নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিহাৰত NDA ৰ চৰকাৰ, বিধ্বস্ত মহাগঠবন্ধন !

বিহাৰৰ বিধানসভা নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি ২০২ খন আসন লাভ কৰে। আনহাতে, অৱস্থা দুৰ্বল মহাগঠবন্ধনৰ।

নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে বিহাৰত NDA ৰ চৰকাৰ, বিধ্বস্ত মহাগঠবন্ধন !
Updated On: 

15 Nov 2025 | 10:04 AM

বিহাৰত বিধ্বস্ত বিৰোধী ! বিপুল বিজয় নিশ্চিত কৰিলে এন ডি এয়ে। ইতিমধ্যে বিহাৰ বিধানসভা নিৰ্বাচন ২০২৫ ত নিৰংকুশ সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব NDA য়ে। ১৩ নৱেম্বৰৰ দিনটোত বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ ভোটগণনা সম্পন্ন হয়। ফলাফলত দেখা যায় যে,ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি ২০২ খনত জয় লাভ কৰে। আনহাতে, অৱস্থা দুৰ্বল মহাগঠবন্ধনৰ। মাত্ৰ ৩৪ খন আসনতে সন্তুষ্ট থাকিলগীয়া হয় বিৰোধী।

বিহাৰত চৰকাৰ গঠনৰ বাবে মুঠ ১২২ জন বিধায়কৰ প্ৰয়োজন। ফলাফলৰ ধাৰাই এন ডি এয়ে আৰামত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰি পুনৰ চৰকাৰ গঠন কৰাটো স্পষ্ট কৰে। একে সময়তে সৰ্ববৃৃহৎ দল হিচাপে পৰিগণিত হয় বিজেপি।

নিৰ্বাচন আয়োগ তথ্য অনুসৰি, বিজেপিয়ে এতিয়ালৈকে ৮৯ খন আসন জয়ী হোৱাৰ বিপৰীতে বিজেপিৰ মিত্ৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউয়ে ৮৫ খন আসনত জয় লাভ কৰে। একেদৰে লোক জনশক্তি পাৰ্টিয়ে ১৯ আসন লাভ কৰে।

ইফালে, হিন্দুস্তানী আৱাম মর্চা (চেকুলাৰ) পাঁচখন আসনত জয়ী হোৱাৰ বিপৰীতে ৰাষ্ট্রীয় লোক মর্চাই ৪ খন আসন লাভ কৰে৷

এই পৰ্যন্ত মাত্ৰ ৩৪ খন আসন লাভ কৰিবলৈ সক্ষম হয় INDIA ব্লকে তথা মহাগঠবন্ধনে। আৰজেডিয়ে ২৫ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৬ খন আসন লাভ কৰে। চিপিআই(এমএল) লিবাৰেশ্যনে দুখন আসন আৰু চিপিআই(এম)এ এখন আসন লাভ কৰে।

ইফালে, আছাদুদ্দিন ওৱেছি নেতৃত্বাধীন AIMIM-এ ৫খন আসনত জয়লাভ কৰে। বিএছপিয়ে ১ খন আসন লাভ কৰাৰ বিপৰীতে আই আই পিয়ে ১ খন আসন লাভ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...