পুনৰ হ’ব ৰাম মন্দিৰৰ উদ্বোধন! কি হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণপ্ৰতিষ্ঠা কৰা ৰামলালাৰ?

পুনৰ এবাৰ অযোধ্যাৰ ৰাম মন্দিৰত উদ্বোধনী অনুষ্ঠান আয়োজনৰ যো-জা চলিছে। এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। পিছে ইতিপূৰ্বেই যোৱা বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৰাম মন্দিৰৰ এতিয়া কি হ’ব? কিয় পুনৰ উদ্বোধন কৰা হৈছে ৰাম মন্দিৰৰ? জানো আহক এই বিষয়ে।

পুনৰ হ’ব ৰাম মন্দিৰৰ উদ্বোধন! কি হ’ব প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাণপ্ৰতিষ্ঠা কৰা ৰামলালাৰ?

পুনৰ হ’ব ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠা!

Updated On: 

01 Jun 2025 | 03:52 PM

বহু বাদ-বিবাদৰ অন্তত বিগত বৰ্ষত অযোধ্যাত প্ৰাণপ্ৰতিষ্ঠা কৰা হৈছিল ৰাম মন্দিৰৰ। সমগ্ৰ দেশতে এই বিশেষ দিনটোত দেখা গৈছিল এক আনন্দমুখৰ পৰিৱেশ। পিছে পুনৰ এবাৰ অযোধ্যাৰ ৰাম মন্দিৰত উদ্বোধনী অনুষ্ঠান আয়োজনৰ যো-জা চলিছে। এই অনুষ্ঠানৰ বাবে প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। পিছে ইতিপূৰ্বেই যোৱা বৰ্ষৰ ২২ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ৰাম মন্দিৰৰ এতিয়া কি হ’ব? কিয় পুনৰ উদ্বোধন কৰা হৈছে ৰাম মন্দিৰৰ? জানো আহক এই বিষয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত বৰ্ষত ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণপ্ৰতিষ্ঠা কৰিছিল। পিছে সেই সময়ত কেৱল ৰাম মন্দিৰৰ গৰ্ভগৃহহে নিৰ্মাণ কৰা হৈছিল। এইবাৰ ৰাম মন্দিৰৰ ৰাম দৰবাৰো নিৰ্মাণ কৰা হৈছে। অহা ৫ জুনত ৰাম দৰবাৰত দেৱতা সকলৰ প্ৰাণপ্ৰতিষ্ঠা কৰা হ’ব। এই উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী ৩ জুনৰ পৰা আৰম্ভ হ’ব। আনহাতে ৭ জুনত অনুষ্ঠানৰ অন্ত পৰিব।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। ৰাম মন্দিৰৰ মুখ্য স্থপতি সত্যনাৰায়ণে সদৰী কৰা মতে ৪.৫ ফুট উচ্চতাৰে এই ৰাম দৰবাৰ নিৰ্মাণ কৰা হৈছে। সেই অনুসৰি দেৱতাৰ মূৰ্তিও নিৰ্মাণ কৰা হৈছে। শ্ৰী ৰাম, সীতা, সূৰ্য দেৱতা, দেৱী দুৰ্গা, হনুমান, সপ্ত ঋষি, অন্নপূৰ্ণা দেৱীকে ধৰি কেইবাগৰাকীও দেৱ-দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব বুলিও তেওঁ লগতে কয়।

ভগৱান ৰাম আৰু সীতাৰ মূৰ্তি এটা শিলেৰেই নিৰ্মাণ কৰা হৈছে বুলি সদৰী কৰি সত্যনাৰায়ণে লগতে বাকী দেৱ-দেৱীৰ মূৰ্তি আন শিলেৰে নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই এই বৰ্ষৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ ভিতৰত ৰাম মন্দিৰৰ বাকী থকা অংশৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব বুলি জানিবলৈ দিয়ে।

এই সন্দৰ্ভত তেওঁ কয়, “ইতিমধ্যে সকলো প্ৰস্তুতি কৰা হৈছে। ৱাটাৰ প্ৰুফিং, ৰিপেলেন্সিৰ দৰে গুৰুত্বপূৰ্ণ কাম চলি আছে। পৰিকল্পনা অনুসৰি অহা ছেপ্টেম্বৰ-অক্টোবৰৰ ভিতৰত কাম সম্পূৰ্ণ হ’ব। প্ৰৱেশ দ্বাৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈ পৰিছে। সপ্ত মন্দিৰৰ কামো প্ৰায় সমাপ্ত হৈছে। চলিত বৰ্ষৰ শেষৰ ফালে ৰাম মন্দিৰৰ সকলো কাম সম্পূৰ্ণ হ’ব।”

উল্লেখ্য যে পৰম্পৰাগত নাগাৰা স্থপতি শৈলীৰে নিৰ্মাণ কৰা হৈছে ৰাম জন্মভূমি মন্দিৰ। ১৬১ ফুট উচ্চতা, ২৫০ ফুট বহল এই মন্দিৰত মুঠ ৩৯২টা খুঁটা আৰু ৪৪খন দুৱাৰ আছে। মন্দিৰৰ গৰ্ভগৃহত ৰামলালাৰ বালক অৱস্থাৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...