৯টা সন্ত্ৰাসবাদী লঞ্চ পেড, ১০০ সন্ত্ৰাসবাদী… অপাৰেচন সেন্দূৰৰ খতিয়ান দিলে ভাৰতীয় সেনাই
আজি এক সংবাদমেল যোগে ভাৰতীয় সেনাৰ DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। সেনা বিষয়াগৰাকীয়ে সদৰী কৰা মতে, ভাৰতীয় সেনাৰ এই অভিযানত বহুকেইজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে।

অপাৰেচন সেন্দূৰে লাভ কৰিলে ব্যাপক সফলতা
যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে গ্ৰহণ কৰিছিল প্ৰত্যাক্ৰমণৰ পদক্ষেপ। পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী লঞ্চ পেডক লক্ষ্য কৰি অপাৰেচন সেন্দূৰৰ অধীনত ভাৰতে চলাইছিল নিখুঁত বিমান আক্ৰমণ। আজি এক সংবাদমেল যোগে ভাৰতীয় সেনাৰ DGMO লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে অপাৰেচন সেন্দূৰ সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। সেনা বিষয়াগৰাকীয়ে সদৰী কৰা মতে, ভাৰতীয় সেনাৰ এই অভিযানত বহুকেইজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নিহত হৈছে।
ভাৰতীয় বায়ুসেনাৰ অভিযান নিখুঁত আৰু সম্পূৰ্ণ পৰিকল্পিত আছিল বুলি সংবাদমেলত ৰাজীৱ ঘাইয়ে উল্লেখ কৰে। লেফটেনেণ্ট জেনেৰেল ঘাইয়ে কয় যে ২২ এপ্ৰিলত ২৬ জন নিৰীহ সাধাৰণ নাগৰিকক যি নিষ্ঠুৰতাৰে হত্যা কৰা হৈছিল সেই বিষয়ে আপোনালোক সকলোৱে জানে। শেহতীয়াকৈ দেশৰ জোৱান আৰু সাধাৰণ নাগৰিকৰ ওপৰত সংঘটিত আক্রমণে স্পষ্ট কৰি দিছে যে ভাৰতে এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন এক শক্তিশালী বাৰ্তা দিব লাগিব।
তেওঁ কয় যে অপাৰেচন সেন্দূৰৰ লক্ষ্য আছিল সন্ত্ৰাসবাদৰ মাষ্টাৰমাইণ্ড আৰু তেওঁলোকৰ আন্তঃগাঁথনি ধ্বংস কৰা। ভাৰতৰ বাৰ্তা স্পষ্ট যে এতিয়া কেৱল বক্তব্যই নহয় সামৰিক ব্যৱস্থাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে উত্তৰ হ’ব। বিষয়াগৰাকীয়ে লগতে আক্ৰমণৰ সময়ত পাকিস্তানেও নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰাৰ চেষ্টা চলাইছিল বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে পাকিস্তানৰ প্ৰতিক্ৰিয়া আতংক আৰু বিভ্ৰান্তিৰে ভৰা।
পাকিস্তানৰ আক্ৰমণ গাঁও, ধৰ্মীয় স্থানক লক্ষ্য কৰি ভুল দিশত পৰিচালিত হৈছিল আৰু ইয়াৰ ফলত বহু নিৰীহ নাগৰিকৰ মৃত্যু হৈছিল বুলিও লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে সদৰী কৰে। তেওঁ লগতে প্ৰকাশ কৰা মতে, ভাৰতীয় বায়ুসেনাই অপাৰেচন সেন্দূৰ অভিযানত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত আক্ৰমণ কৰাৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে ভাৰতীয় নৌসেনাই এই অভিযানৰ বাবে নিখুঁত অস্ত্ৰ ব্যৱস্থা প্ৰদান কৰিছিল।
ইফালে অভিযানৰ বাবে সেনাই নিখুঁত নিৰীক্ষণৰ দ্বাৰা সন্ত্ৰাসবাদী শিবিৰ আৰু প্ৰশিক্ষণ স্থান চিনাক্ত কৰিছিল বুলি উল্লেখ কৰি তেওঁ লগতে ইতিমধ্যে ভাৰতীয় সেনাৰ অভিযানত বহু ঘাটি ধ্বংস হোৱাৰ লগতে আন কিছুমান ঘাটি ভীতিগ্ৰস্ত হৈ খালী কৰা বুলিও জানিবলৈ দিয়ে। অভিযানত নিহত সন্ত্ৰাসবাদীৰ ভিতৰত ইউছুফ আজাহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদৰ দৰে কুখ্যাত সন্ত্ৰাসবাদীও আছে বুলি ৰাজীৱ ঘাইয়ে সদৰী কৰিছে।
সেনাৰ অভিযানত নিহত হোৱা কুখ্যাত সন্ত্ৰাসবাদী-
ইউছুফ আজাহাৰঃ আইচি-৮১৪ অপহৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ইউছুফ আজাহাৰে জইছ-ঈ-মহম্মদক অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল আৰু জম্মু-কাশ্মীৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে অৱগত কৰা সন্ত্ৰাসবাদীৰ মষ্ট ৱাণ্টেড তালিকাত তেওঁৰ নাম আছিল ২১ নম্বৰত।
আব্দুল ৰৌফ আজাহাৰঃ ভাৰতত বহু সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰত আছিল জইছ-ঈ-মহম্মদৰ প্ৰতিষ্ঠাপক মাছুদ আজহাৰৰ কনিষ্ঠ ভাতৃ আব্দুল ৰৌফ আজহাৰ। ১৯৭৪ চনত পাকিস্তানত জন্মগ্ৰহণ কৰা আজাহাৰে ইণ্ডিয়ান এয়াৰলাইন্সৰ আই চি ৮১৪ বিমান অপহৰণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল।
মুদাছিৰ আহমেদঃ অপাৰেচন সেন্দূৰত কুখ্যাত সন্ত্ৰাসবাদী মুদাছিৰ আহমেদো নিহত হোৱা বুলি সেনাই নিশ্চিত কৰিছে। পুলৱামা আক্ৰমণকে ধৰি বহু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল মুদাছিৰ আহমেদ।