১০০ টকা উলিয়াবলৈ চেষ্টা কৰিলে ATM ৰ পৰা ওলাই ৫০০ টকীয়া নোট! কিন্তু এয়া সম্ভৱনে?

অভিযোগ অনুসৰি কৰ্মচাৰী দুজনৰ ১১২ গৰাকী চিনাকি ব্যক্তিয়ে ইয়াৰ সুযোগ লৈ অতিৰিক্ত ৮ লাখ টকা উলিয়ালে। আৰক্ষীয়ে জনোৱা মতে, এটিএমত পইচা ভৰোৱা কোম্পানীয়ে যোৱা ২৯ এপ্ৰিলত কৰ্মচাৰী দুজনক ৩১ লাখ টকা প্ৰেৰণ কৰিছিল।

১০০ টকা উলিয়াবলৈ চেষ্টা কৰিলে ATM ৰ পৰা ওলাই ৫০০ টকীয়া নোট! কিন্তু এয়া সম্ভৱনে?

১০০ টকা উলিয়াবলৈ চেষ্টা কৰিলে ATM ৰ পৰা ওলাই ৫০০ টকীয়া নোট!

Published: 

29 May 2025 16:09 PM

আপুনি এটিএমত ৪০০ টকা উলিয়াবলৈ গ’ল, কিন্তু ৪০০ৰ পৰিৱৰ্তে যদি ৫০০ টকীয়া নোট ওলাই আহে? তেতিয়া আপোনাৰ কেনেকুৱা লাগিব? পিছে উত্তৰ-পূব দিল্লীৰ এটিএমত তেনেকুৱাই হৈছিল। এই সুবিধা লৈ ৮ লাখ টকা পৰ্যন্ত চুৰি কৰে। এই অদ্ভুত এটিএম জালিয়াতিৰ তদন্ত কৰি থাকোঁতে আৰক্ষীয়ে উলিয়ালে উৰহী গছৰ উৰ। ২ জন এটিএম কৰ্মচাৰীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।

কেনেকৈ সংঘটিত হ’ল প্ৰৱঞ্চনা?

আৰক্ষীয়ে জনোৱা মতে, উত্তৰ-পূব দিল্লীৰ হৰ্ষ বিহাৰ অঞ্চলত সংঘটিত হৈছে এই এটিএম জালিয়াতিৰ ঘটনা। এটিএমত ধন ভৰোৱাৰ সময়ত সংঘটিত এই জালিয়াতি। এটিএমত টকা লোড কৰাৰ সময়ত ১০০ টকীয়া নোটৰ ট্ৰেত ৫০০ টকীয়া ২০০০ খন নোট ৰাখিলে, আৰু ৫০০ টকীয়া নোটৰ ট্ৰেত ১০০ টকা ৰখা হয়। এনেদৰে সালসলনি কৰি নোট আটাইকেইখন নোট থোৱা হ’ল। ইয়াৰ পিছত এই ট্ৰেখন অলপ টানি উলিয়াই দিয়ে, যাতে ৫০০ টকীয়া ট্ৰেত ৰখা ১০০ টকীয়া নোটবোৰ থাকি যায় আৰু ওলাই আহিব নোৱাৰে।

অভিযোগ অনুসৰি কৰ্মচাৰী দুজনৰ ১১২ গৰাকী চিনাকি ব্যক্তিয়ে ইয়াৰ সুযোগ লৈ অতিৰিক্ত ৮ লাখ টকা উলিয়ালে। আৰক্ষীয়ে জনোৱা মতে, এটিএমত পইচা ভৰোৱা কোম্পানীয়ে যোৱা ২৯ এপ্ৰিলত কৰ্মচাৰী দুজনক ৩১ লাখ টকা প্ৰেৰণ কৰিছিল। ১ মে’ত কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে নগদ ধন লোডিং আৰু অডিট কৰিবলৈ এটিএমলৈ যোৱাৰ সময়তে এই জালিয়াতিৰ কথা পোহৰলৈ আহে।

কোম্পানীটোৰ অভিযোগ যে দুজন কৰ্মচাৰীয়ে এটিএমৰ এই ষড়যন্ত্ৰত লিপ্ত হৈছে। কিন্তু এজন কৰ্মচাৰীয়ে ভুলকৈ ১০০ টকীয়া ট্ৰেত ৫০০ টকা থৈ যোৱা বুলি দাবী কৰে। কোম্পানীয়ে পইচা লোড কৰিবলৈ পঠোৱাৰ দিনা তেওঁৰ শৰীৰ ভাল নাছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চিচিটিভিৰ ফুটেজো পৰীক্ষা কৰা হৈছে।

Related Stories
হোটেলৰ নিৰাপত্তাৰক্ষীৰ ৰূপত পাকিস্তানৰ চোৰাংচোৱা! পৰিল নিয়াৰ জালত, চলিছে তদন্ত
ভাৰতৰে এখন ৰাজ্যত পাঁচ বছৰত সন্ধানহীন প্ৰায় ১৩০০০ শিশু, পোহৰলৈ আহিছে ভয়ংকৰ ছবি
সন্ত্ৰাসবাদৰ বিৰুদ্ধে স্পষ্ট বাৰ্তা দিলে অপাৰেচন সিন্দূৰে, পাকিস্তানক পুনৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ
‘অদৃশ্য’ হৈ শত্ৰুক কৰিব পাৰিব নিৰ্মূল ! ভাৰতৰ সীমান্তৰক্ষী বাহিনীয়ে লাভ কৰিব বিশেষ ডিজিটেল ইউনিফৰ্ম…
“মই প্ৰতিদিনে পাকিস্তানৰ পৰা ৫০খন চিঠি পাওঁ…”, মুছলমানৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰিলে মমতা কুলকাৰ্ণীয়ে
গাড়ীৰে গৈ থাকোতেই হঠাৎ পাহাৰৰ পৰা খহি আহিল শিল-মাটি, মুহূৰ্ততে প্ৰাণ হেৰুৱালে শিশুসহ ৭ গৰাকীয়ে
বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…