ৰুক্ষ প্ৰকৃতিৰ সমুখত বিধ্বস্ত ৰাজ্যঃ প্ৰাণ হেৰুৱালে ৬৯ জনে, এতিয়াও সন্ধানহীন ৩৭ জন

যোৱা ২০ জুনৰ পৰা বেয়া বতৰৰ বাবে সৃষ্টি হোৱা দুৰ্যোগৰ ফলত এই পৰ্যন্ত ৰাজ্যখনত ৬৯ জন লোকে প্ৰাণ হেৰুৱাইছে। একে সময়তে এই দুৰ্যোগৰ ফলত ৩৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দিষ্ট এই লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে।

ৰুক্ষ প্ৰকৃতিৰ সমুখত বিধ্বস্ত ৰাজ্যঃ প্ৰাণ হেৰুৱালে ৬৯ জনে, এতিয়াও সন্ধানহীন ৩৭ জন

বিধ্বস্ত হৈ পৰিছে হিমাচল

Published: 

03 Jul 2025 23:13 PM

প্ৰকৃতিৰ তাণ্ডৱত বিধ্বস্ত হৈ পৰিছে হিমাচল প্ৰদেশ ৰাজ্যখনত প্ৰকৃতিৰ ৰুক্ষ ৰূপৰ ফলত অব্যাহত আছে ভয়াৱহ পৰিস্থিতি যোৱা ২০ জুনৰ পৰা বেয়া বতৰৰ বাবে সৃষ্টি হোৱা দুৰ্যোগৰ ফলত এই পৰ্যন্ত ৰাজ্যখনত ৬৯ জন লোকে প্ৰাণ হেৰুৱাইছে। একে সময়তে এই দুৰ্যোগৰ ফলত ৩৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। নিৰুদ্দিষ্ট এই লোকসকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে এনে অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হৈ শোকত ভাগি পৰিছে ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকল

প্ৰকৃতিৰ এই ধ্বংসলীলাৰ পৰা ৰক্ষাৰ বাবে চৰকাৰক সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে এই লোকসকলে ডাৱৰ বিস্ফোৰণ আৰু বানপানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ মাজতে আজি ৰাজ্যখনৰ মাণ্ডিত পুনৰ দুটা মৃতদেহ উদ্ধাৰ কৰা হয়।মঙলবাৰে মাণ্ডিৰ বিভিন্ন অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ইয়াৰ ফলত তিনিবাৰকৈ ক্ষন্তেকীয়া বানপানী হোৱাৰ লগতে এটা স্থানত ভূমিস্খলনৰ ঘটনাও সংঘটিত হয়।

বিষয়াসকলে জানিবলৈ দিয়া মতে, আজি পুৱা এই ঘটনাৰ ফলত নিৰুদ্দেশ হৈ থকা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এইদৰে মৃতকৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে আন ২৯ জন নিৰুদ্দিষ্টৰ সন্ধান এতিয়াও অব্যাহত আছে।এই দুৰ্যোগত ১৫০টাতকৈও অধিক ঘৰ, ৩১ খন বাহন, ১৪ খন দলং আৰু কেইবাটাও পথৰ ক্ষতিসাধন হৈছে।

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই জানিবলৈ দিয়া মতে, এইপৰ্যন্ত দুৰ্যোগত মুঠ ১৬২টা গৰু নিহত হৈছে ইফালে ৩৭০গৰাকী লোকক উদ্ধাৰ কৰাৰ লগতে ৫টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে বুলিও প্ৰশাসনে সদৰী কৰিছে। মনালী-কেলং পথ বন্ধ হৈ পৰিছে আৰু যানবাহনৰ পথ ৰোহতাং গিৰিপথৰ ফালে সলনি কৰা হৈছে।

ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰই লগতে উল্লেখ কৰা মতে অবিৰত বৰষুণৰ বাবে ৰাজ্যখনত মুঠ ২৬১টা পথা যাতায়তৰ বাবে বন্ধ হৈ পৰিছে ইয়াৰে ১৮৬টা পথ মাণ্ডি জিলাত অৱস্থিত। বানৰ বাবে ৫৯৯টা ট্ৰেন্সফৰ্মাৰ আৰু ৭৯৭ খন পানী যোগান প্রকল্প ক্ষতিগ্রস্ত হৈছে বুলিও তথ্য প্ৰকাশ কৰা হৈছে।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং শুক্কু আৰু বিৰোধী নেতা জয় ৰাম ঠাকুৰে বুধবাৰে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। এই ঘটনাত যিসকল লোকে নিজৰ ঘৰ হেৰুৱাইছে, কোনো স্থানত চৰকাৰী ভূমি উপলব্ধ থাকিলে সেই ভূমি তেওঁলোকৰ নামত আবণ্টন কৰা বুলি স্থানীয় লোকসকলক আশ্বাস প্ৰদান কৰে

শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...
শিৱৰ প্ৰিয় ৩ ৰাশি! শাওণ মাহত লাভ কৰিব বিশেষ কৃপা...
ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই