কোন হ’ব ধনখড়ৰ উত্তৰাধিকাৰী! উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা

ধনখড়ৰ উত্তৰাধিকাৰী হিচাপে কোন দেশৰ উপ-ৰাষ্ট্ৰপতিৰ আসনত বহিব, সেয়া জানিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে সকলোৱে। তাৰ মাজতে প্ৰকাশ পাইছে নিৰ্বাচন আয়োগৰ এক অধিসূচনা।

কোন হ’ব ধনখড়ৰ উত্তৰাধিকাৰী! উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা

কোন হ’ব ধনখড়ৰ উত্তৰাধিকাৰী

Published: 

31 Jul 2025 21:23 PM

জগদীপ ধনখড়ৰ আকস্মিক পদত্যাগৰ পিছত এতিয়াও খালী হৈ আছে দেশৰ উপৰাষ্ট্ৰপতিৰ পদ ধনখড়ৰ উত্তৰাধিকাৰী হিচাপে কোন দেশৰ উপৰাষ্ট্ৰপতিৰ আসনত বহিব, সেয়া জানিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে সকলোৱে তাৰ মাজতে প্ৰকাশ পাইছে নিৰ্বাচন আয়োগৰ এক অধিসূচনা এই অধিসূচনাৰ পিছত উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে এতিয়া অপেক্ষা মাত্ৰ তাৰিখ ঘোষণা কৰাৰ সময়লৈ। এক কথাত দেশৰ নিৰ্বাচন আয়োগ জগদীপ ধনখড়ৰ উত্তৰাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত পলম কৰিবলৈ অলপো ইচ্ছুক নহয়।

নিৰ্বাচন আয়োগে এক অধিসূচনা জাৰি কৰি চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনী প্ৰস্তুতিৰ কথা ঘোষণা কৰে। এই অধিসূচনা প্ৰকাশৰ পিছত এতিয়া অতি শীঘ্ৰেই উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা বুলি অনুমান কৰা হৈছে। ইতিমধ্যে এই নির্বাচনত ভোটদান কৰা সকলৰ নামৰ তালিকাৰ কাম সম্পূর্ণ হৈ পৰিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে যোৱা ২১ জুলাইত হঠাতে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল জগদীপ ধনখড়ে। নিশাৰ ভাগত ধনখড়ে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হৈ পদত্যাগ পত্ৰ দাখিল কৰিছিল। নিজ পদত্যাগ পত্ৰত জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰিছিল

তাৰ পিছতো অৱশ্যে উপৰাষ্ট্ৰপতি পদৰ পৰা জগদীপ ধনখড়ৰ পদত্যাগ সন্দৰ্ভত শাসকীয় বিজেপি নেতৃত্বধীন চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছিল বিৰোধীয়ে তাৰ মাজতে নিৰ্বাচন আয়োগে নতুন উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কামত মনোনিৱেশ কৰিছে।

লক্ষণীয়ভাৱে সংবিধানৰ ৬৮ (২) অনুচ্ছেদ অনুসৰি যদি কোনো কাৰণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ কৰে, তেতিয়া এই পদ পূৰণৰ বাবে অতি সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। এই নতুন উপৰাষ্ট্ৰপতিগৰাকীয়ে আগন্তুক পাঁচ বছৰ এই পদত কাৰ্যনিৰ্বাহ কৰিব। উপৰাষ্ট্ৰপতি পদত অস্থায়ীভাৱে নিযুক্তি দিব নোৱাৰি সেইবাবেই আয়োগ নিৰ্বাচনৰ বাবে অধিক সক্ৰিয় হৈ পৰিছে।

হাওঁফাওঁৰ কৰ্কট ৰোগৰ এই প্ৰাৰম্ভিক লক্ষণসমূহক আওকাণ নকৰিব, আগতীয়াকৈ ধৰা পেলালে জীৱন ৰক্ষা কৰিব পাৰি
অভেলত চিৰাজৰ চমক, ইংৰাজ বাহিনীক শলঠেকত পেলাই অৰ্জন কৰিলে ‘দ্বিশতক’
বিবাহৰ পূৰ্বে সংগীক সোধক এই ৫টা প্ৰশ্ন, নহ'লে সৰ্বনাশ!
শৃংখলা হেৰুৱাব নেকি ভাৰতে! অভেলৰ পৰা আহিছে ভাৰতৰ জয়ৰ আশা ভংগ কৰা খবৰ!