অভিযুক্তৰ চাইকোমেট্ৰিক পৰীক্ষা, অধীক্ষকৰ জেৰা…কিদৰে আগবাঢ়িছে কলকাতা কাণ্ডৰ চিবিআই তদন্ত
দেশ তোলপাৰ লগোৱা কলকাতা কাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে। দেওবাৰে এই গোচৰৰ মূল অভিযুক্ত তথা এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰা একমাত্ৰ অভিযুক্ত সঞ্জয় ৰয়ৰ চাইকোমেট্ৰিক পৰীক্ষা সম্পন্ন কৰা হয়। আনহাতে চিকিৎসা মহাবিদ্যালয়খৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক দেওবাৰে ক্ৰমাগত তৃতীয় দিনৰ বাবে জেৰা চলায় তদন্ত সংস্থাটোৱে।

কলকাতা কাণ্ড সন্দৰ্ভত চিবিআইৰ জেৰা অব্যাহত
যোৱা ৯ আগষ্টত কলকাতাৰ আৰ জি কাৰ হাস্পতালত সংঘটিত চিকিৎসক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে। প্ৰকাশিত খবৰ অনুসৰি এইপৰ্যন্ত চিবিআইয়ে এই ঘটনাৰ তদন্তত বহু তথ্য উদ্ধাৰ কৰিছে। তদন্তৰ অংশ হিচাপে কেন্দ্ৰীয় সংস্থাটোৱে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক আজিও জেৰা চলাব বুলি জানিব পৰা গৈছে। ইফালে দেওবাৰে এই গোচৰৰ মূল অভিযুক্ত তথা এইপৰ্যন্ত গ্ৰেপ্তাৰ কৰা একমাত্ৰ অভিযুক্ত সঞ্জয় ৰয়ৰ চাইকোমেট্ৰিক পৰীক্ষা সম্পন্ন কৰা হয়। আজি পুনৰ ধৃত সঞ্জয় ৰায়ৰ চাইকোমেট্ৰিক পৰীক্ষা কৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে।
অৱশ্যে এই তদন্ত সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য ৰাজহুৱা কৰা নাই চিবিআইৰ দলটোৱে। কলকাতাৰ এই জঘন্য ঘটনাক লৈ দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে। দোষীৰ শাস্তি আৰু ভুক্তভোগীৰ ন্যায়ৰ দাবীৰে কলকাতাত এই আন্দোলন ব্যাপক হৈ পৰিছে। এনে পৰিস্থিতিৰ মাজতে আজি দিল্লীলৈ ৰাওনা হৈছে বংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসু।
সূত্ৰ অনুসৰি ৰাজ্যপালগৰাকীয়ে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ সময় বিচাৰিছে। এই সাক্ষাতৰ সময়ত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাজ্যপালৰ প্ৰতিবেদন গৃহমন্ত্ৰীক দাখিল কৰা হ’ব পাৰে। উল্লেখ্য যে কলিকতা উচ্চ ন্যায়ালয়ে এই গোচৰৰ তদন্তৰ দায়িত্ব যোৱা ১৩ আগষ্টত চিবিআইৰ হাতত অৰ্পণ কৰিছিল।
চিবিআইয়ে একাংশ কলকাতা আৰক্ষী বিষয়াকে ধৰি ২০জনৰো অধিক লোকক এইপৰ্যন্ত জেৰা কৰিছে। দেওবাৰে ক্ৰমাগত তৃতীয় দিনৰ বাবে চিবিআইয়ে আৰ জি কাৰ কলেজৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জেৰা কৰে। জানিব পৰা মতে দেওবাৰে ঘোষক চিবিআইয়ে ১০ ঘণ্টা ধৰি জেৰা কৰে। সন্দীপ ঘোষৰ ফোনকল আৰু মেছেজ সন্দৰ্ভতো চিবিআইয়ে তদন্ত কৰিছে বুলি প্ৰকাশ পাইছে।
সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা মহাবিদ্যালয়খনৰ সমীপত ১৬৩ ধাৰা জাৰি কৰা হৈছে। অহা ২৪ আগষ্টলৈ মহাবিদ্যালয়খনৰ সমীপত প্ৰতিবাদ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইফালে মঙলবাৰে এই ঘটনাৰ শুনানি গ্ৰহণৰ বাবে নিৰ্ধাৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। প্ৰকাশিত খবৰ অনুসৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়, ন্যায়াধীশ জেবি পাৰ্ডিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে এই গোচৰৰ শুনানি গ্ৰহণ কৰিব।
ইফালে এই ঘটনাৰ পিছতে স্বাস্থ্যকৰ্মী আৰু চিকিৎসকৰ সুৰক্ষাৰ বাবে সুকীয়া আইন প্ৰণয়নৰ দাবীত দেশৰ পদ্ম বঁটা বিজয়ী ৭০জনৰো অধিক চিকিৎসকে প্ৰধানমন্ত্ৰী মোদীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত চিকিৎসকসকলে স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে মৌখিক বা শাৰীৰিক হিংসা আচৰণ কৰাসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে।
ইয়াৰ বাবে এখন অধ্যাদেশ আনিব লাগে বুলিও চিকিৎসকসকলে পত্ৰখনত উল্লেখ কৰিছে। পত্ৰখনত পদ্ম বঁটা বিজয়ীসকলে এই উদ্বেগজনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীৰ তাৎক্ষণিক আৰু ব্যক্তিগত হস্তক্ষেপৰ দাবী জনাইছে।