৩ বছৰ প্ৰেমৰ অন্তত ভাগিনীয়েকৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল মহিলা…

বিয়াৰ সময়ত মামীয়েকে ৰঙা ৰঙৰ কাপোৰ পিন্ধা দেখা যায়। মামীয়েকৰ কথা মতে ভাগিনীয়েকে তেওঁৰ শিৰত সেন্দুৰ পিন্ধায়। এই বিয়াৰ সময়ত মন্দিৰত বহু মানুহৰ ভিৰ পৰিলক্ষিত হয়।

৩ বছৰ প্ৰেমৰ অন্তত ভাগিনীয়েকৰ সৈতে বিবাহ পাশত আৱদ্ধ হল মহিলা...

বিহাৰ

Updated On: 

13 Aug 2024 | 10:23 AM

প্ৰেম, বিশ্বাসঘাটকতা এইবোৰৰ বিষয়ে বিভিন্ন সময়ত বহু খবৰ পোহৰলৈ আহে। প্ৰেমৰ বাবে একাংশই কিছুমান আচৰিত আচৰিত ঘটনা সংঘটিত কৰে। এনে এক ঘটনাই পোহৰলৈ আহিছে য’ত প্ৰথমে মামীয়েক আৰু ভাগিনীয়েকৰ মাজত প্ৰেম হয় আৰু পাছত দুয়ো বিবাহ পাশত আৱদ্ধ হয়। মামীয়েক আৰু ভাগিনীয়েকৰ এই বিয়া বৰ্তমান যথেষ্ঠ চৰ্চাত আছে। আচৰিত যেন লগা এই ঘটনা সংঘটিত হৈছে বিহাৰৰ গোপালগঞ্জত।

জানিব পৰা মতে এগৰাকী মহিলাই ভাগিনীয়কৰ সৈতে মন্দিৰলৈ গৈ বিয়া পাতে। এই বিয়াৰ বহু ছবি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে দুয়ো দুয়োকে মালা পিন্ধাই অগ্নি সাক্ষী কৰি বিয়া গৈছে।  ভাগিনীয়েকে মামীয়েকৰ শিৰত সেন্দুৰ পিন্ধাই গোটেই জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে। যোৱা ১২ আগষ্ট সোমবাৰে কুচাইকোটৰ সাছামুছা ৰেল ষ্টেচনৰ সমীপৰ দুৰ্গা মন্দিৰত এই বিবাহ সম্পন্ন হয়। ছবিত দুয়োকে বেচ সুখী যেন লাগিছে।

তথ্য অনুসৰি কুচাইকোটৰ বেলৱা গাঁৱৰ শোভা কুমাৰীয়ে সোমবাৰে সম্পূৰ্ণ ৰীতি-নীতিৰে নিজৰ ভাগিনীয়েক সুমন কুমাৰীৰ সৈতে বিবাহ- পাশত আবদ্ধ হয়। এই সন্দৰ্ভত শোভা কুমাৰীয়ে কয় যে যোৱা ৩ বছৰে ধৰি তেওঁৰ ভাগিনীয়েকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল। দুয়োজনে ইজনে সিজনক বহুত ভাল পায়। যাৰ বাবে দুয়ো বিবাহ পাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিয়াৰ সময়ত মামীয়েকে ৰঙা ৰঙৰ কাপোৰ পিন্ধা দেখা যায়। মামীয়েকৰ কথা মতে ভাগিনীয়েকে তেওঁৰ শিৰত সেন্দুৰ পিন্ধায়। এই বিয়াৰ সময়ত মন্দিৰত বহু মানুহৰ ভিৰ পৰিলক্ষিত হয়। বিয়াৰ পাছত তেওঁলোকে কয় যে কেতিয়াও দুয়োয়ে দুয়োৰে লগ নেৰে। সদায় একেলগে থাকিব। নিজৰ ইচ্ছা মতে দুয়ো বিবাহ- পাশত আৱদ্ধ হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...