পেচাত চিকিৎসক, ইঞ্জিনিয়াৰ! আঁৰত আছিল দেশ বিৰোধী ভয়ংকৰ পৰিকল্পনা…

Delhi Blast Case: দিল্লী বিস্ফোৰণৰ ঘটনাৰ পাছতে পোহৰলৈ আহিছে কেইবাজনো চিকিৎসক আৰু ইঞ্জিনিয়াৰৰ নাম। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা এই লোককেইজনৰ পৰা বহু বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে।

পেচাত চিকিৎসক, ইঞ্জিনিয়াৰ! আঁৰত আছিল দেশ বিৰোধী ভয়ংকৰ পৰিকল্পনা...

গ্ৰেপ্তাৰ হোৱা কেইজন

Published: 

11 Nov 2025 12:34 PM

ডিঙিত ষ্টেথ’স্কোপ। কাম ৰোগীক সেৱা আগবঢ়োৱা। কিন্তু ভগৱানৰ ৰূপ বুলি আখ্যা দিয়া এনে চিকিৎসক কেইজনমানৰ মনত চলি আছিল ভয়ংকৰ ষড়যন্ত্ৰ। প্ৰাণ দিয়াৰ আঁৰত তেওঁলোকে ৰচিছিল প্ৰাণ কঢ়াৰ পৰিকল্পনা। শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকী চিকিৎসক গ্ৰেপ্তাৰ হৈছে। যাৰ কাণ্ড দেখি হতবাক হৈ পৰিছে আৰক্ষী। কিয়নো এওঁলোকৰ পৰা উদ্ধাৰ হৈছে বহু বিস্ফোৰক সামগ্ৰী আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে ইঞ্জিনিয়াৰো।

সোমবাৰে দিল্লীত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ পাছত এওলোক সন্দৰ্ভত চলিছে তীব্ৰ চৰ্চা। ফৰিদাবাদ মডিউলৰ সৈতে দিল্লীৰ বিস্ফোৰণৰ সংযোগ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে। এই বিস্ফোৰণৰ পূৰ্বে ফৰিদাবাদৰ দুটা ভাড়াঘৰৰ পৰা উদ্ধাৰ হৈছিল প্ৰায় ৩ হাজাৰ কেজি বিস্ফোৰক। সেই ভাড়াঘৰত আছিল এজন চিকিৎসক। যাৰ নাম ডাঃ মুজাম্মিল শ্বাকিল। তেওঁ জম্মু-কাশ্মীৰৰ বাসিন্দা। তথ্য অনুসৰি ফৰিদাবাদৰ আল ফালাহ মেডিকেল কলেজ এণ্ড হস্পিতালৰ চিকিৎসক আছিল তেওঁ। গ্ৰেপ্তাৰৰ পাছতে সন্ত্রাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ সৈতে তেওঁৰ সংযোগ পোহৰলৈ আহিছে।

ইয়াৰ লগতে আৰু কেইবাজনো চিকিৎসকৰ নাম পোহৰলৈ আহিছে। গ্ৰেপ্তাৰ হৈছে ডাঃ আদিল আহমেদ ৰাথেৰ আৰু  শ্বাহীনা শ্বাহিদ নামৰ এগৰাকী মহিলা চিকিৎসক। যাৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে বহু অস্ত্ৰ-শস্ত্ৰ। ইমানেই নহয় এই শ্বাহিনা শ্বাহিদৰ মহিলা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সংযোগ থকাৰ তথ্য পোহৰলৈ আহিছে।

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ হয় এজন ছফ্টৱেৰ ইঞ্জিনিয়াৰ। আল কায়দাৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল তেওঁক। ব্যক্তিজনৰ নাম জুবেৰ হাংগেৰকাৰ। মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ জুবেৰৰ পৰিকল্পনা আছিল।

ইফালে গুজৰাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আহমেদ মহিউদ্দিন ছৈয়দ নামৰ এজনক। তেওঁৱো এজন চিকিৎসক। চীনত অধ্যয়ন কৰাৰ পাছত তেওঁ গুজৰাটত কাম কৰি আছিল। আৰক্ষীৰ মতে, মহিউদ্দিনে ৰাজহুৱা খোৱাপানীত বিষাক্ত ৰাসায়নিক পদাৰ্থ মিহলি কৰাৰ পৰিকল্পনা কৰিছিল। দুজন বন্ধুৰ সৈতে লক্ষ্ণৌ আৰু দিল্লীৰ মন্দিৰৰ প্ৰসাদ বিষাক্ত কৰাৰো পৰিকল্পনা কৰিছিল। মুঠতে ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ষড়যন্ত্ৰ ৰচা কেইবাগৰাকী লোক শেহতীয়াকৈ গ্ৰেপ্তাৰ হৈছে। এতিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ সৈতে পাকিস্তানৰ সংযোগ! ডাঃ শ্বাহিনা সন্দৰ্ভত ভয়ংকৰ তথ্য…

সোণতকৈও মূল্যৱান! ৰূপ পিন্ধাৰ ১০টা আচৰিত লাভ জানক...
উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ খাওক এইসমূহ শাক-পাচলি...
আজি ১১:১১ সংযোগ! মনৰ কামনা পূৰণ কৰিবলৈ কৰক এই কাম...
কিডনী ষ্টোন হ'লে কি কৰিব ? কম সময়ত উপশম পোৱাৰ উপায় জানক