কাৰাগাৰত মৃত্যু হোৱা কয়দীৰ পৰিয়ালে লাভ কৰিব ক্ষতিপূৰণঃ চৰকাৰে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দিল্লীৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা কয়দীৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত কয়দীজনৰ পৰিয়াল বা আইনী উত্তৰাধিকাৰীক ৭.৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে। ইতিমধ্যে দিল্লী চৰকাৰে এই প্ৰস্তাৱত অনুমোদনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰলৈ প্ৰেৰণ কৰিছে।

কাৰাগাৰত মৃত্যু হোৱা কয়দীৰ পৰিয়ালে লাভ কৰিব ক্ষতিপূৰণঃ চৰকাৰে ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

প্ৰতিনিধিত্বমূলক ছবি

Published: 

07 Sep 2024 | 02:28 PM

দিল্লীৰ শাসকীয় অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। দিল্লীৰ কাৰাগাৰত কাৰাবন্দী হৈ থকা কয়দীৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত কয়দীজনৰ পৰিয়াল বা আইনী উত্তৰাধিকাৰীক ৭.৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ সিদ্ধান্ত লৈছে দিল্লী চৰকাৰে। ইতিমধ্যে দিল্লী চৰকাৰে এই প্ৰস্তাৱত অনুমোদনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰলৈ প্ৰেৰণ কৰিছে। গৃহ বিভাগৰ মন্ত্ৰী কৈলাশ গেহলটে এই সিদ্ধান্ত কাৰাগাৰ ব্যৱস্থাৰ ভিতৰত ন্যায় আৰু জবাবদিহিতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা নতুন নীতিৰ অংশ বুলি মন্তব্য কৰিছে।

এই নীতিত কয়দীৰ মৃত্যুৰ ক্ষেত্ৰত দোষী সাব্যস্ত হোৱা কাৰাগাৰ বিষয়াৰ দৰমহাৰ পৰা ক্ষতিপূৰণ আদায়ৰ ব্যৱস্থাও আছে বুলি জানিব পৰা গৈছে। মন্ত্ৰী কৈলাশ গেহলটে লগতে অস্বাভাৱিক পৰিস্থিতিত কাৰাগাৰত মৃত্যু হোৱা সেই সকলো কয়দীৰ পৰিয়ালক সহায় আগবঢ়োৱাৰ দিশত দিল্লী চৰকাৰৰ এয়া এক ঐতিহাসিক পদক্ষেপ আখ্যা দিয়ে।

তদুপৰি এনে মৃত্যুৰ ক্ষেত্ৰত দায়বদ্ধসকলৰ জবাবদিহিতা নিৰ্ধাৰণৰ দিশতো এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উল্লেখ কৰে আপ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে। কাৰাবন্দীসকলৰ মাজত হোৱা কাজিয়া, কাৰাগাৰ কৰ্মচাৰীৰ অসৎ আচৰণ বা নিৰ্যাতন বা বিষয়াৰ গাফিলতিৰ বাবে জিম্মাত কয়দীসকলৰ অস্বাভাৱিক মৃত্যু হয় বুলি চৰকাৰে জানিবলৈ দিছে।

অৱশ্যে আত্মহত্যা, পলায়নৰ চেষ্টা বা দুৰ্যোগৰ ফলত কয়দীৰ মৃত্যু হ’লে তেনেক্ষেত্ৰত ক্ষতিপূৰণ দিয়া নহ’ব বুলি নিশ্চিত কৰি দিছে মন্ত্ৰীগৰাকীয়ে। জিম্মাত থকা কয়দীৰ অস্বাভাৱিক মৃত্যুৰ ক্ষেত্ৰত বন্দীসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা তেওঁলোকৰ অভিযোগ নিষ্পত্তি আৰু মানৱ অধিকাৰ ৰক্ষাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপেও উল্লেখ কৰে মন্ত্ৰী কৈলাশ গেহলটে।

দিল্লী চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বাখ্যা আগবঢ়াই কয় যে এই নীতিৰ লক্ষ্য হৈছে জবাবদিহিতা নিশ্চিত কৰা আৰু কাৰাগাৰৰ ভিতৰত দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱা। ইয়াৰ উপৰিও জিম্মাত মৃত্যুৰ বাবে দায়ী সাব্যস্ত হোৱা কাৰাগাৰৰ কৰ্মচাৰীজনৰ দৰমহাৰ পৰা ক্ষতিপূৰণৰ ধন আদায় কৰাৰ কথাও চৰকাৰৰ প্ৰস্তাৱত অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

মন্ত্ৰী কৈলাশ গেহলটে লগতে কয় যে মৃত্যুৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ দণ্ডাধীশৰ তদন্তৰ প্ৰতিবেদন, মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু চিকিৎসাৰ সম্পূৰ্ণ তথ্যকে ধৰি বিশদ প্ৰতিবেদন কাৰাগাৰৰ অধীক্ষকে কাৰাগাৰৰ সঞ্চালক প্ৰধানক দাখিল কৰিব। লগতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈও এই প্ৰতিবেদন প্ৰেৰণ কৰা হ’ব আৰু ইয়াৰ পিছত বিষয়াসকলৰ পৰা ক্ষতিপূৰণ আদায় কৰিব লাগে নে নাই সেয়া সিদ্ধান্ত লোৱা হ’ব ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...