Gen-Z ক উত্তেজিত কৰাৰ চেষ্টা কৰি আছে ৰাহুল গান্ধীয়েঃ বিজেপি
ৰাহুল গান্ধীৰ বিৰুদ্ধে ডাঙৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৰ। তেওঁৰ মতে, ৰাহুল গান্ধীয়ে Gen-Z সকলক উচতনি দিয়াৰ চেষ্টা কৰিছে। ইয়াৰোপৰি তেওঁৰ ভুলৰ বাবে কংগ্ৰেছ জয়ী নহয় বুলি কয় ৰিজিজুয়ে।

বিজেপি-কংগ্ৰেছ
বুধবাৰে সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে। কেৱল হাৰিয়ানাতে ২৫ লাখ ভোট চুৰি হোৱা বুলি দাবী কৰে তেওঁ। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিয়ে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে, “নিজৰ ব্যৰ্থতা লুকুৱাবলৈ ৰাহুল গান্ধীয়ে সংবাদমেল সম্বোধন কৰে। তেওঁৰ হাইড্ৰোজেন বোমা কেতিয়াও বিস্ফোৰণ নহয়। গান্ধীয়ে বহু অৰ্থহীন কথা কয়। এনে অভিযোগৰ জৰিয়তে তেওঁ Gen-Z ক উচতনি দিবলৈ চেষ্টা কৰিছে”।
ৰিজিজুৱে আৰু কয়, যোৱা অধিবেশনৰ সময়ত তেওঁ টি-চাৰ্টত এগৰাকী মহিলাৰ নাম লিখি ঘূৰি ফুৰিছিল আৰু পাছত সেইগৰাকী মহিলাক গালি গালাজ পাৰিছিল। ২ দিন পাছত বিহাৰত পুনৰ ভোট গ্ৰহণ হ’ব গতিকে হাৰিয়ানাৰ কথা শুনাই আছে। বিহাৰৰ ক’বলগীয়া একো নাই সেয়ে এতিয়া হাৰিয়ানাৰ ভুৱা কাহিনীৰে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিছে।তেওঁ আৰু কয়, ৰাহুল গান্ধীয়ে আজি এগৰাকী বিদেশী মহিলাৰ নাম উল্লেখ কৰিছিল। তেওঁ বিদেশিত গৈ থাকে আৰু তাৰ পৰাই প্ৰেৰণা লাভ কৰে।
গান্ধীক কটাক্ষ কৰি গান্ধীয়ে কয় যে, ”গান্ধীয়ে সদায় কয় পাৰমাণৱিক বোমা বিস্ফোৰণ হ’ব, কিন্তু তেওঁৰ সেই পাৰমাণৱিক বোমা কিয় কেতিয়াও বিস্ফোৰণ নহয়? হাৰিয়ানাৰ নিৰ্বাচনৰ সময়ত কুমাৰী চেলজাই কোৱা কথাবোৰ তেওঁ পাহৰি গ’ল নেকি? তেওঁলোকৰ নেতা ৰাৱে হাৰিয়ানাত অন্তৰ্কন্দলৰ কথা কয়। বহু কংগ্ৰেছীয়ে মোক কয় যে, ৰাহুল গান্ধী কংগ্ৰেছৰ নেতা হৈ থকালৈকে আমি জয়ী হব নোৱাৰিম”।
কিৰেন ৰিজিজুৱে কয় যে, “বিহাৰৰ সকলোৱে SIR লৈ সুখী। শুদ্ধিকৰণ ভুল নেকি? কিন্তু সকলো সমস্যা কেৱল কংগ্ৰেছ আৰু ৰাহুল গান্ধীৰ মাজত নিহিত হৈ আছে। বিহাৰৰ বহু নেতাই বিচাৰে যে ৰাহুল গান্ধীয়ে তেওঁলোকৰ বাবে প্ৰচাৰ নকৰক, কিয়নো প্ৰচাৰ কৰিলে পৰাজয় নিশ্চিত”।
তেওঁ আৰু কয়, “গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব। আমি মত ব্যক্ত কৰিছো, কিয়নো তেওঁ বিজেপি আৰু আমাৰ নেতাসকলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ প্ৰতিগৰাকী নেতাই সদায় কঠোৰ পৰিশ্ৰম কৰে, যাৰ বাবে আমি জয়ী হয়। কামৰ বাবে যোৱা ৩-৪ মাহ ধৰি আমি আমাৰ নিজৰ গাঁৱলৈ যাব পৰা নাই”।
অন্য খবৰ পঢ়কঃ অসমৰ প্ৰতিখন চহৰত এটা পথ ড° ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ’ব: মুখ্যমন্ত্ৰী