ভাৰততে আছে এনে এক মন্দিৰ, যিটো উৎসৰ্গিত মহাভাৰতৰ খলনায়ক শকুনি মামাৰ নামত
মন্দিৰ বুলিলে আমাৰ সাধাৰণ ধাৰণা হৈছে ইয়াত ভগৱানক পূজা কৰা হয়। কিন্তু এই বিশেষ মন্দিৰটোৰ বিষয়ে জানিলে আপোনাৰ ধাৰণা কিছু সলনি হ'ব। কাৰণ ইয়াত যাক পূজা কৰা হয়, বা যাৰ বাবে এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল, তেওঁ কোনো ভগৱান নহয়।

মায়ামকোট্টু মালানচেৰুভু মালানাডা মন্দিৰ
বিভিন্ন মঠ-মন্দিৰৰ দেশ আমাৰ এই পুণ্য় ভাৰত ভূমি। ৫১ খন শক্তিপীঠৰ উপৰিও আমাৰ দেশৰ ভিন্ন প্ৰান্তত সৰু-বৰ অসংখ্য মন্দিৰ আছে। সকলো মন্দিৰেই হৈছে ধৰ্মীয় উপাসনাৰ থল। মানুহৰ আস্থা-বিশ্বাস আৰু ভক্তিৰ আৱেগ জড়িত হৈ থাকে এই মন্দিৰসমূহৰ সৈতে। আজি আমি এনে এক মন্দিৰৰ বিষয়ে আপোনালোকক জনাম, যি মন্দিৰৰ বিষয়ে খুব কম সংখ্যক মানুহহে জ্ঞাত।
মন্দিৰ বুলিলে আমাৰ সাধাৰণ ধাৰণা হৈছে ইয়াত ভগৱানক পূজা কৰা হয়। কিন্তু এই বিশেষ মন্দিৰটোৰ বিষয়ে জানিলে আপোনাৰ ধাৰণা কিছু সলনি হ’ব। কাৰণ ইয়াত যাক পূজা কৰা হয়, বা যাৰ বাবে এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল, তেওঁ কোনো ভগৱান নহয়। ভাৰতৰ পৌৰাণিক ইতিহাসত তেওঁৰ নাম খলনায়ক হিচাপেই খোদিত হৈ আছে।
মহাভাৰত, ভাৰতৰ দুখন মহাকাব্যৰ অন্যতম। মহৰ্ষি ব্যাসে ৰচনা কৰিছিল মহাভাৰত। কৌৰৱ আৰু পাণ্ডৱৰ আখ্যান সমৃদ্ধ মহাভাৰত হিন্দুসকলৰ অন্যতম আৰাধ্য মহাকাব্য। এই মহাভাৰতৰে এটা বিশেষ চৰিত্ৰ হৈছে শকুনি। গান্ধাৰৰ ৰজা সুবলৰ কনিষ্ঠ পুত্ৰ তথা দুৰ্যোধনৰ মোমায়েক শকুনি। যাক মহাভাৰতৰ খলনায়ক বুলি কোৱা হয়। কাৰণ শকুনিৰ চক্ৰান্ততেই ধ্বংস হৈছিল কুৰুকুল।
কুৰুকুলৰ যুৱৰাজ দুৰ্যোধনৰ মন্ত্ৰণাদাতা আছিল শকুনি। সেই শকুনিয়েই নিজৰ প্ৰতিশোধ পূৰণৰ বাবে দুৰ্যোধনক কুমন্ত্ৰণাৰে পৰিচালনা কৰি সমগ্ৰ কৌৰৱ বংশ বিনাশ কৰিছিল বুলি কোৱা হয়। শকুনিৰ কাহিনী অলপ পিছলৈ থওঁ, এতিয়া পুনৰ সেই মন্দিৰৰ কথালৈ আহোঁ। শকুনিৰ বিষয় অৱতাৰণা কৰাৰ কাৰণ এই মন্দিৰৰ সৈতে জড়িত আছে শকুনিৰ নাম।
দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাৰ পৱিত্ৰেশ্বৰম (পূৰ্বৰ নাম পাকুথেশ্বৰম)ত আছে এটা বিশেষ মন্দিৰ। এই মন্দিৰক জনা যায়, মায়ামকোট্টু মালানচেৰুভু মালানাডা নামেৰে। কেৰালাৰ কোলাম জিলাৰ কোট্টাৰাক্কাৰ সমীপৰ পৱিত্ৰেশ্বৰমত থকা এই মন্দিৰক শকুনি মামাৰ মন্দিৰ বুলি জনা যায়।
লোককথা অনুসৰি শকুনিয়ে এই স্থানত ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ তপস্যা কৰিছিল, আৰু পৰৱৰ্তী সময়ত মোক্ষ লাভ কৰিছিল। কেৰালাক ভগৱানৰ দেশ বুলি কোৱা হয় আৰু ইয়াতেই শকুনিৰ মন্দিৰ থকাটো আচৰিত কথা নহয়নে?
আমোদজনক কথাটো হ’ল, মন্দিৰত স্থাপন কৰা এটা গ্ৰেনাইট শিল শকুনিয়ে নিজৰ তপস্যাৰ বাবে ব্যৱহাৰ কৰা আসন বুলি বিশ্বাস কৰা হয়। লোককথাৰ পৰাও অনুমান কৰিব পাৰি যে কৌৰৱসকলে এই ঠাইতে নিজৰ অস্ত্ৰ-শস্ত্ৰ নিজৰ মাজতে বিভক্ত কৰিছিল। পাণ্ডৱৰ সন্ধানত মাইলৰ পিছত মাইল যাত্ৰা কৰি তেওঁলোকে ইয়াত আশ্ৰয় লৈছিল।
আন এটা কুটিল বিশ্বাস হ’ল যে এটা সম্প্ৰদায়ে নিজকে কৌৰৱৰ বংশধৰ বুলি দাবী কৰে। তেওঁলোকে শকুনিৰ দৃঢ়তা, অধ্যৱসায় আৰু লক্ষ্যৰ প্ৰতি থকা আবেগক পূজা কৰে। অনভিজ্ঞসকলৰ বাবে শকুনিৰ বিষয়ে জানিবলগীয়া সকলো কথা ইয়াত উল্লেখ কৰা হৈছে।
এতিয়া কিছু শকুনিৰ কথা কওঁ
গান্ধাৰৰাজ সুবল জীয়াৰী গান্ধাৰীক বিয়া দিয়া হৈছিল কৌৰৱৰ ৰজা ধৃতৰাষ্ট্ৰলৈ। পিতামহ ভীষ্মই গান্ধাৰীক ধৃতৰাষ্ট্ৰৰ বাবে লৈ আহিছিল বুলি বিশ্বাস কৰা হয়। অন্ধ্ৰ ধৃতৰাষ্ট্ৰ পথ অনুসৰণ কৰি চকুত কাপোৰ বান্ধি ৰাখিছিল গান্ধাৰীয়ে।
শকুনিৰ প্ৰতিজ্ঞা সন্দৰ্ভত কেবাটাও কাহিনী পোৱা যায়। একাংশৰ মতে, মাংগলিক গান্ধাৰীক প্ৰথমে এটা ছাগলীৰ সৈতে বিয়া দিয়া হৈছিল। এই কথা গম পোৱাৰ পিছত অপমান বোধ কৰি ধৃতৰাষ্ট্ৰই সুবল ৰজা আৰু তেওঁৰ এশ পুত্ৰক পোতাশালত বন্দী কৰি থয়। তেওঁলোকক যিমান পৰিমানৰ খাদ্য দিয়া হৈছিল, সেয়াই এজনকো ভালকৈ নোজোৰে। সুবল ৰজা আৰু তেওঁ ৯৯ গৰাকী পুত্ৰই সেই খাদ্য শকুনিক খুৱাইছিল।
তেনেকৈয়ে অনাহাৰে থাকি তিলতিলকৈ মৃত্যুবৰণ কৰিছিল শকুনি ৯৯ ভাতৃয়ে। মৃত্যুৰ পূৰ্বে পিতা সুবল ৰজাই শকুনিক এই অপমানৰ প্ৰতিশোধ ল’বলৈ কৈছিল আৰু শকুনিয়ে যাতে এই কথা পাহৰি নাযায়, তাৰ বাবে শকুনিৰ ভৰিত আঘাত কৰি চিৰদিনৰ বাবে ঘূণীয়া কৰি দিছিল। দেউতাকৰ আদেশ মানি শকুনিয়ে সুবল ৰজাৰ বাউসীৰ হাঁড়েৰে দুটা পাশা গুটি নিৰ্মাণ কৰিছিল আৰু সেয়াই আছিল শকুনিৰ কূটনীতিৰ অমোঘ অস্ত্ৰ।
আন এক প্ৰচলিত কাহিনী অনুসৰি, গান্ধাৰীক অন্ধ্ৰ ধৃতৰাষ্ট্ৰলৈ বিয়া দিয়াত অধিক দুঃখিত হৈ পৰিছিল শকুনি। সেয়ে চোকা অস্ত্ৰৰে নিজৰ ভৰিত আঘাত কৰি তেওঁ চিৰদিনৰ বাবে ঘূণীয়া হৈ পৰিছিল। এই আঘাতে তেওঁক প্ৰতিনিয়ত প্ৰতিশোধৰ বাবে অনুপ্ৰাণিত কৰিছিল।
যেতিয়া শকুনিক পোতাশালৰ পৰা উলিয়াই অনা হয়, তেতিয়া শকুনিয়ে নিজৰ চল-চাতুৰীৰে কৌৰৱৰ প্ৰিয় ভাজন হৈ পৰে। বিশেষকৈ তেওঁ যুৱৰাজ দুৰ্যোধনৰ অতি কাষ চাপে। ভীমৰ খাদ্যত বিষ মিহলোৱাৰ পৰা জতুগৃহত জুই দিয়ালৈকে বিভিন্ন কুমন্ত্ৰণা দি দুৰ্যোধনক পাণ্ডৱৰ বিৰুদ্ধে উচতনি দিছিল শকুনিয়ে। দুৰ্যোধন ৰজা হোৱাটো তেওঁ মনে-প্ৰাণে বিচৰা যেন দেখুৱাইছিল যদিও ভিতৰি আছিল প্ৰতিশোধ আৰু ধ্বংসৰ জ্বালা।
ৰাজসভাত পাশা খেলৰ মাজত চল কৰি দ্ৰৌপদীক বস্ত্ৰহৰণ কৰোৱাৰ আঁৰতো আছিল শকুনিৰেই মন্ত্ৰণা। কুৰুক্ষেত্ৰ যুদ্ধৰ অন্যতম কাৰণ আছিল শকুনি। সহদেৱৰ সৈতে যুদ্ধৰ সময়ত শকুনিয়ে নিজৰ সমস্ত কাৰ্যৰ উদ্দেশ্যৰ কথা স্বীকাৰ কৰিছিল। শেষত সহদেৱে শকুনিক হত্যা কৰি নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিছিল।
পাপৰি কবি গণেশ গগৈৰ দ্বাৰা ৰচিত শকুনিৰ প্ৰতিশোধত উল্লেখ থকা মতে, শ্ৰীকৃষ্ণৰ সমুখতো শকুনিয়ে স্বীকাৰ কৰিছিল এই প্ৰতিশোধৰ আঁৰৰ সত্য। ভাৰতত শকুনিক খলনায়ক হিচাপেই মানুহে জানে। কিন্তু কেৰালাৰ এই মন্দিৰটো শকুনিৰ নামতেই সমৰ্পিত।