আহি আছে ঘূৰ্ণীবতাহ ৰেমল! ঘন্টাত ১২০ কিলোমিটাৰ বেগত আহিব বতাহ, হ’ব পাৰে প্ৰৱল বৰষুণ

এই সময়ছোৱাত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱণা আছে। ধুমুহাৰ প্ৰভাৱৰ সময়ত পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চলত ১.৫ মিটাৰ উচ্চতালৈকে ঢৌৰ সৃষ্টি হ’ব পাৰে।

আহি আছে ঘূৰ্ণীবতাহ ৰেমল!  ঘন্টাত ১২০ কিলোমিটাৰ বেগত আহিব বতাহ, হব পাৰে প্ৰৱল বৰষুণ

আহি আছে ৰেমল (remal)

Published: 

25 May 2024 07:33 AM

আহি আছে ৰিমল। বংগোপসাগৰত উৎপন্ন হোৱা ঘূৰ্ণীবতাহে দেওবাৰে (২৬ মে’) মাজনিশা পশ্চিম বংগৰ সাগৰ দ্বীপ আৰু বাংলাদেশৰ খেপুপাৰাৰ মাজত খুন্দা মাৰিব। ইয়াৰ ফলত কাষৰীয়া অঞ্চলসমূহৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱণা আছে । বাৰিষাৰ পূৰ্বে বংগোপসাগৰত এইটোৱেই প্ৰথম ঘূৰ্ণী বতাহ।  এই ঘূৰ্ণী বতাহক ৰেমল হিচাপে নামাকৰণ কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, শনিবাৰে পুৱাৰ ভিতৰত এই ঘূৰ্ণীবতাহ ধুমুহালৈ পৰিণত হ’ব। শনিবাৰে নিশাৰ ভিতৰত ই আৰু অধিক তীব্ৰতৰ হৈ পৰিব ঘূৰ্ণীবতাহৰ ৰূপ ল’ব।

আই এম ডিৰ মতে দেওবাৰে মাজনিশাৰ আশে-পাশে এই ধুমুহাই বাংলাদেশ আৰু পশ্চিম বংগৰ উপকূল সাগৰ দ্বীপ আৰু খেপুপাৰাৰ মাজৰে পাৰ হ’ব পাৰে। এই সময়ছোৱাত ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত হোৱাৰ সম্ভাৱণা আছে। ধুমুহাৰ প্ৰভাৱৰ সময়ত পশ্চিম বংগ আৰু বাংলাদেশৰ উপকূলীয় অঞ্চলত ১.৫ মিটাৰ উচ্চতালৈকে ঢৌৰ সৃষ্টি হ’ব পাৰে।

বতৰ বিজ্ঞান বিভাগে ২৬-২৭ মে’ত  পশ্চিম বংগৰ উপকূলীয় জিলা আৰু উত্তৰ ওড়িশাত প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। উত্তৰ ২৪ পৰগনা জিলাতো বানপানী হোৱাৰো সম্ভাৱণা আছে। দুৰ্বল অট্টালিকা, বিদ্যুৎ পৰিবাহী তাঁৰ, পকী পথ আৰু শস্যৰ বৃহৎ ক্ষতি হ’ব পাৰে। সেয়েহে অট্টালিকাসমূহ খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই।  মাছমৰীয়াসকলক সাৱধানে থকাৰ পৰামৰ্শ দিয়াৰ লগতে  ২৭ মে’লৈকে বে অফ বেংগললৈ যাব বাধা দিছে। ২৭-২৮ মে’ত উত্তৰ-পূব ভাৰতৰ কিছু অঞ্চলত প্ৰবল বৰষুণ হ’ব পাৰে।  উত্তৰ-পূৱৰ বিশেষকৈ মিজোৰাম, মণিপুৰ, ত্ৰিপুৰাত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

বতৰ বিজ্ঞানীসকলৰ মতে সমুদ্ৰপৃষ্ঠৰ তাপমান অত্যাধিক হোৱাৰ বাবে এই ঘূৰ্ণীবতাহ দ্ৰুতগতিত আগবাঢ়িছে। লগতে ই দীৰ্ঘদিন ধৰি থাকিব পাৰে।

 

ৰেমলৰ অৰ্থ

ৰেমল এক আৰবী শব্দ, ইয়াৰ অৰ্থ বালি। ব্যুৰো অৱ মেট্ৰ’লজিৰ তথ্য অনুসৰি  সাগৰ পৃষ্ঠৰ উষ্ণতা ২৬.৫ ডিগ্ৰীতকৈ অধিক হ’লে ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। গৰম আৰু আৰ্দ্ৰ (বায়ুত থকা জলীয় বাষ্পৰ ঘনত্ব) বতাহ ওপৰলৈ উঠিবলৈ আৰম্ভ কৰে। এই বতাহ ওপৰলৈ গতি কৰাৰ লগে লগে তলত কম চাপৰ এটা ক্ষেত্ৰ গঠন হয়। চাৰিওফালৰ বতাহৰ পৰা নিম্ন চাপৰ ক্ষেত্ৰত চাপ বৃদ্ধি হোৱাৰ লগে লগে ই ঘূৰ্ণীবতাহৰ ৰূপ ল’বলৈ আৰম্ভ কৰে। এই ঘূৰ্ণীবতাহ কিছুদিন বা কেইসপ্তাহমান থাকিব পাৰে। ঘূৰ্ণীবতাহৰ সৃষ্টিত সমুদ্ৰপৃষ্ঠৰ উষ্ণতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ঋণ লোৱাৰ আগতে আপোনাৰ CIBIL স্ক’ৰ কেনেকৈ উন্নত কৰিব পাৰি ? ইয়াৰ উপায় জানক
বাৰিষাত জোতা-মোজাৰ পৰা দুৰ্গন্ধ ওলাই নেকি? এই ঘৰুৱা উপায় অৱলম্বন কৰক...
যকৃতৰ সংক্ৰমণৰ প্ৰধান লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ জানক..
অসমৰ এসাঁজ ভাতৰ তুলনাত ডুবাইত এটা ৰুটিৰ দাম জানিলে আপুনি আচৰিত হ'ব...