বৰঘৰৰ চ’ৰাত চীনা কমিউনিষ্ট পাৰ্টীৰ প্ৰতিনিধিৰে কিহৰ আলোচনা বিজেপিৰ?

বিজেপিৰ বৈদেশিক পৰিক্ৰমা মুৰব্বী বিজয় চৌথাইৱালে সোমবাৰে নিজৰ টুইটাৰ হেণ্ডেলত এই বৈঠকৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰে। বৈঠকৰ কেইবাখনো ছবি পোষ্ট কৰি তেওঁ লিখিছে, "বিজেপি আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ মাজত আন্তঃদলীয় যোগাযোগ উন্নত কৰাৰ বাবে এই বৈঠক আয়োজন কৰা হৈছিল।"

বৰঘৰৰ চৰাত চীনা কমিউনিষ্ট পাৰ্টীৰ প্ৰতিনিধিৰে কিহৰ আলোচনা বিজেপিৰ?

বিজেপিৰ কাৰ্যালয়ত চিচিপি প্ৰতিনিধি

Updated On: 

14 Jan 2026 | 08:53 PM

গালৱান সংঘৰ্ষৰ পিছত এইবাৰেই প্ৰথম। বিজেপিৰ মুখ্য কাৰ্যালয়লৈ আহিল চীনৰ শাসকীয় দল বা চীনা কমিউনিষ্ট পাৰ্টিৰ প্ৰতিনিধি। অনুষ্ঠিত হ’ল বৈঠক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এনে দলীয় বৈঠকৰ নজিৰ কম। ভাৰতৰ দৃষ্টিকোণৰ পৰা গালৱান সংঘৰ্ষৰ পিছত এইখনেই প্ৰথম এনে বৈঠক।

বিজেপিৰ বৈদেশিক পৰিক্ৰমা মুৰব্বী বিজয় চৌথাইৱালে সোমবাৰে নিজৰ টুইটাৰ হেণ্ডেলত এই বৈঠকৰ কিছু মুহূৰ্ত শ্বেয়াৰ কৰে। বৈঠকৰ কেইবাখনো ছবি পোষ্ট কৰি তেওঁ লিখিছে, “বিজেপি আৰু চীনৰ কমিউনিষ্ট পাৰ্টিৰ মাজত আন্তঃদলীয় যোগাযোগ উন্নত কৰাৰ বাবে এই বৈঠক আয়োজন কৰা হৈছিল।”

জানিব পৰা মতে, চিপিচি বা চীনৰ কমিউনিষ্ট পাৰ্টিৰ হৈ চিপিচিৰ আন্তঃৰাষ্ট্ৰীয় বিভাগৰ উপ-মন্ত্ৰী ছান হাইয়ানে নেতৃত্ব দিয়ে। আনহাতে, বিজেপিৰ হৈ দলটোৰ সাধাৰণ সম্পাদক অৰুণ সিঙে নেতৃত্ব দিয়ে এই বৈঠকত। লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এই আন্তঃদলীয় বৈঠকত ভাৰতত থকা চীনৰ ৰাষ্ট্ৰদূত জু ফেইয়ঙে অংশগ্ৰহণ কৰে।

দলভিত্তিকভাৱে চীনৰ শাসকীয় দল বা চিপিচিৰ সৈতে বিজেপিৰ সম্পৰ্ক সদায় যথেষ্ট ভাল। প্ৰায় দুটা দশক পূৰ্বে বিজেপিৰ এটা প্ৰতিনিধি দলে চিপিচিৰ শীৰ্ষ নেতাসকলৰ সৈতে সাক্ষাৎ কৰিবলৈ বেইজিং ভ্ৰমণ কৰিছিল। সেই সময়ত আন্তঃদলীয় পৰ্যায়ত এই বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু তেতিয়াৰ পৰাই নতুন দিল্লী আৰু বেইজিঙৰ সম্পৰ্ক দিনক দিনে টেঙা হৈ আহিছে।

শেহতীয়াকৈ চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ ভাৰত ভ্ৰমণৰ বাবে দুয়োখন দেশৰ সম্পৰ্ক কিছু উন্নত হৈছে। পাঁচ বছৰৰ পাছত ভাৰত-চীন প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ হৈছে। মানসৰোৱৰ যাত্ৰাও আৰম্ভ হৈছে। আগৰ তুলনাত কূটনৈতিক সম্পৰ্ক কিছু উন্নত হোৱা বুলি প্ৰকাশ কৰিছে জ্ঞাত সূত্ৰই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...