২৪ ঘন্টাত ৭ জন লোকৰ মৃত্যু ! দেশত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা, কোন ৰাজ্যত কিমান ?

যোৱা কেইসপ্তাহমানৰ পৰা দেশত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। যোৱা মাহত আক্ৰান্তৰ সংখ্যা ২০০ জন আছিল, কিন্তু মাহৰ ভিতৰত এই সংখ্যা পাঁচগুণ বৃদ্ধি পাই ১০০০ জন হৈছেগৈ। ২৫ মে’ৰ পৰা ৩০ মে’ৰ ভিতৰত আক্ৰান্তৰ সংখ্যা ২,৭১০লৈ বৃদ্ধি পাইছে।

২৪ ঘন্টাত ৭ জন লোকৰ মৃত্যু ! দেশত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা, কোন ৰাজ্যত কিমান ?
Published: 

31 May 2025 13:43 PM

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা । বৰ্তমান দেশত ২৭১০ জনলৈ বৃদ্ধি পালে কৰ’নাত আক্ৰান্ত সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, কেৰালাত কৰ’নাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক । যোৱা কেইসপ্তাহমানৰ পৰা দেশত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। যোৱা মাহত আক্ৰান্তৰ সংখ্যা ২০০ জন আছিল, কিন্তু মাহৰ ভিতৰত এই সংখ্যা পাঁচগুণ বৃদ্ধি পাই ১০০০ জন হৈছেগৈ। ২৫ মে’ৰ পৰা ৩০ মে’ৰ ভিতৰত আক্ৰান্তৰ সংখ্যা ২,৭১০লৈ বৃদ্ধি পাইছে।

কেন্দ্ৰৰ তথ্য অনুসৰি, কেৰালাত সৰ্বাধিক কৰ’না আক্ৰান্ত ৰোগী পোৱা গৈছে। ৰাজ্যখনত মুঠ ১,১৪৭ জন কৰ’না আক্ৰান্ত লোক পোৱা গৈছে। ইয়াৰ পাছতে আছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত মুঠ আক্ৰান্তৰ সংখ্যা ৪২৪ জন। দিল্লীত কৰ’না আক্ৰান্তৰ সংখ্যা ২৯৪ জন। গুজৰাটত ২২৩ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। কৰ্ণাটক আৰু তামিলনাডুত কৰ’নাত আক্ৰান্ত হৈছে ১৪৮ জন লোক।

ইফালে, ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। যোৱা ২৪ ঘন্টাত কৰ’না সংক্ৰমণৰ বাবে ৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে চলিত বৰ্ষত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা ২২ গৰাকীলৈ বৃদ্ধি পাইছে । মহাৰাষ্ট্ৰত ক’ৰনাত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজন ৰোগীৰ। দিল্লী, গুজৰাট, কৰ্ণাটক, পঞ্জাৱ আৰু তামিলনাডুতো এজনকৈ লোক মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

কিন্তু স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে, দেশৰ ক’ভিড পৰিস্থিতি এতিয়াও স্বাভাৱিক অৱস্থাত আছে । গতিকে এতিয়ালৈকে আতংকিত হোৱাৰ কোনো কাৰণ নাই। ক’ৰনা আক্ৰান্তৰ সংখ্যা সৰ্বাধিক কেৰালাত, কাৰণ তাতেই সৰ্বাধিক ক’ৰনা টেষ্ট কৰা হৈছে। জনা যায় যে, অমাইক্ৰনৰ দুটা চাব-ভেৰিয়েণ্ট LF.7 আৰু NB.1.8.1 ৰ বাবে ক’ৰনা সংক্ৰমণ বৃদ্ধি পাইছে। বৰ্তমান দেশত প্ৰধানকৈ JN.1 ভেৰিয়েন্ট পোৱা গৈছে ।

ভগৱান হনুমানক সন্তুষ্ট কৰা আটাইতকৈ সহজ মন্ত্ৰটো কি? ইয়াৰ অৰ্থ জানক...
নিশা বাৰে বাৰে টোপনি ভাঙি যায় নেকি? জানক ইয়াৰ আঁৰৰ কাৰণ...
গৰমৰ দিনত বৃদ্ধি পায় চকুৰ সংক্ৰমণ, এই সমস্যা ৰোধ কৰাৰ উপায় জানক...
আই পি এল ২০২৫ৰ মাজতে ক্ৰিকেটপ্ৰেমীলৈ দুখৰ খবৰ, অৱসৰ ল’লে এই ৫ তাৰকাই..