Delhi CM Rekha Gupta: ৰেখাক ভৰষা কৰি দিল্লীত শাসনৰ যো-জা ভাৰতীয় জনতা পাৰ্টীৰ

দিল্লী বিধানসভা নিৰ্বাচন-২০২৫ত শালিমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেখা । তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰে । প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে ৰেখা গুপ্তা ।

Delhi CM Rekha Gupta: ৰেখাক ভৰষা কৰি দিল্লীত শাসনৰ যো-জা ভাৰতীয় জনতা পাৰ্টীৰ

ৰেখা গুপ্তা

Updated On: 

19 Feb 2025 22:26 PM

ঘোষণা হ’ল দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম । বুধবাৰে বিজেপি নেতৃত্বই ঘোষণা কৰে নতুন মুখ্যমন্ত্ৰীৰ নাম । এগৰাকী মহিলা বিধায়িকাক মুখ্যমন্ত্ৰীৰ আসনত বহুৱালে গেৰুৱা দলটোৱে । তেওঁৰ নাম ৰেখা গুপ্তা । শালিমাৰ বাগ সমষ্টিৰ পৰা দিল্লী বিধানসভালৈ নিৰ্বাচিত ৰেখা গুপ্তাৰ হাতত এতিয়া দিল্লীৰ শাসনভাৰ । বৃহস্পতিবাৰে ৰামলীলা মৈদানত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰিব ৰেখা গুপ্তাই । তেওঁৰ লগতে শপত ল’ব আন ছগৰাকী মন্ত্ৰীয়েও ।

কোন এইগৰাকী ৰেখা গুপ্তা ?

দিল্লীৰ শালিমাৰ বাগ বিধানসভা সমষ্টিৰ পৰা ৰেখা গুপ্তা বিধায়িকা নিৰ্বাচিত হৈছে । প্ৰথমবাৰৰ বাবে বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে ৰেখা গুপ্তা । ১৯৭৪ চনৰ ১৯ ​​জুলাইত হাৰিয়ানাৰ জুলানাত জন্মগ্ৰহণ কৰিছিল তেওঁ । ৰেখাই দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল । পিছলৈ মেনেজমেণ্ট এণ্ড আৰ্টছত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।

ৰেখা গুপ্তাই ১৯৯৩ চনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল । ১৯৯৬-১৯৯৭ চনত দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সভানেত্ৰী হয় । ২০০৭ আৰু ২০১২ চনত উত্তৰ পিতামপুৰা (৫৪ নং ৱাৰ্ড)ৰ পৰা পৌৰসভাৰ কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হৈছিল । ইয়াৰ পিছত ২০২২ চনত দিল্লী পৌৰ নিগমৰ মেয়ৰ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনীত হয় ।

দিল্লী বিধানসভা নিৰ্বাচন-২০২৫ত শালিমাৰ বাগৰ পৰা বিধায়িকা নিৰ্বাচিত হৈছে ৰেখা । তেওঁ আম আদমী পাৰ্টিৰ প্ৰাৰ্থীক ২৯,৫৯৫ টা ভোটত পৰাস্ত কৰে । ৰেখা গুপ্তাই তেওঁৰ এই বিজয়ৰ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ ক্ষমতা বুলি কয় । তেওঁ কয় যে, দিল্লীৰ জনসাধাৰণে উন্নয়নৰ আশা কৰে ।

ৰেখা গুপ্তাৰ সাফল্য

ৰেখা গুপ্তাই ৰাজনৈতিক যাত্ৰাত নাৰী কল্যাণ, শিক্ষা সংস্কাৰ আৰু সম্প্ৰদায় উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । তেওঁ নিজৰ অঞ্চলত চুইমিং পুল, জিম, লাইব্ৰেৰী, কমিউনিটি হলৰ দৰে সুবিধা আগবঢ়াইছে । ইয়াৰ উপৰিও তেওঁ মহিলা আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা শিবিৰ আৰম্ভ কৰে । মহিলা ভ্ৰুণ হত্যা আৰু শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা অভিযানো চলায় ৰেখা গুপ্তাই ।

বিধায়িনী দলৰ বৈঠকত তেওঁৰ নাম ঘোষণা কৰাৰ আগতেই তেওঁৰ ঘৰত উদযাপন আৰম্ভ হৈছিল । ইতিমধ্যে ৰেখা মুখ্যমন্ত্ৰী হ’ব বুলি দাবী কৰিছিল পৰিয়ালটোৱে । আনহাতে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সচদেৱে দলৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ৰবি শংকৰ প্ৰসাদ, ওম প্ৰকাশ ধনকাৰ আৰু নিৰ্বাচন প্ৰভাৰী বৈজয়ন্ত পাণ্ডাক দিল্লী বিধানসভাৰ নেতা নিৰ্বাচিত কৰিবলৈ আদৰণি জনায় ।

অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...
Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা