ভাৰতত জাতিগত লোকপিয়লৰ তাৰিখ নিৰ্ধাৰণ, কেতিয়া আৰু কি দৰে হ’ব জাতিগত লোকপিয়ল, জানি লওক

স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল কৰা হ’ব । ভাৰতত দুটা পর্যায়ত জাতিগত লোকপিয়ল কৰা হ’ব ৷ ইয়াৰ প্ৰথম পৰ্যায়ৰ পিয়ল ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব ।

ভাৰতত জাতিগত লোকপিয়লৰ তাৰিখ নিৰ্ধাৰণ, কেতিয়া আৰু কি দৰে হব জাতিগত লোকপিয়ল, জানি লওক

প্ৰতীকী ছবি

Published: 

04 Jun 2025 18:33 PM

দেশত জাতিগত লোকপিয়ল কেতিয়া হ’ব? বহুতৰে মনত উত্থাপিত হৈছিল এই প্ৰশ্ন । সেই তাৰিখ এতিয়া প্ৰকাশ কৰা হৈছে । ভাৰতত দুটা পর্যায়ত জাতিগত লোকপিয়ল কৰা হ’ব ৷ ইয়াৰ প্ৰথম পৰ্যায়ৰ পিয়ল ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব । প্ৰথম পৰ্যায়ত চাৰিখন ৰাজ্যত জাতিগত লোকপিয়ল কৰা হ’ব । এই ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ড, হিমাচল, লাডাখ আৰু জম্মু-কাশ্মীৰ অন্যতম ।

স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল কৰা হ’ব । লোকপিয়লৰ সমান্তৰালকৈ জাতিগত লোকপিয়ল কৰা হ’ব । যোৱা মাহত মোদী চৰকাৰে জাতিগত লোকপিয়লত অনুমোদন জনাইছিল । ১৯৩১ চনৰ পিছত ভাৰতত কোনো ধৰণৰ জাতিগত লোকপিয়ল কৰা হোৱা নাই । আনহাতে, দেশত প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয় । শেষৰটো লোকপিয়ল ২০১১ চনত কৰা হৈছিল । বিধি অনুসৰি ২০২১ চনত লোকপিয়ল কৰিব লাগিছিল যদিও Covid-19ৰ বাবে সেয়া কৰিব পৰা নগ’ল ।

চৰকাৰৰ লোকপিয়লৰ প্ৰস্তুতি সম্পূৰ্ণ

কেন্দ্রীয় চৰকাৰৰ জাতিগত লোকপিয়লৰ প্রস্তুতি প্রায় সম্পূর্ণ ৷ এইবাৰ জাতিগত লোকপিয়লতো ডিজিটেল পদ্ধতি গ্ৰহণ কৰা হ’ব । ডিজিটেল পদ্ধতিৰ ব্যৱহাৰে সময় ৰাহি কৰিব আৰু সঠিকতাও অধিক হ’ব । প্ৰায় ৩ বছৰত সম্পূৰ্ণ হ’ব জাতিগত লোকপিয়লৰ প্ৰক্ৰিয়া । অৱশ্যে এই প্ৰক্ৰিয়াত আগতে প্ৰায় ৫ বছৰ সময় লাগিছিল । জনগণনা আইন, ১৯৪৮ আৰু লোকপিয়ল নিয়ম, ১৯৯০ৰ বিধান অনুসৰি ভাৰতৰ লোকপিয়ল কৰা হয় । ভাৰতৰ শেষৰটো লোকপিয়ল ২০১১ চনত দুটা পৰ্যায়ত কৰা হৈছিল ।

এই দাবী বহুদিন ধৰি চলি আছিল

দীৰ্ঘদিন ধৰি দেশত জাতিগত লোকপিয়লৰ দাবী আছিল, তাৰ পিছত ইয়াৰ চূড়ান্ত তাৰিখত ছীল-মোহৰ লগোৱা হৈছে । ভাৰতত স্বাধীনতাৰ পিছত ১৯৫১ চনৰ পৰা ২০১১ চনলৈ সাতবাৰ আৰু সৰ্বমুঠ ১৫ বাৰ লোকপিয়ল কৰা হৈছে । সংখ্যালঘু, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি লোকপিয়লত গণনা কৰা হয়, কিন্তু আন জাতিৰ গণনা কৰা নহয় ।

৯৪ বছৰৰ পাছত জাতিগত লোকপিয়লৰ সিদ্ধান্ত

১৯৩১ চনৰ পিছত ভাৰতত এতিয়ালৈকে জাতিভিত্তিক লোকপিয়ল হোৱা নাছিল । ৯৪ বছৰৰ পাছত মোদী চৰকাৰে জাতি জনগণনা কৰাৰ সিদ্ধান্ত লৈছে । লোকপিয়লত SC-ST ৰ জনসংখ্যাৰ তথ্য আছে, কিন্তু OBC ৰ নাই, যাৰ বাবে সংৰক্ষণ নীতি অস্পষ্ট হৈয়েই থাকিল । প্ৰভাৱশালী অ’বিচি জাতিবোৰে (যেনে যাদৱ, কুৰ্মী) অধিক সুবিধা পাইছিল । দুৰ্বল অ’বিচি জাতিবোৰ প্ৰান্তীয় হৈ থাকিল।

বহু ৰাজনৈতিক দলে বিশ্বাস কৰে আৰু এই বিষয়টো সংসদৰ ভিতৰত আৰু বাহিৰত বহুবাৰ চৰ্চা হৈছে যে বহু অ’বিচি জাতিৰ আৰ্থ-সামাজিক অৱস্থা ইমানেই উন্নত হৈছে যে তেওঁলোকক সংৰক্ষণ তালিকাৰ পৰা বাদ দিব পাৰি । লগতে ২০১৭ চনত গঠন হোৱা ৰোহিনী আয়োগে অ’বিচি শিতানত উপ-শ্ৰেণী বনোৱাৰ পৰামৰ্শ দিছিল যাতে দুৰ্বল জাতিয়ে অধিক সুবিধা লাভ কৰিব পাৰে, কিন্তু আজিলৈকে এই প্ৰতিবেদন ৰাজহুৱা কৰা হোৱা নাই ।

জাতিগত লোকপিয়লৰ লগে লগে কি সলনি হ’ব

জাতিগত লোকপিয়লৰ পিছত দেশৰ ৰাজনৈতিক গাঁথনি সলনি হ’ব পাৰে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ বিধানসভা আৰু লোকসভা সমষ্টিতো দেখা যাব । ইয়াৰ পৰাই কোনটো জাতিৰ জনসংখ্যা কোন বিধানসভাত আৰু কোনটো লোকসভা সমষ্টিত কিমান আছে সেয়া জানিব পৰা যাব । জাতিগত লোকপিয়লৰ প্ৰভাৱ ৰাজনীতিতো পৰিব । জাতিগত লোকপিয়লৰ পৰিসংখ্যা ওলোৱাৰ পিছত চৰকাৰৰ ওপৰত চাপ পৰিব সংৰক্ষণৰ সীমা বৃদ্ধিৰ বাবে ।

হাড়ত কৰ্কট ৰোগ হ'লে দেখা দিয়ে এইসমূহ লক্ষণ, চিকিৎসকৰ পৰা জানক...
যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?