প্ৰেমত দিছিল বাধা! পিতৃৰ সৈতে ভয়ংকৰ কাণ্ড নিজ কন্যাৰ…

আৰক্ষীয়ে প্ৰথমে প্ৰেমিকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ তথ্যৰ ভিত্তিত মাতৃ আৰু কন্যাকো জিম্মাত লোৱা হয়। সম্প্ৰতি তিনিওজন অভিযুক্ত আৰক্ষীৰ ৰিমাণ্ডত আছে । আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

প্ৰেমত দিছিল বাধা! পিতৃৰ সৈতে ভয়ংকৰ কাণ্ড নিজ কন্যাৰ...

প্ৰতীকি ফটো

Updated On: 

08 Jan 2026 | 09:53 AM

এক নৃশংস হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ। ২৮ ডিচেম্বৰত নৃশংসভাৱে হত্যা কৰা হৈছিল এজন ধাবাৰ মালিকক । এতিয়া এই ঘটনা সন্দৰ্ভত এক চাঞ্চল্যকৰ প্ৰকাশ কৰিছে আৰক্ষীয়ে। তদন্তত পোহৰলৈ আহিছে যে, এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল মৃতকৰ কন্যা আৰু মাতৃয়ে। কন্যাৰ প্ৰেমিকক ব্যৱহাৰ কৰি অপৰাধ সংঘটিত কৰা হয়।

আৰক্ষীয়ে প্ৰথমে প্ৰেমিকক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ তথ্যৰ ভিত্তিত মাতৃ আৰু কন্যাকো জিম্মাত লোৱা হয়। সম্প্ৰতি তিনিওজন অভিযুক্ত আৰক্ষীৰ ৰিমাণ্ডত আছে । আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। হাৰিয়ানাৰ ৰোহটক জিলাত অৱস্থিত হাসংগড় গাঁৱৰ ঘটনা এয়া।

জানিব পৰা মতে, মৃত লোকজনৰ নাম গুলাব সিং। তেওঁৰ বয়স ৫০ বছৰ বুলি কোৱা হৈছে। হাসংগড় গাঁৱৰ ওচৰতে তেওঁ এখন ধাবা চলাইছিল। ২৮ ডিচেম্বৰত পুৱা ২ বজাত ধাবাৰ পৰা বাইকেৰে ঘৰলৈ উভতি আহিছিল গুলাব সিং। সেই সময়তে অচিনাক্ত আক্ৰমণকাৰীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে তেওঁক। মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে ছাম্পলা আৰক্ষীয়ে অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছে যে, গুলাব সিঙে নিজৰ ঘৰৰ সমীপৰ এটা প্লটত কোঠা বনাই ভাড়াত দিছিল। উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ চন্দনপুৰ গাঁৱৰ বাসিন্দা মালক গৌতম ওৰফে ৰকিয়ে এই ভাড়াৰ কোঠাত বাস কৰি আহিছিল। যোৱা চাৰি মাহ ধৰি হাসংগড়ৰ এটা গুদামত কাম কৰি আছিল ৰকিয়ে। আৰক্ষীয়ে এইটোও জানিব পাৰিছে যে প্ৰায় এমাহ পূৰ্বে গুলাব সিং হত্যাকাণ্ডৰ পিছৰে পৰা ৰকি পলাতক হৈ আছিল। যাৰ ফলত আৰু অধিক বৃদ্ধি পাইছিল আৰক্ষীৰ সন্দেহ।

যেতিয়া আৰক্ষীয়ে ৰকিৰ মোবাইল ফোন কলৰ সবিশেষ পৰীক্ষা কৰিলে, তেতিয়াই আচৰিত ধৰণৰ তথ্য পোহৰলৈ আহিল। ৰেকৰ্ডত প্ৰকাশ পাইছে যে গুলাব সিঙৰ কন্যা খুছবু আৰু পত্নী ঋতুৰ সৈতে ৰকীৰ অহৰহ যোগাযোগ আছিল। ইয়াৰ পিছতে শোণিত জিলাৰ খাৰখোড়া অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ৰিমাণ্ডত জেৰাৰ সময়ত তেওঁ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে।

ৰকীৰ এই স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে গুলাব সিঙৰ পত্নী আৰু কন্যাক হত্যাকাণ্ড সংঘটিত কৰাৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। আৰক্ষী বিষয়াই উল্লেখ কৰা মতে কন্যাই জেৰাৰ সময়ত ভাড়া দিয়াৰ অজুহাতত ৰকী তেওঁলোকৰ ঘৰলৈ অহা বুলি স্বীকাৰ কৰে। তাৰ পিছত তেওঁলোকৰ চিনাকি হয় আৰু ফোনত কথা পতা আৰম্ভ কৰে। এদিন গুলাব সিঙে তেওঁলোকক ফোনত কথা পাতি থকা অৱস্থাত ধৰি কন্যাক ধমক দিলে, লগতে ৰকীক কঠোৰ সতৰ্কবাণী প্ৰদান কৰে।

ইফালে গুলাবৰ পত্নীয়ে আৰক্ষীক জনোৱা মতে,  স্বামীয়ে তেওঁক আৰু তেওঁৰ কন্যাক সঘনাই আক্ৰমণ কৰিছিল, যাৰ ফলত তেওঁলোকে অশান্তি পাইছিল। এই পাৰিবাৰিক সংঘাত আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে তিনিওজনে গুলাব সিঙৰ হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰে। হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য প্ৰমাণ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ