অসহনীয়! ডেৰ বছৰীয়া পুত্ৰক লৈ গংগাত জাপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়ে…

ডেৰ বছৰীয়া পুত্ৰক কোলাত লৈ গংগা বেৰেজৰ পৰা জপিয়াই দিয়ে BSFৰ জোৱানে। এই ঘটনাৰ চিচিটিভি ফুটেজও পোহৰলৈ আহিছে। ৫ দিন পূৰ্বে BSF জোৱানগৰাকীৰ পত্নীয়েও গংগা বেৰেজৰ পৰা জপিয়াইছিল।

অসহনীয়! ডেৰ বছৰীয়া পুত্ৰক লৈ গংগাত জাপ BSF জোৱানৰ, ৫ দিন পূৰ্বে পত্নীয়ে...

ডেৰ বছৰীয়া পুত্ৰত লৈ গংগাত জপিয়ালে BSF জোৱানে

Updated On: 

24 Aug 2025 | 05:07 PM

উত্তৰ প্ৰদেশৰ বিজনুৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। শনিবাৰে দুপৰীয়া নিজৰ ডেৰ বছৰীয়া নিৰীহ পুত্ৰক কোলাত লৈ গংগা নদীত জপিয়াই দিয়ে এগৰাকী বিএছএফ জোৱানে। পথচাৰীয়ে এই দৃশ্য দেখাৰ লগে লগে চিঞৰ-বাখৰ আৰম্ভ কৰে । ইফালে খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, পিএচি ডুবাৰু আৰু এছডিআৰএফৰ দল ।

ইয়াৰ পিছত অনুসন্ধান অভিযানত ডুবাৰুৱে প্ৰায় ছয় ঘণ্টা ধৰি নদীত পিতৃ-পুত্ৰক বিচাৰি ফুৰিছিল যদিও প্ৰবল গংগাৰ সোঁতত এতিয়ালৈকে তেওঁলোকৰ কোনো উমান পোৱা নাই। এই ঘটনাৰ চিচিটিভি ফুটেজও পোহৰলৈ ওলাইছে। য’ত বিএছএফৰ জোৱান ৰাহুলক পুত্ৰ প্ৰণৱৰ সৈতে বেৰেজলৈ যোৱা দেখা গৈছে। প্ৰথমে পুত্ৰক খোজকাঢ়ি লৈ ​​যায়। তাৰ পিছত বেৰেজৰ ১৭ নং গেট পোৱাৰ লগে লগে পুত্ৰক কোলাত তুলি লৈ নদীত জপিয়াই পৰে।

এটা প্ৰেম কাহিনীৰ বেদনাদায়ক অন্ত

এই ঘটনাত এটা প্ৰেম কাহিনীৰো বেদনাদায়ক অন্ত পৰিছে। আচলতে বি এছ এফ জোৱান ৰাহুলে পত্নী মনীষা ঠাকুৰ আৰু পুত্ৰ প্ৰণৱৰ সৈতে নাজিবাবাদৰ বেদ বিহাৰ কলনীত বাস কৰিছিল। তাৰ পিছত আহমেদাবাদলৈ বদলি কৰা হৈছিল ৰাহুলক। ৫ বছৰ আগতে মনীষাৰ লগত ৰাহুলৰ প্ৰেম বিবাহ হৈছিল। বিয়াৰ পিছত সকলো ঠিকেই আছিল। তিনি বছৰৰ পাছত পুত্ৰ প্ৰণৱৰ জন্ম হয়। মাৰ্চ মাহত ছুটী লৈ ঘৰলৈ আহিছিল ৰাহুল।

সেই সময়ত পেৰালাইচিচ ৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁ পাঁচ মাহ ছুটী বৃদ্ধি কৰিছিল। ১৯ আগষ্ট মঙলবাৰে মনীষাৰ লগত ৰাহুলৰ কাজিয়া হৈছিল। তাৰ পাছত খঙত মনীষাই ক’লে যে মই বেৰেজৰ পৰা জপিয়াই আত্মহত্যা কৰিম। এই বুলি কৈ তেওঁ ঘৰৰ পৰা ওলাই আহিল। ৰাহুলো পত্নীৰ পিছে পিছে গ’ল। কিন্তু ৰাহুলে মনীষাক আশে-পাশে বিচাৰি ফুৰিছিল যদিও ক’তো বিচাৰি নাপালে।

পিছত গম পোৱা গ’ল যে তেওঁ বাছেৰে বিজনোৰলৈ গৈছিল। ইয়াৰ পিছত ৰাহুলে ঘৰৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ বিজনোৰ গংগা বেৰেজৰ ১৭ নম্বৰ গেটৰ সন্মুখত পৰি থকা মনীষাৰ চেণ্ডেল দেখিলে। গংগা বেৰেজত লগোৱা চিচিটিভিখন ৰাহুলে পৰীক্ষা কৰাৰ সময়ত মনীষাক গংগাত জপিয়াই দিয়া দেখা যায়। পাঁচ দিন ধৰি গংগাত মণিষাৰ সন্ধান চলিছিল। ইফালে শনিবাৰে বিয়লি ৰাহুলে নিজৰ দুবছৰীয়া পুত্ৰ প্ৰণৱৰ ঔষধ আনিবলৈ বিজনোৰ হাস্পতাললৈ আহিছিল।

১৭ নম্বৰ গেটৰ পৰা পুত্ৰৰ সৈতে জপিয়াই পৰে বিএছএফ জোৱান

ঔষধ পোৱাৰ পিছত তেওঁ টেক্সিৰে পোনে পোনে  গংগা বেৰেজ পালে আৰু পুত্ৰক কোলাত লৈ বেৰেজৰ ফালে আগবাঢ়িল। তাৰ পিছত দুপৰীয়া প্ৰায় ২ বজাত বেৰেজ পাৰ হৈ আৰক্ষী থানালৈ গৈ পৰিদৰ্শকক পত্নীৰ কথা সুধিলে। তাৰ পৰা উভতি আহোঁতে ১৭ নম্বৰ গেটৰ পৰা পুত্ৰৰ সৈতে গংগাত জপিয়াই দিয়ে। তেওঁ মোবাইল ফোনটো দলঙতে থৈ যায়।

এইখনেই আছিল সেই ১৭ নম্বৰ গেট য’ৰ পৰা পাঁচদিন পূৰ্বে ৰাহুলৰ পত্নী মনীষাই গংগাত জপিয়াই আত্মহত্যা কৰিছিল। ৰাহুলে জপিয়াই পৰা সময়টোও প্ৰায় একেই আছিল। বৰ্তমান গংগাত ৰাহুল, তেওঁৰ পত্নী আৰু পুত্ৰৰ সন্ধান চলি আছে।

লগতে পঢ়ক: বিবাহিত পুৰুষৰ সৈতে প্ৰাপ্তবয়স্ক মহিলাই কৰিব পাৰিব সংসাৰ, উচ্চ ন্যায়ালৰ গুৰুত্বপূৰ্ণ ৰায়

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...