কুঁৱলীয়ে ঘটালে বিপৰ্যয়! ১০খনকৈ বাহনৰ মাজত সংঘৰ্ষ; ৪ জনৰ মৃত্যু, আহত ২৫ জন

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু প্ৰশাসনৰ দলে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক এম্বুলেন্সৰ সহায়ত সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত একাংশ লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

কুঁৱলীয়ে ঘটালে বিপৰ্যয়! ১০খনকৈ বাহনৰ মাজত সংঘৰ্ষ; ৪ জনৰ মৃত্যু, আহত ২৫ জন

ভয়ংকৰ দুৰ্ঘটনাত ভস্মীভূত কেইবাখনো বাহন

Published: 

16 Dec 2025 08:50 AM

এক ভয়ংকৰ দুৰ্ঘটনাই জোকাৰি গৈছে উত্তৰ-প্ৰদেশ। ৰাজ্যখনৰ মথুৰা জিলাৰ দিল্লী-আগ্ৰা এক্সপ্ৰেছৱেত আজি পুৱা সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। ঘন কুঁৱলীৰ প্ৰকোপত ৰাজপথত সংঘৰ্ষ হ’ল ইখনৰ পিছত সিখনকৈ কেইবাখনো বাছ আৰু ব্যক্তিগত বাহনৰ। এই ভয়ংকৰ সংঘৰ্ষৰ পিছতে সৃষ্টি হোৱা ব্যাপক অগ্নিকাণ্ডৰ ফলত দিল্লী-আগ্ৰা এক্সপ্ৰেছৱেত সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ। ঘটনা সন্দৰ্ভত খবৰ লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয়।

জিলাখনৰ এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে ২৫ জন লোক আহত হৈছে। আহতসকলক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ লগতে কয়। ইফালে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কুঁৱলীৰ বাবে দুৰ্ঘটনাৰ সন্দেহ

বলদেৱ আৰক্ষী থানাৰ অন্তৰ্গত যমুনা এক্সপ্ৰেছৱেৰ মাইলষ্ট’ন-১২৭ৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰকাশিত খবৰ অনুসৰি ঘন কুঁৱলীৰ ফলত সমুখৰ দৃশ্য ভালদৰে মনিব নোৱাৰাৰ বাবে আগ্ৰাৰ পৰা নয়ডাৰ দিশত যাত্ৰা কৰা কেইবাখনো বাছ আৰু ব্যক্তিগত বাহনে ইখনৰ পিছত সিখনকৈ খুন্দা মাৰে।

 

মুঠ ৭খন বাছ আৰু ৩খন ব্যক্তিগত বাহন এই সংঘৰ্ষত জড়িত হৈ পৰে বুলি জানিব পৰা গৈছে। সংঘৰ্ষৰ পিছতে আটাইকেইখন বাহনতে জুই জ্বলি উঠে। এই সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু যমুনা এক্সপ্ৰেছৱে কৰ্তৃপক্ষৰ দল উপস্থিত হয়। বহু কষ্টৰ অন্তত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ আনে।

কেইবাজনৰো অৱস্থা সংকটজনক

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী আৰু প্ৰশাসনৰ দলে লগে লগে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকলক এম্বুলেন্সৰ সহায়ত সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত একাংশ লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলৰ সৰ্বোত্তম চিকিৎসাৰ বাবে প্ৰশাসনেও চিকিৎসালয়সমূহলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে।

 

ব্যাহত যাতায়ত ব্যৱস্থা

দুৰ্ঘটনাটোৰ পিছতে এক্সপ্ৰেছৱে’ত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হয়। নিৰাপত্তাজনিত কাৰণত কিছু সময়ৰ বাবে পথটো বন্ধ কৰি ৰখাৰ লগতে যান-বাহনসমূহ বিকল্প পথলৈ ডাইভাৰ্ট কৰা হয়। জুই নিৰ্বাপন কৰি ক্ষতিগ্ৰস্ত বাছ তথা বাহনসমূহ আঁতৰোৱাৰ পিছত ক্ৰমান্বয়ে যাতায়ত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

আৰম্ভ তদন্ত প্ৰক্ৰিয়া

আৰক্ষীয়ে জানিবলৈ দিয়া মতে দুৰ্ঘটনাত নিহত লোককেইজনক এইপৰ্যন্ত চিনাক্ত কৰা হোৱা নাই। মৃত লোকসকলক চিনাক্তকৰণৰ প্ৰচেষ্টা চলাই থকা হৈছে বুলি আৰক্ষীয়ে লগতে কয়। দুৰ্ঘটনাৰ কাৰণৰ তদন্ত আৰম্ভ হোৱা বুলিও আৰক্ষীয়ে সদৰী কৰিছে। ইফালে এই দুৰ্ঘটনাৰ পিছত পুনৰবাৰ এক্সপ্ৰেছৱে’ত নিৰাপত্তা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...