Bihar Election Results 2025: বিৰোধীৰ MY ফৰ্মুলা বিফল হ’ল, এয়া গণতন্ত্ৰ আৰু উন্নয়নৰ জয় : প্ৰধানমন্ত্ৰী মোদী

প্ৰধামমন্ত্ৰী মোদীয়ে কয়, "এই গুঞ্জৰিত বিজয় আৰু অদম্য বিশ্বাসেৰে বিহাৰৰ জনসাধাৰণে একেবাৰে পৃথিৱীখনক আন্দোলিত কৰিছে। আমি জনসাধাৰণৰ সেৱক।"

Bihar Election Results 2025:  বিৰোধীৰ MY ফৰ্মুলা বিফল হ’ল, এয়া গণতন্ত্ৰ আৰু উন্নয়নৰ জয় : প্ৰধানমন্ত্ৰী মোদী
Published: 

14 Nov 2025 | 08:07 PM

“জয় ষঠী মাইয়া” শ্লোগানেৰে ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয়, “এই গুঞ্জৰিত বিজয় আৰু অদম্য বিশ্বাসেৰে বিহাৰৰ জনসাধাৰণে একেবাৰে পৃথিৱীখনক আন্দোলিত কৰিছে। আমি জনসাধাৰণৰ সেৱক। আমি তেওঁলোকৰ কষ্টৰে তেওঁলোকক আনন্দিত কৰি আছো। আমি তেওঁলোকৰ হৃদয় জয় কৰি লৈছো। সেয়েহে আজি সমগ্ৰ বিহাৰে ঘোষণা কৰিছে যে আকৌ এবাৰ এন ডি এ চৰকাৰ হ’ব।”

“বিহাৰ নিৰ্বাচনৰ সময়ত জংগলৰাজ আৰু “কট্টৰ” চৰকাৰৰ কথা কওঁতে আৰজেডিয়ে কেতিয়াও আপত্তি কৰা নাছিল যদিও কংগ্ৰেছ দলক গভীৰভাৱে ক্ষুন্ন কৰিছিল। আজি পুনৰ ক’ব বিচাৰিছো যে “কট্টৰ” চৰকাৰ ঘূৰি নাহে। বিহাৰৰ জনসাধাৰণে এখন উন্নত বিহাৰক ভোট দিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিহাৰৰ ৰাইজক অভিলেখ সংখ্যক ভোট দিবলৈ আহ্বান জনাইছিলো, আৰু বিহাৰৰ ৰাইজে সকলো অভিলেখ ভংগ কৰিছে।” মোদীয়ে কয়।

বিহাৰৰ নিৰ্বাচনত বিৰোধীৰ MY ফৰ্মুলা বিফল হ’ল বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। অৱশ্যে আমাৰ MY সূত্ৰ অৰ্থাৎ মহিলা আৰু যুৱক-যুৱতীৰ সূত্ৰ সফল হৈছে। বিহাৰবাসীক আন্তৰিকতাৰে অভিনন্দন জনাইছো। আমি বিহাৰক নতুন উচ্চতালৈ লৈ যাম। নীতিশ কুমাৰে বিহাৰত উৎকৃষ্ট নেতৃত্ব প্ৰদান কৰিছে।

“আজি কেৱল এন ডি এৰ জয় নহয়, গণতন্ত্ৰৰ বাবেও জয়। এই নির্বাচনে ভাৰতৰ নির্বাচন আয়োগৰ প্রতি জনসাধাৰণৰ আস্থা আৰু অধিক মজবুত কৰিছে ৷ বিগত কেইবছৰমানৰ তুলনাত ভোটাৰৰ হাৰ অধিক হোৱাটো নিৰ্বাচন আয়োগৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব। পূৰ্বে মাওবাদী সন্ত্ৰাসৰ আধিপত্য থকা এইখনেই বিহাৰ, য’ত নক্সাল প্ৰভাৱিত অঞ্চলত ভোটদানৰ অন্ত পৰিছিল বিয়লি ৩ বজাত। এইবাৰ বিনা ভয়েৰে বিহাৰৰ মানুহে উৎসাহ আৰু উত্তেজনাৰে ভোটদান কৰিলে, এক উৎসৱৰ দৰে।” মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “জংঘলৰাজৰ সময়ত বিহাৰত আগতে কি হৈছিল আপোনালোকে জানে। আগতে ভোটকেন্দ্ৰত মুকলিকৈ হিংসা সংঘটিত হৈছিল। বেলট বাকচ লুটপাত হৈছিল। আজি একেখন বিহাৰতে অভিলেখ সৃষ্টি কৰিছে ভোটাৰৰ ভোটদানৰ হাৰ। শান্তিপূৰ্ণভাৱে ভোটদান কৰি আছে। সকলোৰে ভোট ৰেকৰ্ড কৰা হ’ল, সকলোৱে নিজৰ পছন্দ অনুসৰি ভোট দিলে। পুনৰ ভোটদানৰ পৰিসংখ্যায়ো এই পৰিৱৰ্তনৰ সাক্ষ্য দিয়ে। ২০০৫ চনৰ আগতে শ শ ঠাইত পুনৰ ভোটগ্ৰহণ কৰা হৈছিল। ১৯৯৫ চনত প্ৰতি হাজাৰ ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰিব লগা হৈছিল। ইয়াৰ পিছত দুটা পৰ্যায়ৰ নিৰ্বাচনত ক’তো পুনৰ ভোটদানৰ প্ৰয়োজন নাছিল।”

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছে যে বিহাৰত এতিয়া তুষ্টিকৰণৰ কোনো স্থান নাই। বিহাৰে নিৰ্দ্বিধায় ঘোষণা কৰিছে যে জনসাধাৰণে জামিনত থকাসকলক সমৰ্থন নকৰে। বিহাৰে প্ৰমাণ কৰিছে যে জনসাধাৰণৰ আস্থা প্ৰধান। নতুন চৰকাৰৰ সৈতে এন ডি এ এতিয়া বিহাৰত ২৫ বছৰৰ সোণালী যাত্ৰাৰ দিশে আগবাঢ়িছে। বিহাৰে নিশ্চিত কৰিছে যে জংঘলৰাজ কেতিয়াও বিহাৰৰ এই মহান ভূমিলৈ ঘূৰি নাহে। আজি এই বিজয় আৰজেডিৰ শাসনৰ অধীনত বছৰ বছৰ ধৰি জংঘলৰাজৰ আতংক সহ্য কৰা বিহাৰৰ মাতৃ, ভগ্নী, কন্যাৰ। এই জয় বিহাৰৰ যুৱক-যুৱতীসকলৰ যিসকলৰ ভৱিষ্যত কংগ্ৰেছৰ আতংক আৰু ৰঙা পতাকাৰে ধ্বংস কৰি পেলাইছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...