পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী

ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হৈছে উত্তেজনাৰ। অপাৰেশ্যন সেন্দূৰৰ পিছত আতংকৰ সৃষ্টি হৈছে পাকিস্তানত। বাৰে বাৰে বিফল হৈয়ো আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। ইয়াৰ মাজত জম্মু সীমান্ত বিএছ ফৰ সাম্বা ছেক্টৰত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল এটা বৃহৎ সন্ত্ৰাসবাদী সংগঠনে। যাক ইতিমধ্য়ে বিফল কৰিছে ভাৰতীয় সেনাই। এই অভিযানত নিহত হৈছে ৭টা সন্ত্ৰাসবাদী।

পুনৰ পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা, BSFৰ গুলীত নিহত ৭ সন্ত্ৰাসবাদী

ভাৰতীয় সেনা

Published: 

09 May 2025 | 02:53 PM

পহলগাম আক্ৰমণৰ পিছৰে পৰৈ ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হৈছে উত্তেজনাৰ। অপাৰেশ্যন সেন্দূৰৰ পিছত আতংকৰ সৃষ্টি হৈছে পাকিস্তানত। বাৰে বাৰে বিফল হৈয়ো আক্ৰমণৰ চেষ্টা অব্যাহত ৰাখিছে পাকিস্তানে। ইয়াৰ মাজতে ২০২৫ চনৰ ৮ আৰু ৯ মে’ৰ মাজৰ নিশা জম্মু সীমান্ত বিএছএফৰ চাম্বা ছেক্টৰত এটা বৃহৎ সন্ত্ৰাসবাদী সংগঠনে অনুপ্ৰৱেশৰ চেষ্টা চলায়। যিটো বিফল কৰে ভাৰতীয় সেনাই।পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা ৭টা সন্ত্ৰাসবাদীক হত্যা কৰিছে বিএছএফে।

প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে যে নিহত সন্ত্ৰাসবাদীক জয়ছ বুলি চিনাক্ত কৰা হৈছে। ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সীমান্তত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। মাজনিশা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। যিটো ভাৰতীয় সেনাই বিফল কৰিছে। সেনাই সমগ্ৰ ঘটনাৰ ভিডিঅ’ও প্ৰকাশ কৰিছে, য’ত সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ আৰু গুলীচালনা কৰা দেখা গৈছে।

সেনাবাহিনীৰ এই প্রতিশোধমূলক কার্যত পাকিস্তানৰ ধনধৰ প’ষ্টৰ যথেষ্ট ক্ষতি হৈছে৷  বিষয়াই কোৱা অনুসৰি, এই অনুপ্ৰৱেশৰ প্ৰচেষ্টাত পাকিস্তানৰ BAT অৰ্থাৎ সীমান্ত কাৰ্যকৰী দল জড়িত হ’ব পাৰে।

সেনা দলটোৱে নিশা সীমান্তত টহল দি আছিল। এই সময়ছোৱাত তেওঁলোক দৃষ্টি সন্ত্ৰাসবাদীৰ ওপৰত পৰে। নিশা প্ৰায় ১১.৩০ বজাত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল সন্ত্ৰাসবাদীয়ে। সেনাই তেওঁলোকক ৰখোৱাৰ পিছত তেওঁ পলাবলৈ চেষ্টা কৰে যদিও গুলীচালনা আৰম্ভ কৰে। ইতিমধ্যে অনুপ্ৰৱেশৰ ক্ষেত্ৰত সাম্বা অতি স্পৰ্শকাতৰ অঞ্চল। এই কাৰণেই ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত ইয়াত সতৰ্কতা বৃদ্ধি কৰা হৈছে।

ভাৰতে যেতিয়াৰ পৰা অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰাৰে পৰাই পাকিস্তানত আতংকৰ সৃষ্টি হৈছে। সন্ত্ৰাসবাদী আত্মগোপন ঘাটি আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে ভাৰতে। ইয়াৰ বাবে হতাশ হৈ জম্মু বিমানবন্দৰত আক্ৰমণৰ ব্যৰ্থ প্ৰচেষ্টা চলাই পাকিস্তানে। যিটো ভাৰতীয় সেনাই বিফল কৰিছিল। এই অভিযানত ৫০ৰো অধিক পাকিস্তানী ড্ৰোন নিক্ষেপ কৰা হয়। এতিয়া পাকিস্তানে ভাৰতৰ ওপৰত অহৰহ প্ৰতিশোধ ল’বলৈ অসফল চেষ্টা চলাই আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...