকৈ অন্তৰ্ভুক্ত কৰা বা বাদ দিয়া বুলি দাবী কৰিছিল। ভাৰতৰ নিৰ্বাচন আয়োগে কয় যে ৰাহুল গান্ধীয়ে হয় নিৰ্বাচন পৰিচালনাৰ নিয়মৰ অধীনত আনুষ্ঠানিক ঘোষণাপত্ৰ দাখিল কৰিব লাগিব, য’ত কথিত বিজুতিৰ কথা উল্লেখ কৰিব লাগিব, নহয় জনসাধাৰণক “বিভ্ৰান্ত” কৰা আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে “ভিত্তিহীন অভিযোগ উত্থাপন” কৰা বন্ধ কৰিব লাগিব।

দিল্লীত সংবাদমেলৰ অন্তত ৰাহুল গান্ধীলৈ লিখা এখন পত্ৰত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয়, “আপুনি ভোটাৰ তালিকাত অযোগ্য ভোটাৰক অন্তৰ্ভুক্ত কৰা আৰু যোগ্য ভোটাৰক বাদ দিয়াৰ কথা কৈছিল…”

মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ৰাহুল গান্ধীক অনুৰোধ কৰিছিল যে- “নিৰ্বাচক পঞ্জীয়ন নিয়ম, ১৯৬০ৰ নিয়ম ২০(৩)(খ)ৰ অধীনত সংলগ্ন ঘোষণা/শপতনামাত স্বাক্ষৰ কৰক আৰু সেই শপতনামাত তেনে ভোটাৰৰ নামৰ সৈতে ঘূৰাই দিয়ক যাতে প্ৰয়োজনীয় কাৰ্যবিধি আৰম্ভ হ’ব পাৰে।”

কৰ্ণাটকত ব্যাপক প্ৰৱঞ্চনাৰ অভিযোগ

ৰাহুল গান্ধীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মহাদেৱপুৰা বিধানসভা সমষ্টিত ১,০০,২৫০ টা ভোটৰ “ভোট চুৰি”ৰ অভিযোগ উত্থাপন কৰিছিল। গান্ধীয়ে কয় যে কৰ্ণাটকত কংগ্ৰেছে ১৬খন আসন লাভ কৰাৰ আশা কৰিছিল যদিও মাত্ৰ ৯খন আসনহে লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছত দলটোৱে নিজৰ পৰাজয়ৰ পৰ্যালোচনা কৰি মহাদেৱপুৰাত গুৰুত্ব আৰোপ কৰে, য’ত ভোটাৰৰ গুৰুতৰ বিসংগতি পোৱা যায়। ‘‘এই বিসংগতিটো এক বৃহৎ ভাৰসাম্যহীনতা… আমি গম পালোঁ যে মহাদেৱপুৰা বিধানসভা সমষ্টিত প্ৰায় ১,০০,২৫০ ভোট চুৰি হৈছে।’’ ৰাহুলে কয়।

গান্ধীয়ে তেওঁৰ বক্তব্যৰ সমৰ্থনত লাইভ প্ৰেজেণ্টেশ্যনেৰে ভুৱা আৰু ডুপ্লিকেট ভোটাৰৰ উদাহৰণ দেখুৱাইছিল। তেওঁ কয়, ‘‘এয়া নিৰ্বাচন আয়োগৰ তথ্য, আৰু নিৰ্বাচন আয়োগে কৈছে যে তেওঁলোকে মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰিছে। এটা বিধানসভা সমষ্টিত এক লাখ ভুৱা ভোটাৰ আছে… এই প্ৰমাণ একেবাৰে স্পষ্ট।’‘

নিৰ্বাচন আয়োগৰ ওপৰত ৰাহুল গান্ধীৰ ডাঙৰ অভিযোগ

দেশজুৰি জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, “আমি নিশ্চিত যে এই অপৰাধ সমগ্ৰ দেশতে বৃহৎ পৰিসৰত সংঘটিত হৈছে। নিৰ্বাচন আয়োগে প্ৰমাণ ধ্বংস কৰাৰ চেষ্টা কৰিছে।”

ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগক কয়, “ইয়াক শপত হিচাপে লওক।” নিৰ্বাচন আয়োগৰ স্বাক্ষৰিত ইস্তাহাৰৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে কয়, “মই এজন ৰাজনীতিবিদ, ৰাইজক যি কওঁ মোৰ কথা। মই ৰাজহুৱাভাৱে ৰাইজৰ আগত এই কথা কৈছো, শপত হিচাপে লওক।” তেওঁ আৰু কয়, “আমোদজনক কথাটো হ’ল তেওঁলোকে এই তথ্য অস্বীকাৰ কৰা নাই… তেওঁলোকে সত্যটো জানে। আমি জানো যে আপুনি (নিৰ্বাচন আয়োগে) সমগ্ৰ দেশতে এই কাম কৰিছে।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...