মহিলা-বৃদ্ধ ভোটাৰক আঁচনিৰ প্ৰতিশ্ৰুতি দি বিজেপিক আক্ৰমণ কেজৰিৱালৰ…

‘মহিলা সন্মান যোজনা’ৰ অধীনত মহিলাক ২১০০ টকা প্ৰদানৰ ঘোষণাত বিজেপিয়ে আতংকিত হৈ পৰিছে আৰু আগন্তুক নিৰ্বাচনত পৰাজয়ৰ আশংকাত বিজেপিয়ে এই আঁচনিখন বন্ধ কৰিবলৈ চেষ্টা চলাইছে বুলি আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে অভিযোগ উত্থাপন কৰিছে ।

মহিলা-বৃদ্ধ ভোটাৰক আঁচনিৰ প্ৰতিশ্ৰুতি দি বিজেপিক আক্ৰমণ কেজৰিৱালৰ...

আৰবিন্দ কেজৰিৱাল

Updated On: 

28 Dec 2024 | 05:35 PM

দিল্লীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে । শনিবাৰে সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে বিজেপিক তীব্ৰ সমালোচনা কৰে। কেজৰিৱালে কয় যে, ‘কিছুদিন পূৰ্বে আমি ঘোষণা কৰিছিলোঁ যে মহিলা সন্মান যোজনাৰ অধীনত প্ৰতিমাহে ২১০০ টকা দিম। ইতিমধ্যে এই আঁচনিৰ অধীনত কেবিনেটে ১০০০ টকাৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

তেওঁ কয় যে, নিৰ্বাচনত জয়ী হ’লে এই আঁচনিৰ ধন ২১০০ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰা হৈছিল । লগতে সঞ্জীৱনী যোজনাৰ অধীনত দ্বিতীয় পৰিকল্পনা আছিল বৃদ্ধসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ। কেজৰিৱালে অভিযোগ উত্থাপন কৰে যে,  ‘এই দুয়োখন আঁচনিয়ে বিজেপিক টোপনি নোহোৱা কৰি দিলে আৰু তেওঁলোকে অনুভৱ কৰিলে যে তেওঁলোকে নিৰ্বাচনত পৰাস্ত হৈছে।’

‘মহিলা সন্মান যোজনা’ৰ অধীনত মহিলাক ২১০০ টকা প্ৰদানৰ ঘোষণাত বিজেপিয়ে আতংকিত হৈ পৰিছে আৰু আগন্তুক নিৰ্বাচনত পৰাজয়ৰ আশংকাত বিজেপিয়ে এই আঁচনিখন বন্ধ কৰিবলৈ চেষ্টা চলাইছে বুলি আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে অভিযোগ উত্থাপন কৰিছে । তেওঁ আৰু কয়, ‘আজি বিজেপিয়ে এটা ইংগিত দিছে যে তেওঁলোকে জয়ী হ’লে সকলো আঁচনি বন্ধ কৰি দিব । মই দিল্লীৰ ৰাইজক ক’ব বিচাৰো যে বিজেপিক ভোট দিলে দিল্লীত থকাৰ পৰিৱেশ নাথাকিব।’

‘আমি এই আঁচনিখনত একো কৰা নাই আৰু বিজেপিৰ ৰাইজে মুকলিকৈ টকা বিতৰণ কৰিছে । তেওঁলোকে বিনামূলীয়া বিদ্যুৎ, পানী, বাছ সেৱা বন্ধ কৰিব বিচাৰিছিল, কিন্তু মই বন্ধ কৰা নাছিলো। যদি আপোনাৰ কেজৰিৱালৰ ওপৰত বিশ্বাস আছে তেন্তে মই এই দুয়োখন আঁচনিও কাৰ্যকৰী কৰিম।’ এইদৰে কয় কেজৰিৱালে ।

তদুপৰি কেজৰিৱালে কয় যে, ‘বিজেপি আৰু কংগ্ৰেছে মিলি আমাক পৰাস্ত কৰিব বিচাৰিছে। দেশখনেই তেওঁলোকৰ উত্তৰাধিকাৰ নেকি? মুকলিকৈ টকা বিতৰণ কৰা সকলক কিয় বাধা দিয়া নাই বুলি প্ৰশ্ন কৰে আপৰ মুৰব্বী গৰাকীয়ে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...