Delhi Blast: দিল্লী বিস্ফোৰণৰ পাছতে গৃহমন্ত্ৰীলৈ ফোন প্ৰধানমন্ত্ৰীৰ, নিহতৰ সংখ্যা ৮ জনলৈ বৃদ্ধি
দিল্লী বিস্ফোৰণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতি বুজ লোৱা বুলি জানিব পৰা গৈছে। একে সময়তে গৃহমন্ত্ৰীগৰাকীয়ে দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাৰ সৈতেও কথা পাতে।

লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ পিছতে দিল্লীত আতংকৰ পৰিৱেশ। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতি বুজ লোৱা বুলি জানিব পৰা গৈছে। একে সময়তে গৃহমন্ত্ৰীগৰাকীয়ে দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাৰ সৈতেও কথা পাতে। তেওঁ দিল্লী আৰক্ষী, এন আই এ, এন এছ জিৰ তদন্তৰ নিৰ্দেশ দিছে বুলি জানিব পৰা গৈছে।
ইফালে, ঘটনাস্থলীত দিল্লী আৰক্ষী আৰু NIAৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। ঘটনাস্থলীত উপস্থিত হৈছে এন এছ জিও। ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ১ নং গেটৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাৰ সৈতে কথা পতাৰ অন্তত গৃহমন্ত্ৰী অমিত শ্বাহে আই বি সঞ্চালকৰ সৈতেও বাৰ্তালাপ কৰে। সকলো জ্যেষ্ঠ বিষয়াৰ সৈতে যোগাযোগত আছে গৃহমন্ত্ৰীগৰাকী। বিস্ফোৰণৰ পিছত ঘটনাস্থলীত উপস্থিত হয় চি আৰ পি এফৰ ডি আই জি কিশোৰ প্ৰসাদ।
এই বিস্ফোৰণত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে
মন কৰিবলগীয়া যে, ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ বাহিৰৰ এখন গাড়ীত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। যদিও এই বিস্ফোৰণৰ মূল কাৰণ এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই। এতিয়ালৈকে এই বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। ২৪ জন লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে। আহত সকলক এল এন জে পি হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী অথবা নিৰাপত্তা সংস্থাই কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা নাই।
বিস্ফোৰণৰ তদন্ত কৰি থকা সংস্থাসমূহ
ইফালে দিল্লীত সংঘটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত আৰক্ষী আয়ুক্ত সতীশ গোলচাৰ এক বিবৃতিও প্ৰকাশ কৰা হৈছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দিল্লী আৰক্ষী আয়ুক্ত গোলচাই কয়, “আজি সন্ধিয়া প্ৰায় ৬:৫২ বজাত ৰঙা লাইটত লাহে লাহে চলা এখন বাহন ৰৈ যায়। গাড়ীখন বিস্ফোৰণ হোৱা পাছতে বাহনৰ ক্ষতিসাধন হয়। এফ এছ এল আৰু এন আই এৰ দলকে ধৰি সকলো তদন্তকাৰী সংস্থাই সেই স্থানত উপস্থিত হৈছে।”
দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাই গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বাৰ্তালাপ কৰে
দিল্লী আৰক্ষী আয়ুক্ত সতীশ গোলচাই উল্লেখ কৰে যে, এই ঘটনাত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হৈছে। পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে। তেওঁ লগতে কয় যে, গৃহমন্ত্ৰী অমিত শ্বাহেও ফোন কৰিছে আৰু সময়ে সময়ে তেওঁৰ সৈতে তথ্য শ্বেয়াৰ কৰা হৈছে।