২০০০ কোটি টকাৰ ক’কেইন জব্দ দিল্লীৰ আৰক্ষীৰ…

Delhi Police Seized Cocaine: চোৰাংচোৱাৰ তথ্য ভিত্তিত চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত দিল্লী আৰক্ষীয়ে  প্ৰায় ২০০০ কোটি টকাৰ ক’কেইন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, দক্ষিণ দিল্লীৰ মেহৰৌলীৰ পৰা ৫৬০ কিলোগ্ৰামতকৈ অধিক ক’কেইন জব্দ কৰে দিল্লী আৰক্ষীয়ে ।

২০০০ কোটি টকাৰ ক’কেইন জব্দ দিল্লীৰ আৰক্ষীৰ...

প্ৰতীকী ফটো

Published: 

02 Oct 2024 | 04:08 PM

উৎসৱৰ বতৰত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে দিল্লী আৰক্ষীয়ে । চোৰাংচোৱাৰ তথ্য ভিত্তিত চলোৱা এক ড্ৰাগছ বিৰোধী অভিযানত দিল্লী আৰক্ষীয়ে  প্ৰায় ২০০০ কোটি টকাৰ ক’কেইন জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, দক্ষিণ দিল্লীৰ মেহৰৌলীৰ পৰা ৫৬০ কিলোগ্ৰামতকৈ অধিক ক’কেইন জব্দ কৰে দিল্লী আৰক্ষীয়ে ।

সূত্ৰ অনুসৰি, দেশৰ ৰাজধানী দিল্লীত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহকাৰী এটা চক্ৰই ড্ৰাগছৰ অবৈধ বেহা চলাবলৈ চেষ্টা চলাই আছিল । চোৰাংচোৱাৰ তথ্যৰ ভিত্তিতে দিল্লী আৰক্ষীৰ বিশেষ কোষৰ এটা দলে চলাইছিল এই অভিযান । এই অভিযানত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰিছে দিল্লী আৰক্ষীয়ে । সূত্ৰৰ অনুসৰি, আটৰ কৰা লোক কেইজনে দেশৰ ৰাজধানী দিল্লীত ড্ৰাগছৰ অবৈধ বজাৰ সৃষ্টিৰ বাবে পৰিকল্পনা কৰিছিল ।

ইফালে, বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, আটক কৰা ব্যক্তিকেইজনে জব্দ কৰা ক’কেইনখিনি বিক্ৰী কৰাৰ বাবে পৰিকল্পনা কৰিছিল । দিল্লীৰ আৰক্ষীৰ বিশেষ কোষৰ এটা দলে যোৱা দুমাহৰো অধিক সময় ধৰি ড্ৰাগছ সৰবৰাহৰ এই চক্ৰটোক ধৰিবলৈ কাম কৰি আছিল । এক গোপন সূত্ৰৰ ভিত্তিত এই চক্ৰটোক উৎসাদ কৰিবলৈ কাম কৰি আছিল দিল্লী আৰক্ষীয়ে ।

উল্লেখ্য যে, দুমাহ ধৰি প্ৰচেষ্টা চলোৱাৰ পাছত অৱশেষত সফলতা লাভ কৰিলে দিল্লী আৰক্ষীয়ে । উৎসৱৰ বতৰতেই এই ড্ৰাগছৰ সৰবৰাহকাৰী চক্ৰটোক কৰায়ত্ব কৰে দিল্লী আৰক্ষীয়ে । জানিবলৈ দিয়া অনুসৰি, আটক কৰা চাৰিওজন লোকক জেৰা অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে । তদুপৰি এই গোচৰত তদন্ত অব্যাহত ৰখাৰ কথাও জানিবলৈ দিছে আৰক্ষীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...