সন্ধানহীন শত্ৰুঘ্ন সিনহা! দেৱালে দেৱালে নিখোঁজ হোৱাৰ পোষ্টাৰ, ক’ত হেৰাল অভিনেতাগৰাকী!

শত্ৰুঘ্ন সিনহাৰ নিৰুদ্দেশৰ পোষ্টাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ষ্টেচন আৰু বাছ ষ্টেণ্ডৰ কাষৰীয়া অঞ্চলত দেখা গ’ল সাংসদ শত্ৰুঘ্ন সিনহাৰ নিৰুদ্দেশৰ পোষ্টাৰ। এই পোষ্টাৰখনত শত্ৰুঘ্ন সিনহাৰ সন্ধান লাভ কৰিলে জনাই দিবলৈ আহ্বান দিয়া হৈছে।

সন্ধানহীন শত্ৰুঘ্ন সিনহা! দেৱালে দেৱালে নিখোঁজ হোৱাৰ পোষ্টাৰ, ক’ত হেৰাল অভিনেতাগৰাকী!

শত্ৰুঘ্ন সিনহা

Updated On: 

28 Oct 2025 | 02:39 PM

বলীউডৰ প্ৰবীণ অভিনেতা তথা বৰ্তমানৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ নাই সন্ধান। তেওঁক সন্ধানত এতিয়া দেৱালে দেৱালে আঁৰি দিয়া হৈছে পোষ্টাৰ। এই লৈ এতিয়া পশ্চিম বংগত চলিছে ব্যাপক চৰ্চা। ছঠ পূজা উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে আসনছলৰ তৃণমূলৰ সাংসদ শত্ৰুঘ্ন সিনহা নিখোঁজ হোৱাক লৈ সৰ্বত্ৰে এতিয়া আলোচনা। কুলটি আৰু বৰাকাৰত শত্ৰুঘ্ন সিনহাৰ নিৰুদ্দেশৰ পোষ্টাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কুলটি ষ্টেচন আৰু বৰাকাৰ বাছ ষ্টেণ্ডৰ কাষৰীয়া অঞ্চলত দেখা গ’ল সাংসদ শত্ৰুঘ্ন সিনহাৰ নিৰুদ্দেশৰ পোষ্টাৰ।

এই পোষ্টাৰখনত শত্ৰুঘ্ন সিনহাৰ সন্ধান লাভ কৰিলে জনাই দিবলৈ আহ্বান দিয়া হৈছে। পোষ্টাৰখনত ‘আছানছল কি জনতা’ অৰ্থাৎ আছানছলৰ ৰাইজৰ দ্বাৰা এই আহ্বান কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। পিছে এই ‘জনতা’ কোন, অৱশ্যেই এয়া এক ৰহস্যৰ বিষয়। সমান্তৰালকৈ এই ‘জনতা’ সন্দৰ্ভত এতিয়া ৰাজনৈতিক বিবাদৰো সূত্ৰপাত হৈছে।

তৃণমূল নেতৃত্বই এই বিষয়ত বিজেপিৰ বিৰুদ্ধে উঠাইছে সন্দেহৰ আঙুলি ডকত ৰাখিছে। স্থানীয় তৃণমূলৰ নেতাসকলে সস্তীয়া ৰাজনীতি কৰিবলৈ বিজেপিয়ে এনে পোষ্টাৰ লগোৱাৰ অভিযোগ উত্থাপন কৰে। শত্ৰুঘ্ন সিনহাৰ সন্ধান নাই বুলি দাবী কৰিলেও প্ৰকৃততে কুলটিৰ বিজেপি বিধায়কজনকহে গোটেই বছৰটো দেখা পোৱা নাই বুলি তৃণমূলে দাবী কৰিছে।

কুলটুৰ তৃণমূল নেতৃত্বই স্পষ্টকৈ এয়া বিজেপিৰ কাম বুলি দাবী কৰিছে আৰু বিজেপিয়ে তৃণমূলৰ সৈতে ৰাজনৈতিকভাৱে যুঁজিব পৰা নাই বাবে এনে কৰা বুলি অভিযোগ কৰিছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তৃণওমূলকৰ প্ৰতিজন নেতা-কৰ্মীয়ে ছঠ পূজাৰ সময়ত স্থানীয় ৰাইজক সহায় কৰিছে বুলি উল্লেখ কৰি প্ৰতিমাহে অঞ্চলটোলৈ সাংসদগৰাকীৰ উপস্থিতিৰ দাবীও কৰে।

অৱশ্যে তৃণমূলৰ এই অভিযোগ বিজেপি নেতৃত্বই অস্বীকাৰ কৰিছে। এয়া তৃণমূলৰ মাজত বিসম্বাদৰ বহিঃপ্ৰকাশ বুলি দাবী কৰি স্থানীয় বিজেপি নেতৃত্বই তৃণমূলৰ এটা দলে ক্ষমতা পালেও ক্ষমতা নোপোৱাসকলে এনে পোষ্টাৰ লগাইছে বুলি দাবী কৰিছে বিজেপি নেতৃত্বই।

সমান্তৰালকৈ ‘বিহাৰীবাবু’ হিচাপে জনপ্ৰিয় শত্ৰুঘ্ন সিনহা বিহাৰী লোকসকলৰ এনে এক ডাঙৰ উৎসৱত নিজ সমষ্টিত উপস্থিত নহ’ল বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে। উল্লেখ্য যে বিগত বাৰিষা কালত আছানছলৰ বিধ্বস্তময় অৱস্থাৰ সময়তো অঞ্চলত দেখা পোৱা নগ’ল সাংসদগৰাকীক। আছানছলৰ কোনো উৎসৱতো সাংসদ শত্ৰুঘ্ন সিনহা উপস্থিত থকা নাই। এনে পৰিস্থিতিতে এতিয়া দেখা গৈছে তেওঁৰ নিৰুদ্দেশৰ পোষ্টাৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...