নিৰ্দোষী ৰিয়া ! কেনেকৈ হৈছিল সুশান্ত সিং ৰাজপুতৰ মৃত্যু ? দীৰ্ঘ সময়ৰ পাছত তদন্তৰ প্ৰতিবেদন দাখিল চিবিআইৰ

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত দুটা গোচৰৰ তদন্তৰ প্ৰতিবেদন আদালত দাখিল কৰিছে চিবিআইয়ে । উল্লেখ্য যে, বিহাৰ আৰক্ষীৰ পৰা এই গোচৰৰ তদন্তৰ দায়িত্ব লৈছিল চিবিআইয়ে । সুশান্তৰ পিতৃ কে কে সিঙে পাটনাত দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত সুশান্তক চৰম সিদ্ধান্তৰ বাবে বাধ্য কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল।

নিৰ্দোষী ৰিয়া ! কেনেকৈ হৈছিল সুশান্ত সিং ৰাজপুতৰ মৃত্যু ? দীৰ্ঘ সময়ৰ পাছত তদন্তৰ প্ৰতিবেদন দাখিল চিবিআইৰ

সুশান্ত সিং ৰাজপুতৰ মৃত্যু কেনেকৈ হৈছিল ?

Updated On: 

23 Mar 2025 11:50 AM

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত তদন্ত সম্পূৰ্ণ কৰিছে চিবিআইয়ে । সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত দুটা গোচৰৰ তদন্তৰ প্ৰতিবেদন আদালত দাখিল কৰিছে চিবিআইয়ে । উল্লেখ্য যে, বিহাৰ আৰক্ষীৰ পৰা এই গোচৰৰ তদন্তৰ দায়িত্ব লৈছিল চিবিআইয়ে । সুশান্তৰ পিতৃ কে কে সিঙে পাটনাত দাখিল কৰাৰ এজাহাৰৰ ভিত্তিত সুশান্তক চৰম সিদ্ধান্তৰ বাবে বাধ্য কৰাৰ অভিযোগত গোচৰ ৰুজু হৈছিল।

২০২০ চনৰ ১৪ জুনত বান্দ্ৰাৰ এটা ফ্লেটৰ পৰা চৰম সিদ্ধান্ত লোৱাৰ অৱস্থাত সুশান্তৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। সেই সময়ত প্ৰায় সংখ্যক অনুৰাগীয়ে খবৰটো বিশ্বাস কৰিব পৰা নাছিল। পিছত প্ৰশ্ন উত্থাপন হ’ল, সুশান্তই চৰম সিদ্ধান্ত ল’লে নে তেওঁক হত্যা কৰা হ’ল? এইলৈ সমগ্ৰ দেশতে বিভিন্ন ধৰণে চৰ্চা আৰম্ভ হয় । তদুপৰি তেওঁৰ মৃত্যুৰ গোচৰত চিবিআইৰ তদন্তৰ দাবী উত্থাপন হয় ।

সেই অনুসৰি, বিহাৰ আৰক্ষীৰ পৰা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত চিবিআইৰ হাতলৈ যায় । চিবিআইয়ে তদন্ত আৰম্ভ কৰে । প্ৰায় ৪ বছৰ ৬ মাহৰ পাছত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে চিবিআইয়ে।
উল্লেখ কৰিব লাগিব যে, সুশান্ত সিং ৰাজপুতৰ গোচৰৰ সৈতে নাম সাঙুৰ খাইছিল তেওঁৰ প্ৰেমিকা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ নাম । ড্ৰাগছৰ যোগান, মানসিক অত্যাচাৰ, ধনৰ বাবে হেঁচা আদিৰ অভিযোগ তেওঁৰ ওপৰত আছিল। সুশান্তৰ পৰিয়ালে প্ৰত্যক্ষভাৱে চৰম সিদ্ধান্ত লোৱাৰ বাবে বাধ্য় কৰোৱাৰ অভিযোগ উত্থাপন কৰে।

২০২০ চনৰ আগষ্ট মাহত বিহাৰ আৰক্ষীৰ পৰা চিবিআইয়ে তদন্তৰ দায়িত্ব লয়। চাৰি বছৰতকৈ অধিক সময় চিবিআইয়ে এই গোচৰৰ তদন্ত চলাইছিল। অৱশেষত চিবিআইয়ে দাখিল কৰিছে সুশান্তৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত প্ৰতিবেদন।

সূত্ৰ অনুসৰি, প্ৰতিবেদনত সুশান্ত সিং ৰাজপুতে চৰম সিদ্ধান্ত লোৱা বুলি দাবী কৰিছে । সুশান্ত সিং ৰাজপুতক চৰম সিদ্ধান্ত লোৱাৰ বাবে বাধ্য কৰোৱা বুলি কোনো ধৰণৰ প্ৰমাণ নাপালে চিবিআইয়ে। ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালক ক্লিন চিট দিয়া হৈছে। সুশান্তৰ মৃত্যু সন্দৰ্ভত দাখিল কৰাৰ এফ আই আৰ দুখনৰ পৰা ৰিয়া চক্ৰৱৰ্তী, ভাতৃ সৌভিক আৰু তেওঁৰ পিতৃ-মাতৃৰ নাম বাদ দিবলৈ কোৱা হৈছে।

অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ ফৰেনছিক দলটোৱেও প্ৰতিবেদনত উল্লেখ কৰিছে যে, সুশান্তক হত্যা কৰা হোৱা নাই। ৩৪ বছৰীয়া অভিনেতাজনে চৰম সিদ্ধান্ত লয়। ফৰেনছিক পৰীক্ষাত সুশান্তৰ লেপটপ, হাৰ্ড ডিস্ক, কেমেৰা আৰু দুটা মোবাইল পোৱা নগ’ল। এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ৮ এপ্ৰিলত বান্দ্ৰা দণ্ডাধীশ আদালতত গ্ৰহণ কৰা হ’ব। যদি আদালতে চিবিআইৰ প্ৰতিবেদন মানি লয় তেন্তে হত্যাৰ গোচৰ খাৰিজ কৰা হ’ব। মনকৰিবলগীয়া যে, এই গোচৰত ২৭ দিন জেলত থাকিবলগীয়া হৈছিল ৰিয়া চক্ৰৱৰ্তী ।

Related Stories
চৰ্দাৰ যেতিয়া সিংহ হয়…..পাকিস্তানৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ জয়গান! শ্বাহবাজ শ্বৰীফক কাপুৰুষ, ভয়াতুৰ আখ্যা…
পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী
ইফালে অপাৰেশ্যন সেন্দূৰ, আনফালে মহাকাশত ভাৰতৰ দুই উপগ্ৰহৰ মাজত যুঁজ! ইছৰ’ৱে দিলে ডাঙৰ সংকেত
কামত নাহিল চীনত নিৰ্মিত পাকিস্তানৰ ছুপাৰছ’নিক বেলিষ্টিক মিছাইল ! ধ্বংস কৰিলে ভাৰতৰ সুদৰ্শনে ?
মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…
ভাৰতীয় সেনাই কিদৰে বিফল কৰিছিল পাকিস্তানৰ সকলো প্ৰচেষ্টা, কেনেদৰে আক্ৰমণকাৰীক দিছিল যোগ্য প্ৰত্যুত্তৰ? সকলো জানক
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?