Bihar Elections: ৰাজনীতিত ষ্টাৰডম ফ্লপ! অকলে জিলিকিল উঠে মৈথিলী ঠাকুৰ

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনে সকলোকে আচৰিত কৰিছে। আলিগঞ্জত বিজেপিৰ মৈথিলী ঠাকুৰে বিনোদ মিশ্ৰক পৰাস্ত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

Bihar Elections: ৰাজনীতিত ষ্টাৰডম ফ্লপ! অকলে জিলিকিল উঠে মৈথিলী ঠাকুৰ
Published: 

15 Nov 2025 10:53 AM

বিহাৰ বিধানসভা নিৰ্বাচনত চেলিব্ৰিটি প্ৰাৰ্থী আৰু ভোজপুৰী চিনেমাৰ বিশিষ্ট ব্যক্তিসকলৰ বিপৰ্যয়ৰ সৃষ্টি হৈছিল। বিজেপিৰ টিকটত অলিনগৰৰ পৰা বিজয়ী হৈ দৃষ্টি আকৰ্ষণ কৰিলে কেৱল মৈথিলী ঠাকুৰে। বিহাৰ বিধানসভা নিৰ্বাচনত ১১,৭৩০ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। বিহাৰৰ আন প্ৰাৰ্থীৰ লগতে অভিনেতা-গায়ক খেছাৰী লাল যাদৱো পৰাস্ত হয়।

নিৰ্বাচনত পৰাজয় হ’ল কণ্ঠশিল্পী ৰিতেশ পাণ্ডে। তেওঁ কাৰ্গহাৰ বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে। পৱন সিঙৰ পত্নী জ্যোতি সিঙেও হেৰুৱালে। তেওঁ কাৰাকাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। নিজৰ নিজৰ সমষ্টিত পৰাস্ত হোৱা প্ৰাৰ্থীকেইজনে নিজৰ কণ্ঠৰ জনপ্ৰিয়তাক ভোটলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে।

কোনে কিমান ভোট পালে?

ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ২৫ ৰাউণ্ড গণনাৰ অন্তত মৈথিলী ঠাকুৰে মুঠ ৮৪,৯১৫ টা ভোট লাভ কৰে। ৭৩,১৮৫ টা ভোট লাভ কৰা আৰজেডিৰ বিনোদ মিশ্ৰক পৰাস্ত কৰে মৈথিলীয়ে। ২০১০ আৰু ২০১৫ চনত আব্দুল বাৰী ছিদ্দিকীয়ে এই আসন লাভ কৰিছিল। ২০২০ চনত মিশ্ৰী লাল যাদৱে (ভিআইপি) এই আসনত জয়ী হৈছিল।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, শত্ৰুঘ্ন যাদৱে ৩০ ৰাউণ্ড গণনাৰ অন্তত ছপৰা আসন হেৰুৱাই ৭৯,২৪৫ টা ভোট লাভ কৰে। বিজেপিৰ ছোটি কুমাৰীয়ে ৮৬,৮৪৫টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী ৰাখী গুপ্তাই ১১,৪৮৮টা ভোট লাভ কৰি পিছ পৰিছে।

এই বিধানসভা নিৰ্বাচনত এক বৃহৎ পৰিৱৰ্তন দেখা গ’ল। বিজেপিয়ে মুঠ ৮৯খন আসন লাভ কৰাৰ বিপৰীতে জেডিইউয়ে ৮৫খন আধিপত্য বিস্তাৰ কৰে। ৰাজডি মাত্ৰ ২৫ খনলৈ হ্ৰাস পায়। লোক জন শক্তি পাৰ্টিয়ে ১৯খন আসন লাভ কৰে, আৰু কংগ্ৰেছে মাত্ৰ ৬খন আসন লাভ কৰে। এই নির্বাচনত এ আই এম আই এম-এ ভাল প্রদর্শন কৰি পাঁচখন আসন লাভ কৰে৷ হিন্দুস্তান আৱাম পাৰ্টিয়েও ৫ খন আসন লাভ কৰে।

দুই ভৰিত পৃথক ডিজাইনৰ জোতা, প্ৰত্যাৱৰ্তনতে সেহৱাগক অতিক্ৰমি ঈৰ্ষণীয় অভিলেখ পণ্টৰ
শীতকালত আপোনাৰ খাদ্য তালিকাত ৰাখক এই খাদ্যসমূহ, বাঢ়িব হজম শক্তি তথা ৰোগ প্ৰতিৰোধ ক্ষমতা
আক্ৰাম, অশ্বিন সকলোকে অতিক্ৰম বুমৰাহৰ; গঢ়িলে এনে অনন্য অভিলেখ
দৈনিক কণী খালে কলেষ্টেৰল বৃদ্ধি পাই নেকি ? এজন সুস্থ ব্যক্তিয়ে এদিনত কেইটা কণী খাব লাগে ?