চাইকেলেৰে ৬০৮ কিলোমিটাৰ যাত্ৰা কৰি কৰ্মস্থলীত BSFৰ বিষয়া! আঁৰৰ কাৰণে মুগ্ধ কৰিব আপোনাক

পূৰ্বে দিল্লীত নিয়োজিত হৈ থকা ধ্ৰুৱ প্ৰসাদক কিছুদিন পূৰ্বে যোধপুৰলৈ বদলি কৰা হয়। এই নিৰ্দেশৰ পিছতে ধ্ৰুৱই এক আচৰিত পদক্ষেপ গ্ৰহণ কৰে। দিল্লীৰ পৰা যোধপুৰলৈ তেওঁ চাইকেল চলায়েই যাত্ৰা কৰে আৰু পাঁচদিনৰ এই যাত্ৰাৰ অন্তত ৬০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি লক্ষ্যস্থানত উপস্থিত হ’ল। তেওঁৰ এই পদক্ষেপৰ আঁৰত আছে এক বিশেষ কাৰণ।

চাইকেলেৰে ৬০৮ কিলোমিটাৰ যাত্ৰা কৰি কৰ্মস্থলীত BSFৰ বিষয়া! আঁৰৰ কাৰণে মুগ্ধ কৰিব আপোনাক

BSFৰ বিষয়াৰ বিশেষ পদক্ষেপ

Published: 

04 Jul 2025 | 05:06 PM

শেহতীয়াকৈ চৰ্চালৈ আহিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSFৰ এগৰাকী বিষয়া। নিজৰ এক অভিনৱ কামেৰে এই বিষয়াগৰাকী সমগ্ৰ দেশজুৰি এতিয়া চৰ্চিত হৈ পৰিছে। এই বিষয়াগৰাকীৰ নাম ধ্ৰুৱ প্ৰসাদ। BSFৰ এয়াৰ উইঙৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে নিয়োজিত হৈ আছে তেওঁ। পূৰ্বে দিল্লীত নিয়োজিত হৈ থকা ধ্ৰুৱ প্ৰসাদক কিছুদিন পূৰ্বে যোধপুৰলৈ বদলি কৰা হয়। এই নিৰ্দেশৰ পিছতে ধ্ৰুৱই এক আচৰিত পদক্ষেপ গ্ৰহণ কৰে। দিল্লীৰ পৰা যোধপুৰলৈ তেওঁ চাইকেল চলায়েই যাত্ৰা কৰে।

পাঁচদিনৰ এই যাত্ৰাৰ অন্তত ৬০৮ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি লক্ষ্যস্থানত উপস্থিত হ’ল ধ্ৰুৱ। পিছে কৰ্মস্থলীত উপস্থিত হোৱাৰ বাবে এনে কঠিন পথ কিয় ল’লে বিষয়াগৰাকীয়ে? স্বাভাৱিকতেই সেয়া এক চৰ্চিত প্ৰশ্ন। অৱশ্যে ধন ৰাহি কৰা বা চমকৰ বাবে এই পদক্ষেপ লোৱা নাছিল ধ্ৰুৱ প্ৰসাদে। তেওঁৰ এই পদক্ষেপৰ আঁৰত আছিল এক মহৎ উদ্দেশ্য।

ধ্ৰুৱ প্ৰসাদে এইদৰে চাইকেলেৰে যাত্ৰা কৰাৰ আঁৰত আছিল পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰদানৰ উদ্দেশ্য। তেওঁৰ লক্ষ্য আছিল এই যাত্ৰাকালত লগ পোৱা আৰু তেওঁৰ সৈতে যোগদান কৰা লোকসকলক সেউজ শক্তিৰ বাৰ্তা দিয়া। দিল্লীৰ পৰা যোধপুৰলৈ বদলি হোৱাৰ পিছত ধ্ৰুৱই নতুন কৰ্মস্থলীত যোগদানৰ বাবে তিনিখন ৰাজ্যৰ মাজেৰে পাঁচ দিন চাইকেল চলায়।

এই সময়ছোৱাত তেওঁ দিল্লী, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজেৰে যাত্ৰা কৰিছিল। গুৰুগ্ৰাম, বাৱাল, নিমৰানা, ৰেৱাৰী, বেহৰৰ, কোটপুতলী, দুডু, কিষানগড়, আজমেৰ, বেৱাৰ, বৰৰ আদি চহৰ তেওঁৰ এই যাত্ৰাই সামৰি লৈছিল। সহকাৰী কামাণ্ডেণ্ট ধ্ৰুৱই কয় যে এই যাত্ৰাত পৰম্পৰাগত ইন্ধন পৰিবহণৰ তুলনাত প্ৰায় ১৩০ কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড নিৰ্গমন ৰাহি হৈছে।

এই সৰু প্ৰচেষ্টাই মানুহক দৈনন্দিন জীৱনত কম দূৰত্বৰ কামৰ বাবে যান-বাহনৰ ব্যৱহাৰ কম কৰিবলৈ উৎসাহিত কৰিব বুলি তেওঁ মন্তব্য কৰে। লক্ষ্যস্থানত উপস্থিত হোৱাৰ বাবে তেওঁ প্ৰতিদিনে ৮-১২ ঘণ্টা যাত্ৰা কৰিছিল। তীব্ৰ গৰমৰ মাজতো তেওঁ নিজৰ উদ্দেশ্য পূৰণ কৰিছিল। জিপিএছ ট্ৰেক কৰা স্প’ৰ্টছ কেপচাৰিং এপ আৰু ফটোৰ জৰিয়তে তেওঁ নিজৰ সমগ্ৰ যাত্ৰা ৰেকৰ্ড কৰিছিল।

যাত্ৰাৰ ভিন্ন ক্ষণ তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো শ্বেয়াৰ কৰিছে। ধ্ৰুৱ প্ৰসাদে কয় যে শাৰীৰিক ফিটনেছ আৰু পৰিৱেশ একেলগে সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। চাইকেল চলোৱাটো কেৱল পৰিৱেশৰ বাবেহে যে ভাল এনে নহয়, শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি তেওঁ দোহাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...