মণিপুৰত অসম ৰাইফলছৰ গুলীত নিহত ১০ উগ্ৰপন্থী, বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

আছাম ৰাইফলছে জনোৱা মতে, অভিযানৰ সময়ত সন্দেহযুক্ত উগ্ৰপন্থীয়ে সৈন্যৰ ওপৰত গুলীচালনা কৰে, প্ৰতিশোধ হিচাপে সেনাৰ গুলীচালনাত ১০ জন উগ্ৰপন্থী নিহত হয়। এই অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰা হৈছে। এই অভিযান এতিয়াও চলি আছে বুলি জনাই তেওঁলোকে।

মণিপুৰত অসম ৰাইফলছৰ গুলীত নিহত ১০ উগ্ৰপন্থী, বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

প্ৰতীকি ফটো

Updated On: 

15 May 2025 10:30 AM

অসম ৰাইফলছৰ আন এক সফল অভিযান।  ভাৰত-ম্যানমাৰ সীমান্তৰ চান্দেল জিলাত গুলীয়াগুলীত নিহত হয় ১০টা উগ্রপন্থী। নিউ চামটাল গাঁৱৰ সমীপত অভিযানৰ সময়তে হয় এই সংঘর্ষ । সংঘৰ্ষস্থলীৰ পৰা বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হয়। মণিপুৰৰ চাণ্ডেল জিলাত বুধবাৰে অসম ৰাইফলছৰ এটা ইউনিটৰ সৈতে হোৱা গুলীয়াগুলীত নিহত হয় উগ্ৰপন্থীকেইটা। এই অভিযান এতিয়াও অব্যাহত আছে বুলি  জানিবলৈ দিয়ে সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডে।

প্ৰথমে শূন্যলৈ গুলীচালনা কৰিছিল অভিযানকাৰীয়ে। তাৰ পিছত গুলীৰে প্ৰত্যুত্তৰ দিছিল অস্ত্ৰধাৰী উগ্ৰপন্থীৰ দলটোৱে । ইয়াৰ পাছতে আৰম্ভ হয় প্রচণ্ড গুলীয়াগুলী। য’ত নিহত ১০টা উগ্রপন্থী কেডাৰ । এই তথ্য Xত সদৰী কৰিলে ভাৰতীয় সেনাৰ ইষ্টার্ন কমাণ্ডে।

সেনাবাহিনীৰ ইষ্টাৰ্ণ কমাণ্ডে এক্সৰ এটা পোষ্টত কয় যে, “ভাৰত-ম্যানমাৰ সীমান্তৰ ওচৰৰ চাণ্ডেল জিলাৰ খেংজয় তহচিলৰ নিউ চামটাল গাঁৱৰ সমীপত আছাম ৰাইফলছ ইউনিটে স্পিয়াৰ কৰ্পছৰ অধীনত যোৱা ১৪ মে’ত অভিযান আৰম্ভ কৰে।”

তেওঁলোকে লিখিছে, “অপাৰেচনৰ সময়ত সৈন্যবাহিনীৰ ওপৰত সন্দেহযুক্ত কেডাৰে গুলীচালনা কৰিছিল যাৰ প্ৰতি তেওঁলোকে দ্ৰুত প্ৰত্যুত্তৰ দিয়ে। ইয়াৰ পিছৰ গুলীচালনাত ১০ জন কেডাৰ নিহত হোৱাৰ লগতে আৰু যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ উদ্ধাৰ কৰা হৈছিল।” তেওঁলোকে কয়, “অভিযান এতিয়াও চলি আছে…।”

সূত্ৰ অনুসৰি, অঞ্চলটোত আৰু অধিক উগ্ৰপন্থীয়ে আত্মগোপন কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও তালাচী অভিযান অব্যাহত আছে। ইফালে অভিযানৰ সময়ত কোনো জোৱান আহত হোৱাৰ খবৰ পোৱা নাই। মণিপুৰত চলি থকা অশান্তিৰ মাজতে এই কাৰ্যক এক গুৰুত্বপূৰ্ণ সফলতা হিচাপে গণ্য কৰিছে নিৰাপত্তা বাহিনীয়ে।

ভাৰতৰ ১০০ টকাৰ মূল্য তুৰ্কীয় কিমান হয় জানেনে? জানক...
অনবৰতে ঘাম ওলাই থাকে নেকি? তেন্তে আঁৰত থাকিব পাৰে এইসমূহ কাৰণ...
Shani Dev: কি কথাত আৰু কেতিয়া ক্ৰোধিত হয় শনি দেৱ? এইদৰে গম পাব আপুনি...
তালৰ আছে বহু স্বাস্থ্য উপকাৰী গুণ, জানিলে আচৰিত হ'ব আপুনি...