Delhi Blast: ৪ স্থানত বিস্ফোৰণৰ পৰিকল্পনা, ২৫ জনৰ নাম উল্লেখ, ডাঃ উমৰ-মুজাম্মিলৰ ডায়েৰীত চাঞ্চল্যকৰ তথ্য…

দিল্লী বিস্ফোৰণ গোচৰৰ তদন্তত প্ৰকাশ পাইছে যে ফৰিদাবাদ সন্ত্ৰাসবাদী মডিউলৰ সন্ত্ৰাসবাদীয়ে কেৱল দুখন নহয়, চাৰিখন বাহনত বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰিছিল। এই কথা গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ডাঃ উমৰ নবী আৰু ডাঃ মুজাম্মিল শ্বাকিলৰ ডায়েৰীত প্ৰকাশ পাইছে।

Delhi Blast: ৪ স্থানত বিস্ফোৰণৰ পৰিকল্পনা, ২৫ জনৰ নাম উল্লেখ, ডাঃ উমৰ-মুজাম্মিলৰ ডায়েৰীত চাঞ্চল্যকৰ তথ্য...

Delhi Blast

Updated On: 

13 Nov 2025 11:59 AM

দিল্লী বিস্ফোৰণৰ তদন্তৰ পৰা পোহৰলৈ আহিছে আন এক নতুন তথ্য। এই তথ্য অনুসৰি ফৰিদাবাদ সন্ত্ৰাসবাদী মডিউলে কেৱল দুখন নহয়, চাৰিখন বাহনত বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ কৰিছিল। এই কথা প্ৰকাশ কৰিছে লালকিল্লা বিস্ফোৰণৰ গোচৰৰ তদন্তকাৰী সংস্থাসমূহে। তদন্তকাৰী সংস্থাই উদ্ধাৰ কৰিছে এই ঘটনাৰ অভিযুক্ত ডাঃ উমৰ নবি আৰু ডাঃ মুজাম্মিল ছাকিলৰ ডায়েৰী। এই ডায়েৰীয়ে কেতবোৰ চাঞ্চল্যকৰ তথ্য উন্মোচন কৰিছে।

বিস্ফোৰণৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল ডাঃ মুজাম্মিলক

দিল্লী বিস্ফোৰণৰ এদিন পূৰ্বে হাৰিয়ানাৰ ফৰিদাবাদত গ্ৰেপ্তাৰ হৈছিল ডাঃ মুজাম্মিলক। ডি এন এ পৰীক্ষাত নিশ্চিত হৈছে যে তেওঁৰ সহযোগী ডাঃ উমৰে ​​দিল্লী বিস্ফোৰণ সংঘটিত কৰিছিল। ডাঃ মুজামিলে ফৰিদাবাদৰ আল-ফালাহ বিশ্ববিদ্যালয়ৰ পৰা এই  সন্ত্ৰাসবাদী মডিউলটো পৰিচালনা কৰিছিল। জম্মু-কাশ্মীৰৰ পুলৱামা জিলাৰ বাসিন্দা ডাঃ উমৰো এই গোটৰ সৈতে জড়িত আছিল।

দুয়ো অভিযুক্তৰ কোঠাৰ পৰা উদ্ধাৰ ডায়েৰী

বিশ্ববিদ্যালয়ৰ পৰা মাত্ৰ ৩০০ মিটাৰ দূৰত্বত থকা এটা ভাড়াঘৰত ডাঃ মুজাম্মিলে বাস কৰিছিল। দিল্লী বিস্ফোৰণৰ এদিন পূৰ্বে ৯ নৱেম্বৰত এই একেটা ঘৰৰ দুটা কোঠাৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী (প্ৰায় ৩০০-৩৫০ কিলোগ্ৰাম এমোনিয়াম নাইট্ৰেট), এছাল্ট ৰাইফল (এ কে-৪৭ৰ দৰে), পিষ্টল, গোলাবাৰুদ উদ্ধাৰ কৰা হয়। এই কোঠাটোত আৰক্ষীয়ে ডাঃ মুজাম্মিলৰ সামগ্ৰীৰ তালাচী চলায়, য’ত এটা ডায়েৰী উদ্ধাৰ কৰে। তদুপৰি আৰক্ষীয়ে ১৩ নং কোঠাৰ পৰা ডাঃ মুজাম্মিলৰ আন এখন ডায়েৰী আৰু ৪ নং কোঠাৰ পৰা ডাঃ উমৰৰ আন এখন ডায়েৰী উদ্ধাৰ কৰে।এইদৰে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ মুঠ তিনিখন ডায়েৰী উদ্ধাৰ কৰিছে।

ডায়েৰীত কি আছে?

এই ডায়েৰীয়ে প্ৰকাশ কৰিছে যে, সন্ত্ৰাসবাদীৰ লক্ষ্য অতি বৃহৎ আছিল, আৰু তেওঁলোকে একেলগে চাৰিটা স্থানত শক্তিশালী বিস্ফোৰণেৰে দিল্লীক কপাঁই তোলাৰ উদ্দেশ্য আছিল। ইয়াৰ বাবে সন্ত্ৰাসবাদীয়ে আৰু দুখন পুৰণি বাহন প্ৰস্তুত কৰি আছিল, যিবোৰত বিস্ফোৰক ভৰ্তি কৰা হ’ব যাতে বৃহৎ পৰিসৰত বিস্ফোৰণসমূহ সংঘটিত কৰিব পৰা যায়। ডাঃ উমৰ আৰু মুজাম্মিলৰ ডায়েৰীত ৮ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰৰ তাৰিখ সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ উপৰিও ডায়েৰীত ২৫ জনতকৈ অধিক লোকৰ নাম সন্নিবিষ্ট কৰা হৈছে। ইয়াৰে অধিকাংশই জম্মু-কাশ্মীৰ আৰু ফৰিদাবাদৰ বাসিন্দা।

লগতে পঢ়ক: দিল্লীত বিস্ফোৰণ হোৱা I20 বাহনত আছিল সন্ত্ৰাসবাদী ডাঃ উমৰ, DNA পৰীক্ষাত বিস্ফোৰক তথ্য…

সপোনত সাপ দেখাটো কিহৰ ইংগিত? ভাল নে বেয়া জানক...
কণীৰ লগত কেতিয়াও নাখাব এই ৫ বিধ বস্তু! হ'ব সমস্যা...
প্ৰতিদিনে ১টা আমলখি খালে কম হ'ব পাৰে এই ৫টা ৰোগৰ আশংকা! জানক...
স্বাস্থ্য ভালে ৰাখিবলৈ শীতকালত খাওক এইবোৰ শাক-পাচলি, সবিশেষ জানক...