চাৰিওফালে কাঁইটীয়া বেৰ, বন্ধ কোঠাত যুৱতী! CBI য়ে প্ৰকাশ কৰিলে অভিযুক্ত বাবাক লৈ নতুন তথ্য…

দিল্লীৰ ৰোহিনীস্থিত অধ্যাত্মিক ঈশ্বৰীয় বিশ্ববিদ্যালয় আশ্ৰমৰ কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। প্ৰতিষ্ঠাপক বীৰেন্দ্ৰ দীক্ষিতৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল। শেহতীয়াকৈ এই ক্ষেত্ৰত CBI য়ে নতুন তথ্য জাৰি কৰিছে।

চাৰিওফালে কাঁইটীয়া বেৰ, বন্ধ কোঠাত যুৱতী! CBI য়ে প্ৰকাশ কৰিলে অভিযুক্ত বাবাক লৈ নতুন তথ্য...

বাবা

Published: 

30 Sep 2025 | 12:46 PM

দিল্লীৰ ৰোহিনীস্থিত এখন আশ্ৰমত শিষ্যক ধৰ্ষণ আৰু হাৰাশাস্তি কৰাৰ অভিযোগত অভিযুক্ত বীৰেন্দ্ৰ দেৱ দীক্ষিতৰ মৃত্যু। চিবিআইৰ বিশেষ আদালতে তেওঁৰ মৃত্যুৰ নিশ্চিয়তা প্ৰদান কৰে। চিবিআইৰ মতে, বহু দিন ধৰি অভিযুক্ত পলাতক হৈ আছিল। তাৰ মাজতে ২০২৩ চনত অভিযুক্তৰ মৃত্যু হৈছিল।

এইগৰাকী বাবাৰ বিৰুদ্ধে ২০১৭ চনৰ পৰা গোচৰ চলি আছিল আৰু তেতিয়াৰ পৰা বীৰেন্দ্ৰ পলাতক অৱস্থাত আছিল। তেওঁক গ্ৰেপ্তাৰৰ বাবে ৫ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল। ইয়াৰ মাজতে হায়দৰাবাদ ইউনিটে ২০২৫ চনৰ জানুৱাৰী মাহত তেওঁৰ মৃত্যুৰ তথ্য লাভ কৰে। অৱশ্যে সেই সময়ত কোনো নিশ্চিয়তা নাছিল। কিন্তু শেহতীয়াকৈ ইয়াৰ নিশ্চিয়তা প্ৰদান কৰে চিবিআইয়ে।

গোচৰ খাৰিজৰ দাবী

এতিয়া অভিযুক্ত বীৰেন্দ্ৰৰ বিৰুদ্ধে থকা গোচৰ খাৰিজ কৰিবলৈ চিবিআইয়ে দাবী জনাইছে। চিবিআইয়ে ২০১৮ আৰু ২০১৯ চনত বীৰেন্দ্ৰৰ বিৰুদ্ধে লুকাউট চাৰ্কুলাৰ আৰু ইন্টাৰপল ব্লু নোটিচ জাৰি কৰিছিল। কিন্তু অভিযুক্তৰ মৃত্যুৰ পাছত এতিয়া সকলো গোচৰ খাৰিজ কৰিবলৈ অনুৰোধ জনাইছে। তেওঁৰ বিৰুদ্ধে নাৰী নিৰ্যাতন, যুৱতীক নিৰুদ্দেশ, আত্মহত্যা, ধৰ্ষণ আদিৰ অভিযোগ উত্থাপন হৈছিল।

কোৱা হৈছিল যে, তেওঁ মহিলা-যুৱতীসকলক কোঠাত বন্ধ কৰি ৰাখি ধৰ্ষণ কৰিছিল। যিটো বিল্ডিঙত মহিলাসকলক ৰাখিছিল সেইটোৰ চাৰিওফালে কাঁইটীয়া বেৰ আছিল। যাৰ বাবে আন মানুহে সহজে প্ৰৱেশ কৰিব পৰা নাছিল। এনে অৱস্থাত তেওঁ বহু জঘন্য অপৰাধ সংঘটিত কৰিছিল। এইসমূহ গোচৰৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল দিল্লী উচ্চ ন্যায়ালয়ে।

নেপাললৈ সংযোগ

অভিযুক্তক বিচাৰি আৰক্ষীয়ে বহু অভিযান চলাইছিল। কিন্তু কেতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাছিল। নেপাল পৰ্যন্ত তেওঁৰ সন্ধান চলিছিল। কিন্তু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি পৰা নাছিল। এই পলায়নৰ মাজতে তেওঁৰ মৃত্যু হয়।

 

অন্য খবৰ পঢ়কঃ কেনে আছিল শ্বাহৰুখৰ ব্যক্তিত্ব? জনালে দীপিকা পাডুকনে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...