মুছলিম যুৱকৰ সৈতে ভগ্নীৰ প্ৰেম, সহ্য নহ’ল দুই ভাতৃৰ! বিবাহৰ প্ৰতিশ্ৰুতিৰে ঘৰলৈ মাতি…

তদন্তত প্ৰকাশ পাইছে যে হিমালয় আৰু সৌৰভে বিবাহৰ আলোচনাৰ অজুহাতত আলী আব্বাছক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। তাত পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে আলীক লাঠি আৰু ৰডেৰে আক্ৰমণ কৰা হয়। তদুপৰি অভিযুক্তই ইটাৰে মূৰৰ মৰিয়াই হত্যা কৰে।

মুছলিম যুৱকৰ সৈতে ভগ্নীৰ প্ৰেম, সহ্য নহল দুই ভাতৃৰ! বিবাহৰ প্ৰতিশ্ৰুতিৰে ঘৰলৈ মাতি...

মুছলিম যুৱকৰ সৈতে ভগ্নীৰ প্ৰেম

Published: 

24 Sep 2025 | 01:51 PM

উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা। প্ৰেমৰ সম্পৰ্কৰ বাবে নিৰ্মমভাৱে হত্যা ২৬ বছৰীয়া আলী আব্বাছ নামৰ যুৱকক। ইয়াৰে দুজন অভিযুক্ত হিমালয় প্ৰজাপতি আৰু সৌৰভ প্ৰজাপতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তৃতীয় অভিযুক্ত চনু এতিয়াও পলাতক অৱস্থাত আছে।

ঘটনা সংঘটিত হৈছে সাদাতগঞ্জ থানা এলেকাত। আৰক্ষীয়ে জনোৱা মতে, বিগত চাৰি বছৰ ধৰি লাকদামণ্ডী অঞ্চলত বসবাস কৰা প্ৰজাপতি সম্প্ৰদায়ৰ এগৰাকী যুৱতীৰ সৈতে আলী আব্বাছৰ প্ৰেমৰ সম্পৰ্ক আছিল। সমগ্ৰ অঞ্চলটোৱে এই সম্পৰ্কৰ বিষয়ে জানিছিল যদিও যুৱতীগৰাকীৰ পৰিয়াল বিশেষকৈ ভাতৃ হিমালয় আৰু সৌৰভৰ এই সম্পৰ্কত অনুমোদন জনোৱা নাছিল। তেওঁলোকে বিচৰা নাছিল মুছলমান যুৱকজনে তেওঁলোকৰ ভগ্নী বিয়া কৰাওক। পাৰিবাৰিক অসন্তুষ্টি আৰু সামাজিক হেঁচাত দুয়ো ভাতৃৰ আলীৰ প্ৰতি ক্ষোভ গঢ় লৈ উঠিছিল।

হত্যাৰ ষড়যন্ত্ৰ

তদন্তত প্ৰকাশ পাইছে যে হিমালয় আৰু সৌৰভে বিবাহৰ আলোচনাৰ অজুহাতত আলী আব্বাছক নিজৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। তাত পূৰ্ব পৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে আলীক লাঠি আৰু ৰডেৰে আক্ৰমণ কৰা হয়। তদুপৰি অভিযুক্তই ইটাৰে মূৰৰ মৰিয়াই হত্যা কৰে। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আলীৰ পৰিয়ালে আৰক্ষীৰ সহায় বিচাৰিছিল যদিও আৰক্ষী আহি পোৱাৰ সময়লৈকে ইতিমধ্যে যুৱকজনৰ মৃত্যু হৈছিল।

তাৰ পিছত মৃতকৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত হত্যাৰ গোচৰ ৰুজু কৰা হৈছে বুলি উল্লেখ কৰে উপ আৰক্ষী আয়ুক্ত বিশ্বজীত শ্ৰীবাস্তৱে। ঘটনাস্থলীৰ পৰা হিমালয় প্ৰজাপতি আৰু সৌৰভ প্ৰজাপতি নামৰ দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে পলাতক অভিযুক্ত চনুৰ সন্ধানত আৰক্ষীৰ দুটা দলে অভিযান চলাই আছে।

এই ঘটনাৰ পিছতে লাকদামণ্ডী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত উত্তেজনাই বিৰাজ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে  অতিৰিক্ত বাহিনী মোতায়েন কৰিছে আৰক্ষীয়ে। ডিচিপিয়ে কয় যে, ঘটনাৰ পুংখানুপুংখ তদন্ত চলি আছে আৰু পলাতক অভিযুক্তক অতি সোনকালে আটক কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...