নিৰাপত্তা প্ৰট’কল উলংঘা কৰি ৰাহুল গান্ধীয়ে কৰিছে বিদেশ ভ্ৰমণ! অভিযোগসহ কংগ্ৰেছলৈ পত্ৰ CRPFৰ

ৰাহুল গান্ধীৰ নিৰাপত্তাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ ছিকিউৰিটি শাখাৰ শীৰ্ষ বিষয়াই কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ লগতে ৰাহুল গান্ধীলৈ এখন পত্ৰ লিখিছে।

নিৰাপত্তা প্ৰট’কল উলংঘা কৰি ৰাহুল গান্ধীয়ে কৰিছে বিদেশ ভ্ৰমণ! অভিযোগসহ কংগ্ৰেছলৈ পত্ৰ CRPFৰ

ৰাহুল গান্ধী

Updated On: 

11 Sep 2025 19:34 PM

লোকসভাত বিৰোধীৰ নেতা তথা কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নিৰাপত্তা ভিভিআইপি ব্যৱস্থাৰ অন্তৰ্গত। অৰ্থাৎ তেওঁৰ ব্যক্তিগত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া। কিন্তু নিজৰ নিৰাপত্তাৰ বিষয়ত যেন গুৰুত্ব দিয়া নাই ৰাহুল গান্ধীয়ে। এই সন্দৰ্ভত পোহৰলৈ আহিছে এক বিশেষ খবৰ। ৰাহুল গান্ধীৰ নিৰাপত্তাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)ৰ ছিকিউৰিটি শাখাৰ শীৰ্ষ বিষয়াই কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ লগতে ৰাহুল গান্ধীলৈ এখন পত্ৰ লিখিছে।

এই পত্ৰখনত CRPFৰ ভি ভি আই পি নিৰাপত্তাৰ মুৰব্বী সুনীল জুনে ৰাহুল গান্ধীয়ে নিৰাপত্তা ব্যৱস্থা মানি নচলাৰ অভিযোগ উত্থাপন কৰিছে। বুধবাৰে CRPF বিষয়াগৰাকীয়ে এই পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত বিষয়াগৰাকীয়ে অভিযোগ কৰা মতে, ৰাহুল গান্ধীয়ে নিৰাপত্তাৰ প্ৰট’কল মানি চলা নাই।

ৰাহুল গান্ধীয়ে নিজৰ নিৰাপত্তাক গুৰুত্বসহকাৰে লোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে সুনীল জুনে। এ এছ এল ছিকিউৰিটি কেটেগৰীৰে Z+ৰ নিৰাপত্তা ব্যৱস্থাৰ অধীনলৈ আহিছে ৰাহুল গান্ধী। ইয়াৰ সমান্তৰালকৈ ৰাহুল গান্ধীয়ে CRPFৰ নিৰাপত্তাৰ য়েল্ল’ বুক প্ৰট’কল উলংঘা কৰি বিদেশ ভ্ৰমণলৈ যোৱাৰ অভিযোগো উত্থাপন কৰিছে।

পত্ৰখনত কোৱা হৈছে যে ‘Z+ with ASL’ ছিকিউৰিটিৰে সজ্জিত ভিআইপিসকলে বিদেশ ভ্ৰমণৰ ১৫ দিন পূৰ্বে নিজৰ ছিকিউৰিটি এজেঞ্চীক অৱগত কৰিব লাগিব। কিন্তু, ৰাহুল গান্ধীয়ে তেনে নকৰাৰ অভিযোগ উত্থাপন হৈছে। দেশৰ সেই নিৰ্বাচিত ভিভিআইপিসকলৰ ভিতৰত ৰাহুল গান্ধী অন্যতম যদিও তেওঁ এই প্ৰট’কল মানি চলা নাই।

চি আৰ পি এফৰ তথ্য অনুসৰি, যোৱা ৯ মাহত ৰাহুল গান্ধীয়ে ৬ বাৰ নিৰাপত্তা ভংগ কৰি বিদেশ ভ্ৰমণলৈ গৈছে। কিন্তু, এই ৬টা বিদেশ ভ্ৰমণ নিৰাপত্তা সংস্থাক অৱগত নকৰাকৈয়ে কৰিছিল বুলি পত্ৰখনত উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিত নিৰাপত্তা সংস্থাটো বৃহৎ অসুবিধাৰ সন্মুখীন হোৱা বুলিও পত্ৰখনত উল্লেখ কৰিছে বিষয়গৰাকীয়ে।

মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ অভিযোগ পত্ৰ লিখি চি আৰ পি এফে ভৱিষ্যতে কংগ্ৰেছ নেতাগৰাকীক নিৰাপত্তা প্ৰট’কলৰ যত্ন ল’বলৈ আহ্বান জনাইছে। পত্ৰখনত উল্লেখ কৰা মতে যোৱা ৯ মাহত কংগ্ৰেছ নেতাগৰাকীয়ে নিৰাপত্তা প্ৰট’কল উলংঘা কৰা ৬টা বিদেশ ভ্ৰমণ হ’ল-

২০২৪ চনৰ ৩০ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ ইটালী ভ্ৰমণ।

১২ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ ভিয়েটনাম ভ্ৰমণ

১৭ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ ডুবাই ভ্ৰমণ

১১ৰ পৰা ১৮ জুনলৈ কাটাৰৰ ডোহা ভ্ৰমণ

২৫ জুনৰ পৰা ৬ জুলাইলৈ লণ্ডন ভ্ৰমণ

৪ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰলৈ মালয়েছিয়া ভ্ৰমণ।

এই ৫টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি, জানক চিকিৎসকৰ পৰা...
কেৱল জয়ৰ নায়কেই নহয়, যুৱৰাজ সিঙক অতিক্ৰম কৰি অনন্য কৃতিত্ব অক্ষৰ পেটেলৰ
অমিতা খায় ভাল পায় নেকি? অমিতাৰ এই গুণৰ বিষয়ে জানি হ'ব আচৰিত!