পুনৰ কালৰূপ ধৰিব নেকি ক’ভিডে! ৪ হাজাৰৰ কাষ চাপিছে আক্ৰান্তৰ সংখ্যা, ২৪ ঘণ্টাত মৃত্যু দুজনৰ
দেশত পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ প্ৰাদুৰ্ভাৱ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ৩৬০ জন নতুন ক’ভিড ৰোগী ধৰা পৰিছে। ইয়াৰ লগে লগে ভাৰতত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৩৭৫৮ গৰাকীলৈ বৃদ্ধি পাইছে।

বিগত ২০১৯ চনৰ পৰা ২১ চনলৈ সমগ্ৰ বিশ্বতে ক’ভিডে সৃষ্টি কৰা ভয়াৱহ অৱস্থাৰ কথা এতিয়াও পাহৰিব পৰা নাই মানৱ সমাজে। এই সময়ছোৱাত ভাৰততো সৃষ্টি হৈছিল আতংকময় পৰিস্থিতিৰ। দেশত এতিয়া পুনৰ বৃদ্ধি পাইছে ক’ভিডৰ প্ৰাদুৰ্ভাৱ। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত ৩৬০ জন নতুন ক’ভিড ৰোগী ধৰা পৰিছে। ইয়াৰ লগে লগে ভাৰতত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ৩৭৫৮ গৰাকীলৈ বৃদ্ধি পাইছে। দেওবাৰলৈ কেৰালা, মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক ক’ভিড ৰোগী ধৰা পৰিছে। কেৰালাত ১৪০০ জন, মহাৰাষ্ট্ৰত ৪৮৫ জন আৰু দিল্লীত ৪৩৬ জন ক’ভিডত আক্ৰান্ত হৈছে।
ইফালে যোৱা ২৪ ঘন্টাত দেশত কৰ’ণাত ২ জন লোকৰ মৃত্যু হৈছে। কৰ্ণাটক আৰু কেৰালাত এই লোক দুজনৰ মৃত্যু ঘটিছে। প্ৰকাশিত খবৰ অনুসৰি কৰ্ণাটকত মৃত্যু হোৱা ৬৩ বছৰীয়া ব্যক্তিজন পূৰ্বৰে পৰা পালমোনাৰী টিবি, স্ক্ৱামাছ চেল কাৰ্চিনোমা আদি ৰোগত আক্ৰান্ত হৈ আছিল। একে সময়তে কেৰালাত ক’ভিড পজিটিভ এগৰাকী ২৪ বছৰীয়া এগৰাকী যুৱতীৰ মৃত্যু হয়। এই যুৱতীগৰাকীও আন বহু ৰোগত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পাইছে। এই পৰ্যন্ত কেৰেলা আৰু মহাৰাষ্ট্ৰত ৭ জনকৈ লোকৰ ক’ভিড সংক্ৰমণৰ ফলত মৃত্যু হৈছে। একে সময়তে যোৱা ২৪ ঘন্টাত ৩৮৩ জন ক’ভিড আক্ৰান্ত লোকে আৰোগ্য লাভ কৰিছে। এই পৰ্যন্ত মুঠ ১৮১৮ জন ক’ভিড ৰোগী সুস্থ হৈ চিকিৎসালয়ে পৰা স্বগৃহলৈ উভতিছে বুলি তথ্য প্ৰকাশ পাইছে।
উল্লেখ্য যে ২২ মে’ পৰ্যন্ত দেশত ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা আছিল ২৫৭ জন। ইয়াৰ পিছতে দ্ৰুত বৃদ্ধিৰে এই সংখ্যা ২৬ মে’ত ১০১০ জনলৈ বৃদ্ধি পায়। ৩১ মে’ পৰ্যন্ত দেশত ৩৩৯৫ জন ক’ভিড আক্ৰান্ত ৰোগী আছিল। ১ জুনত এই সংখ্যা ৩৭৫৮ লৈ বৃদ্ধি পালে।
চাওক দেশৰ কোন ৰাজ্যত কেইগৰাকী ক’ভিড ৰোগী ধৰা পৰিছে-
কেৰেলা- ১৪০০
মহাৰাষ্ট্ৰ- ৪৮৫
দিল্লী- ৪৩৬
গুজৰাট- ৩২০
বংগ- ২৮৭
কৰ্ণাটক- ২৩৮
তামিলনাডু- ১৯৯
উত্তৰ প্ৰদেশ- ১৪৭
ৰাজস্থান- ৬২।