শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৫ জনকৈ লোকে…

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে। জানিব পৰা মতে, মৃত আটাইকেইজন লোক এটা পৰিয়ালৰে আছিল। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।

শোকাবহ! ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৫ জনকৈ লোকে...

প্ৰতিনিধিত্বমূলক ছবি

Published: 

13 Apr 2025 | 07:16 PM

পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে কেইবাজন লোকে। চাৰিচকীয়া বাহন আৰু বস্তু কঢ়িয়াই নিয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়। যাৰ ফলত এটি শিশুকে ধৰি এটা পৰিয়ালৰ ৫ জন লোকৰ মৃত্যু হয়। এই শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত। জানিব পৰা মতে, এই আটাইকেইজন উত্তৰ প্ৰদেশৰ বাসিন্দ আছিল। মৃতসকলৰ ভিতৰত ৬ বছৰীয়া এটি শিশুও আছে।

পোহৰলৈ অহা তথ্য অনুসৰি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত বাস কৰা এই পৰিয়ালটোৱে খাতু শ্যামজী মন্দিৰ দৰ্শনৰ বাবে গৈছিল। গাড়ীত পুত্ৰ, বোৱাৰী, নাতিনীয়েকৰ সৈতে আছিল ককা-আইতা। জানিব পৰা মতে, তেওঁলোকে যেতিয়া মন্দিৰলৈ গৈ আছিল তেতিয়া তেওঁলোকৰ বাহনখন জামৱাৰমগড়ৰ ৰাইছাৰ থানা এলেকাৰ মনোহৰপুৰ-দৌছা ঘাইপথত সন্মুখত দুৰ্ঘটনাত পতিত হয়। বিপৰীত দিশৰ পৰা সামগ্ৰী কঢ়িয়াই অনা এখন বাহনে তেওঁলোকৰ গাড়ীত খুন্দা মাৰে। দেওবাৰে পুৱা ৮ মান বজাত সংঘটিত হয় এই ঘটনা।

ইয়াৰ লগে লগে সামগ্ৰী কঢ়িয়াই নিয়া বাহনখন ২০ ফুট দ’ খাৱৈত পৰি যায়। ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতসকলক বাহনখনৰ পৰা উদ্ধাৰ কৰে। তাৰ পাছত মৰণোত্তৰ পৰীক্ষাৰ বাবে আটাইকেইটা মৃতদেহ নিমছ চিকিৎসালয়ৰ মৰ্গত ৰখা হয়। জানিব পৰা মতে,খাৱৈত পৰা বাহনখনৰ চালকৰ অৱস্থাও অতি গুৰুত্বৰ। বৰ্তমান তেওঁৰ চিকিৎসা চলি আছে।

ঘটনাত মৃত্যু হোৱাসকলৰ ইতিমধ্যে চিনাক্ত হৈছে। তেওঁলোক হৈছে- ৩৩ বছৰীয়া অভিষেক বৰ্মা (সত্যপ্ৰকাশৰ পুত্ৰ),৩০ বছৰীয়া প্ৰিয়াংশী (অভিষেকৰ পত্নী) , ৬০ বছৰীয়া সত্যপ্ৰকাশ, তেওঁৰ পত্নী ৫৫ বছৰীয়া ৰামাদেৱী আৰু ৬ বছৰীয়া এটি শিশু। এই পৰিয়ালটো লক্ষ্ণৌৰ ঠাকুৰগঞ্জৰ বাসিন্দা। জানিব পৰা মতে এই পৰিয়ালটো প্ৰায়ে এনেকৈ ভ্ৰমণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

 

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...