ৰাহুল গান্ধী য’তেই যায় তাতেই বিজেপি জয়ী হয়, মহিলা উদ্যমিতা আঁচনিয়ে বিহাৰত কাম কৰিল : মুখ্যমন্ত্ৰী

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বিজেপিৰ “ষ্টাৰ কেম্পেনাৰ” বুলি কোৱাৰ লগতে অসমৰ উদ্যমিতা আঁচনিয়ে বিহাৰত কাম কৰিলে বুলি কৈছে মুখ্যমন্ত্ৰী শৰ্মাই।

ৰাহুল গান্ধী যতেই যায় তাতেই বিজেপি জয়ী হয়, মহিলা উদ্যমিতা আঁচনিয়ে বিহাৰত কাম কৰিল : মুখ্যমন্ত্ৰী
Published: 

14 Nov 2025 | 09:14 PM

বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ ত আকৰ্ষণীয় জয়ৰ দিশে এনডিএ। ভোটগণনা অব্যাহত থকাৰ মাজতে শেহতীয়া ফলাফলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ কয়, “উন্নয়নৰ অবিৰত যাত্ৰা আৰু সুশাসনত সমৰ্থনত বিহাৰবাসীয়ে এন ডি এ মিত্ৰজোঁটৰ সপক্ষে ভোটদান কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।”

লগতে তেওঁ কয়, “বিহাৰৰ ৰাইজৰ এই আস্থা আৰু বিশ্বাসে বিহাৰক ভৱিষ্যতৰ সময়ত নতুনকৈ অধিক শক্তিশালী ৰূপত জিলিকাই তুলিব। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মাননীয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ডাবল ইঞ্জিন চৰকাৰে বিহাৰৰ জনগণৰ আশা-আকাংক্ষা পূৰণৰ জৰিয়তে ৰাজ্যখনক সমৃদ্ধিৰ দিশত আগুৱাই লৈ যাব।”

উল্লেখ্য যে, বিহাৰত এন ডি এৰ প্ৰাৰ্থীৰ হৈ কেইবাদিন ধৰি নিৰ্বাচনী প্ৰচাৰ চলাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়া ফলাফলত দেখা গৈছে যে, বিহাৰৰ ২৪৩ খন বিধানসভা আসনৰ ভিতৰত এন ডি এয়ে প্ৰায় ২০২ খন আসনত অগ্ৰগতি লাভ কৰিছে। নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ দিশে এন ডি এ।

মহিলা উদ্যমিতা আঁচনিৰ বাবে বিহাৰত ভাল ফলাফল : মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,মহিলা উদ্যমিতা আঁচনিখন অত্যন্ত ভাল আঁচনি। অসমৰ প্ৰায় সকলো অঞ্চলৰ মহিলাই এই আঁচনিখনক আদৰণি জনাইছে। এই আঁচনিখন অসমৰ পৰা বিহাৰত লৈ যোৱা হৈছিল। সকলোতে এই খবৰ প্ৰচাৰ হৈছে যে, এই আঁচনিখনৰ বাবে বিহাৰত বিজেপি আৰু জনতা দলৰ বৃহৎ বিজয় সম্ভৱ হৈছে।

বিজেপিৰ “ষ্টাৰ কেম্পেনাৰ” ৰাহুল গান্ধী !

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, কংগ্ৰেছ নেতা ৰাহুল গান্ধী বিজেপি আৰু ইয়াৰ মিত্ৰ দলৰ বাবে কোনো প্ৰত্যাহ্বান নহয়। তেওঁ জোৰ দি কয় যে, লোকসভাত বিৰোধী দলৰ নেতাজনেই হৈছে বিজেপি দলৰ “ষ্টাৰ কেম্পেনাৰ”। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীয়ে কয়, “ৰাহুল গান্ধী য’তেই যায় তাতেই বিজেপি জয়ী হয়। মই বিহাৰতো একেই কথা কৈছিলো।”

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...