ড্ৰাগছ খাবলৈ ২০ টকা নিদিয়াৰ বাবেই মাতৃক নিৰ্মমভাৱে হত্যা পুত্ৰৰ! তাৰ পিছত মৃতদেহৰ কাষতে…

মাতৃক হত্যা কৰাৰ পিছত গোটেই নিশা একেটা ঘৰতে শুই থাকিল অভিযুক্ত পুত্ৰ। ইয়াৰ পিছত পিছদিনা মহিলাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। লগে লগে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়।

ড্ৰাগছ খাবলৈ ২০ টকা নিদিয়াৰ বাবেই মাতৃক নিৰ্মমভাৱে হত্যা পুত্ৰৰ! তাৰ পিছত মৃতদেহৰ কাষতে...

প্ৰতীকি ফটো

Published: 

21 Jul 2025 13:12 PM

কিমান ভয়ংকৰ হ’ব পাৰে নিচাৰ আসক্তি। যাৰ বাবে এজন নিচাসক্তই কাকোৱে চিনিব নোৱাৰা হৈ যায়। সেইসময়তে সংঘটিত হয় ভয়ংকৰ অপৰাধ।  হাৰিয়ানাৰ নুহ জিলাৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। য’ত ২০ টকাৰ বাবে নিজৰ মাতৃক নিৰ্মমভাৱে হত্যা কৰে ড্ৰাগছ আসক্ত পুত্ৰই । মাকক হত্যা কৰাৰ পিছত গোটেই নিশা সেই ঘৰটোৱে শুই থাকিল পুত্ৰই। ঘটনাটো গ’ম পোৱাৰ পিছত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। খবৰ পোৱাৰ লগে লগে আৰক্ষীও সেই স্থানত উপস্থিত হয়। আৰক্ষীয়ে অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰে। লগতে মাতৃৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়ে।

নুহ জিলাৰ জয়িংহপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। পুত্ৰ জামছেদে কুঠাৰেৰে কাটি হত্যা কৰে মাতৃক। ইয়াৰ পিছত অভিযুক্ত পুত্ৰই গোটেই ৰাতি একেটা ঘৰতে মাতৃৰ সৈতে শুই থাকিল। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত ড্ৰাগছ আসক্ত পুত্ৰই শনিবাৰে নিশা মাতৃ ৰাজিয়া (৫৬)ক ড্ৰাগছৰ বাবে ২০ টকা বিচাৰিছিল যদিও মাতৃগৰাকীয়ে ধন দিবলৈ অস্বীকাৰ কৰিছিল। এই কথাত ক্ষুব্ধ হৈ পুত্ৰই কুঠাৰেৰে মাকক হত্যা কৰিলে। ৪ মাহ পূৰ্বে মৃত্যু হৈছিল অভিযুক্তৰ পিতৃ মুবাৰকৰ।

মাতৃক হত্যা কৰাৰ পিছত  গোটেই নিশা একেটা ঘৰতে শুই থাকিল অভিযুক্ত জামছেদ। ইয়াৰ পিছত পিছদিনা মহিলাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। লগে লগে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়। তাৰ পিছতে আৰক্ষী আৰু এফ এছ এলৰ দল জয়সিংহপুৰ গাঁৱত উপস্থিত হয়।  তেজেৰে লুটুৰী-পতুৰী হৈ থকা অৱস্থা  মহিলাগৰাকীৰ মৃতদেহ কোঠাটোত পৰি থকা প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। লগতে  মৃতদেহৰ কাষতে  পৰি আছিল হত্যাকাণ্ডত ব্যৱহাৰ কৰা কুঠাৰখন।

অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ

তাৰ পিছত মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ হাতত গতাই দিয়ে আৰক্ষীয়ে। ইফালে অভিযুক্ত পুত্ৰক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তদন্তত পুত্ৰজন ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে। বহু দিনৰ পৰা তেওঁ গাঞ্জা আৰু আফিং সেৱন কৰি আহিছে।

শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে বাধা, কিন্তু কেনেকৈ?
পত্নী বা প্ৰেমিকাৰ এনে কু-অভ্যাসে ৰসাতলে নিব পাৰে পৰিয়ালক, চাণক্যৰ নীতিয়ে কৰি গৈছে উল্লেখ
নিম্ন ৰক্তচাপৰ ৰোগীয়ে কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব ?
উজ্জ্বল ছালৰ বাবে এইদৰে ব্যৱহাৰ কৰক এলোভেৰা