পিতৃ ভাড়াত লৈ ভাৰতীয় নাগৰিকৰ নথি-পত্ৰ তৈয়াৰ বাংলাদেশী নাগৰিকৰ
এজন ভাৰতীয় লোকক নিজৰ পিতৃৰ সজাই ভোটাৰ আৰু আধাৰকে ধৰি বিভিন্ন জাল নথি-পত্ৰ উলিওৱাৰ অভিযোগ উত্থাপন হৈছে বাংলাদেশী যুৱকজনৰ বিৰুদ্ধে। বাংলাদেশী নাগৰিকগৰাকীৰ ভোটাৰ কাৰ্ড তথা সকলো নথি বাতিলৰ দাবী।

Fake Id Card
ভাৰতত থকাৰ কোনো সুযোগ হেৰুৱাব নিবিচাৰে বাংলাদেশীয়ে। কেতিয়াবা কাৰোবাৰ শাহুৱেক, কেতিয়াবা চুবুৰীয়া খুড়াক বা খুলশালীয়েক হিচাপে ভাও ধৰি ভাৰতত বাস কৰিব খোজে বাংলাদেশী নাগৰিকে। এইবাৰ এজন বাংলাদেশী যুৱকে উত্থাপন হৈছে দেউতাক ভাড়া কৰাৰ অভিযোগ।
এই কথা শুনি আপুনি আচৰিত হৈছে নিশ্চয়? আপুনি ভাবিব পাৰেনে যে এজন পিতৃ ভাড়াত পাব পাৰি? পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাগদাত সংঘটিত হৈছে এই ঘটনা। এজন ভাৰতীয় লোকক নিজৰ পিতৃৰ সজাই ভোটাৰ আৰু আধাৰকে ধৰি বিভিন্ন জাল নথি-পত্ৰ উলিওৱাৰ অভিযোগ উত্থাপন হৈছে বাংলাদেশী যুৱকজনৰ বিৰুদ্ধে। বিডিঅ’, জিলা দণ্ডাধীশ আৰু নিৰ্বাচন আয়োগত দাখিল কৰা হৈছে অভিযোগ।
ভোটাৰ তালিকাৰ পুংখানুপুংখ পুনৰীক্ষণক লৈ ৰাজনৈতিক হেঁচা অব্যাহত থকাৰ সময়তে বাগদা আৰক্ষী থানাৰ অন্তৰ্গত বয়ৰা গ্ৰাম পঞ্চায়তৰ বিজেপিৰ আঞ্চলিক শৰণাৰ্থী কোষৰ সভাপতি সাণ্টু মিষ্ট্ৰীয়ে বাগদা বিডিঅ’ৰ ওচৰত বাংলাদেশৰ বাসিন্দা ৰকি মণ্ডল নামৰ এজন ব্যক্তিয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগ তোলে।
কেৱল সেয়াই নহয়, বাগদা আৰক্ষী থানাৰ অন্তৰ্গত ৰামনগৰত আয়েব মণ্ডল নামৰ এজন ব্যক্তিক পিতৃ হিচাপে চিনাকী দি ভাৰতীয় ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড বনাইছে ৰকি মণ্ডলে। আনকি পাছপ’ৰ্টো তৈয়াৰ কৰাৰ অভিযোগ ৰকিৰ বিৰুদ্ধে।
আয়েব মণ্ডলৰ বোৱাৰীয়ে দাবী কৰিছে যে তেওঁৰ শহুৰেকৰ মৃত্যু হৈছে। ৰকিয়ে জীয়াই থাকোঁতে মাজে মাজে তেওঁক লগ কৰিবলৈ গৈছিল। কিন্তু তেওঁলোকে নাজানে যে ৰকিয়ে লোকজনক দেউতাক হিচাপে পৰিচয় দি ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড বনাইছিল।
আমেনা মণ্ডল নামৰ মহিলাগৰাকীয়ে কয়, “মোৰ শহুৰৰ মৃত্যু হৈছে। ৰকিয়ে তেওঁক দেউতাক বনাইছিল। কিন্তু আমি এই বিষয়ে নাজানো। তেওঁ ক’ত আছিল আমি নাজানো। তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ নোহোৱা প্ৰায় বিশ বছৰ হ’ল। মই জানো তেওঁ বাংলাদেশৰ পৰা আহিছিল।”
অভিযোগকাৰী সাণ্টুৰ দাবী যে স্থানীয় তৃণমূলৰ নেতাসকলে বিপুল ধনৰ বিনিময়ত এনেদৰে বাংলাদেশীৰ নথি-পত্ৰ বনাইছে আৰু ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। তেওঁ বিচাৰে ৰকিৰ ভোট কৰ্তন কৰি প্ৰশাসনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
এই সন্দৰ্ভত তৃণমূলৰ নেতা পৰিতোষ সাহাই কয়, “কাৰোবাৰ পিতৃৰ অভিনয় কৰি কোনে ভোটাৰ কাৰ্ড বনাইছে সেয়া তৃণমূল নেতাসকলৰ কাম নহয়। কাৰোবাৰ পিতৃৰ অভিনয় কৰি কাৰোবাক ভোটাধিকাৰ দিয়াৰ প্ৰয়োজন নাই। বিজেপিয়ে বহু কথা কয়।” তেওঁ আৰু কয়, “যদি অভিযোগ সঁচা হয় তেন্তে তেওঁ অবৈধভাৱে ভোট দিছে, গতিকে তেওঁৰ ভোট বাতিল কৰা হ’ব।”
বিজেপিৰ আঞ্চলিক শৰণাৰ্থী কোষৰ সভাপতি তথা অভিযোগকাৰী সাণ্টু মিষ্ট্ৰীয়ে কয়, “তেওঁৰ (ৰকি) নাম ভোটাৰ তালিকাত আছে। আপুনি কল্পনা কৰিব পাৰে নে এই দুৰ্নীতি কিমান ডাঙৰ। মোৰ হাতত থকা আপডেট অনুসৰি তেওঁ এগৰাকী ভাৰতীয়ক বিয়া কৰাইছিল আৰু বৰ্তমান পলাতক হৈ আছে।” তেওঁ দাবী কৰিছিল যে আচলতে ৰকিয়ে এই বিষয়ে জানিব পাৰিছে। সমগ্ৰ বিষয়টোৰ তদন্তৰ দাবী জনায় বিজেপিৰ নেতাগৰাকীয়ে।