সন্ত্ৰাসবাদীৰ বাবে যমদূত স্বৰূপ এইগৰাকী ইউনিফৰ্ম পৰিহিত ডাক্তৰ, ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিলে দেশক
ডাঃ জি ভি সন্দীপক কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বাবে "কাল অমানিশা" বুলি জনা যায়। কেইবাটাও সন্ত্ৰাসবাদী মডিউলৰ বিষয়ে তেওঁ অৱগত আছিল। তেওঁ জম্মু-কাশ্মীৰ আৰক্ষীক অপাৰেচন মহাদেৱত নেতৃত্ব দিয়ে। ২০২৫ চনৰ ২১ এপ্ৰিলত ইমতিয়াজ হুছেইন মীৰৰ পিছত তেওঁ শ্ৰীনগৰৰ এছ এছ পিৰ দায়িত্ব গ্ৰহণ কৰে।

ডাঃ জি ভি সন্দীপ চক্ৰৱৰ্তী
লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পাছত ৰাজধানী দিল্লীত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। ফৰিদাবাদত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱাৰ পিছত ডাঃ ওমৰে আশংকাত ভুগি থকাৰ বাবেই খৰখেদাকৈ বিস্ফোৰক কঢ়িয়াই নিওঁতে বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। এই কাণ্ডৰ পিছত যিবোৰ তথ্য় প্ৰকাশ পাইছে, সেইবোৰে স্পষ্ট কৰি দিয়ে যে গ্ৰেপ্তাৰ হোৱা সন্ত্ৰাসবাদী চিকিৎসককেইজন বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ আছিল, আৰু ইয়াক বিফল কৰাত এজন আৰক্ষী বিষয়াই মুখ্য ভূমিকা পালন কৰিছিল।
দৰাচলতে ১৭ অক্টোবৰত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ নৌগামৰ ৰাজপথত উৰ্দু ভাষাৰ পোষ্টাৰ লগোৱা হৈছিল। য’ত স্বাক্ষৰ আছিল জইছ-ই-মহম্মদৰ কমাণ্ডাৰ হানজলা ভাইৰ। প্ৰথম দৃষ্টিত এই পোষ্টাৰবোৰ নিৰাপদ যেন লাগিছিল যদিও শ্ৰীনগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডাঃ জি ভি সন্দীপ চক্ৰৱৰ্তীয়ে, লগে লগে অনুভৱ কৰিলে ইয়াৰ আঁত কোনো ষড়যন্ত্ৰ লুকাই আছে।
ডাঃ জি ভি সন্দীপক কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বাবে “কাল অমানিশা” বুলি জনা যায়। কেইবাটাও সন্ত্ৰাসবাদী মডিউলৰ বিষয়ে তেওঁ অৱগত আছিল। তেওঁ জম্মু-কাশ্মীৰ আৰক্ষীক অপাৰেচন মহাদেৱত নেতৃত্ব দিয়ে। জি ভি সন্দীপে জইছৰ পোষ্টাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰি চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰে। কাশ্মীৰৰ ৰাজপথত পূৰ্বে শিলগুটি নিক্ষেপ কৰা তিনিজন ব্যক্তিক তেওঁ চিনাক্ত কৰে। তদন্তত জম্মু-কাশ্মীৰ, হাৰিয়ানা, আৰু উত্তৰ প্ৰদেশক সামৰি লোৱা এটা নেটৱৰ্কৰ কথা পোহৰলৈ আহে।
কাশ্মীৰী চিকিৎসক গ্ৰেপ্তাৰ
এই সফলতাৰ পাছতেই জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী মডিউলৰ সৈতে জড়িত কেইবাজনো কাশ্মীৰী চিকিৎসক আৰু আন লোকক গ্ৰেপ্তাৰ কৰা হয়। এই অভিযানত ২৯০০ কিলোগ্ৰাম বিস্ফোৰক, বোমা নিৰ্মাণ সামগ্ৰী, ৰাইফল উদ্ধাৰ কৰা হয়। ১০ নৱেম্বৰৰ বিস্ফোৰণৰ পিছত তদন্তকাৰী সংস্থাসমূহে গোচৰটো ফঁহিয়াই চোৱাৰ লগে লগে এনে কিছুমান তথ্যৰ উন্মেষ ঘটিছে যিয়ে স্পষ্টভাৱে প্ৰমাণ কৰে যে আই পি এছ বিষয়া জি ভি সন্দীপে কৌশলেৰে বহু লোকৰ জীৱন ৰক্ষা কৰিলে।
ডাক্তৰ ইন ইউনিফৰ্ম জি ভি সন্দীপ
অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত জনসেৱাত উৎসৰ্গিত পৰিয়ালত জন্মগ্ৰহণ কৰা ডাঃ জি ভি সন্দীপ চক্ৰৱৰ্তী। তেওঁৰ পিতৃ ডাঃ জি ভি ৰাম গোপাল ৰাৱে চৰকাৰী চিকিৎসালয়ত ৰেচিডেণ্ট মেডিকেল অফিচাৰ (আৰ এম অ’) হিচাপে কাম কৰিছিল। তেওঁৰ মাতৃ পি চি ৰংগাম্মা স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়া আছিল। জি ভি সন্দীপে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল কুৰ্ণুলৰ এ-কেম্পৰ মণ্টেছৰী পাব্লিক স্কুলত।
কুৰ্ণুল মেডিকেল কলেজত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি ২০১০ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১৪ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে। জম্মু-কাশ্মীৰত ডাঃ সন্দীপৰ নিয়োগ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ আৰু উচ্চ বিপদজনক ভূমিকাৰে বৈশিষ্ট্যপূৰ্ণ আছিল। সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু আৰক্ষী প্ৰশাসনত তেওঁৰ পাৰদৰ্শিতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।
২০২৫ চনৰ ২১ এপ্ৰিলত ইমতিয়াজ হুছেইন মীৰৰ পিছত তেওঁ শ্ৰীনগৰৰ এছ এছ পিৰ দায়িত্ব গ্ৰহণ কৰে। কাশ্মীৰত যিকোনো আৰক্ষী বিষয়াৰ বাবে এইটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ পোষ্টিং। অনন্তনাগ, কুপৱাৰা, কুলগামৰ বিভিন্ন অঞ্চলত তেওঁৰ নেতৃত্বত সন্ত্ৰাসবাদীৰ নেটৱৰ্ক নিষ্ক্ৰিয় কৰা হৈছিল।
সৰু ভাবুকি এটায়ো এটা ডাঙৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰে
এটা সৰু ভাবুকিয়েও ডাঙৰ বাৰ্তা কঢ়িয়াই লৈ ফুৰে… ডাঃ জি ভি সন্দীপে এই নীতিৰ ওপৰত কাম কৰে। সূক্ষ্মতম ভাবুকিৰ তদন্ত কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ। জইছৰ পোষ্টাৰখনৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় মৌলৱী ইৰফান আহমেদক। জেৰাৰ সময়ত মৌলৱীয়ে জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী নেটৱৰ্কৰ কথা প্ৰকাশ কৰে। ডাঃ সন্দীপৰ নেতৃত্বত আৰক্ষীয়ে ২,৯২১ কেজি বিস্ফোৰক, বোমা নিৰ্মাণ সামগ্ৰী আৰু দুটা এ কে ছিৰিজৰ ৰাইফল জব্দ কৰে। লগতে ফৰিদাবাদত সাধাৰণ নাগৰিকৰ ৰূপ লৈ থকা চিকিৎসককো গ্ৰেপ্তাৰ কৰে।
তেওঁৰ নেতৃত্বত শ্ৰীনগৰ, ফৰিদাবাদ, উত্তৰ প্ৰদেশত ‘হোৱাইট কলাৰ’ৰ সন্ত্ৰাসবাদী মডিউল ফাদিল কৰা হয়। কাশ্মীৰীৰ চিকিৎসক মুজাম্মিল শ্বাকিল, আদিল আহমেদ আৰু ডাঃ শ্বাহীন শ্বায়িদক গ্ৰেপ্তাৰ কৰা হয়।
ডাঃ জি ভি সন্দীপে লাভ কৰা পুৰস্কাৰসমূহ
সন্ত্ৰাসবাদ বিৰোধী অভিযানত সাহসৰ বাবে তেওঁক ছবাৰকৈ ৰাষ্ট্ৰপতিৰ পুলিচ মেডেল ফৰ গেলেণ্ট্ৰি (পিএমজি) প্ৰদান কৰা হয়। তেওঁ চাৰিবাৰকৈ জম্মু-কাশ্মীৰ আৰক্ষীৰ বীৰত্বৰ পদক লাভ কৰে।