অমিত শ্বাহৰ এই ৭ পৰিকল্পনাই নিশ্চিত কৰিলে NDA-ৰ বিহাৰ জয়! কি আছিল বিজেপিৰ ‘চাণক্য’ৰ এই নীতি?

নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰত সঘনাই দেখা গৈছিল এই চাণক্যক। আনকি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতো তেওঁ উপস্থিত আছিল বিহাৰত। কেৱল প্ৰচাৰ চলোৱাই নহয়, নিৰ্বাচনত এন ডি এৰ বিজয়ৰ পথ মুকলিৰ বাবে তেওঁ ৭টা পৰিকল্পনাও লৈছিল। কি আছিল সেই পৰিকল্পনা!

অমিত শ্বাহৰ এই ৭ পৰিকল্পনাই নিশ্চিত কৰিলে NDA-ৰ বিহাৰ জয়! কি আছিল বিজেপিৰ ‘চাণক্য’ৰ এই নীতি?

অমিত শ্বাহ

Updated On: 

15 Nov 2025 | 11:20 AM

বিজেপিৰ চাণক্য হিচাপে পৰিচিত তেওঁ। ২০১৪ চনত কেন্দ্ৰত এন ডি এ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা এই ‘চাণক্য’ৰ ভূমিকাক লৈ চলিছিল আলোচনা। আৰু এতিয়া ১১ বছৰৰ পাছত বিহাৰ বিধানসভা নিৰ্বাচনত এন ডি এৰ বৃহৎ বিজয়ৰ পিছত চাণক্যৰ ভূমিকাক লৈ আলোচনা আৰম্ভ হৈছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰত সঘনাই দেখা গৈছিল এই চাণক্যক। আনকি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতো তেওঁ উপস্থিত আছিল বিহাৰত। কেৱল প্ৰচাৰ চলোৱাই নহয়, নিৰ্বাচনত এন ডি এৰ বিজয়ৰ পথ মুকলিৰ বাবে তেওঁ ৭টা পৰিকল্পনাও লৈছিল। কি আছিল সেই পৰিকল্পনা!

এই চাণক্য হৈছে বিজেপিৰ ৰণনীতিৰ অন্যতম থিংক টেংক তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বিহাৰ নিৰ্বাচনৰ বাবে তেওঁ ৰচিছিল বিশেষ ৰণনীতি। অমিত শ্বাহৰ মাষ্টাৰ প্লেনৰ প্ৰথমটো নীতি আছিল নিৰ্বাচনৰ পূৰ্বে এন ডি এৰ সকলো অংশীদাৰক একত্ৰিত কৰা। তেওঁৰ দ্বিতীয় পৰিকল্পনা আছিল নীতিশ কুমাৰৰ জেডিউ আৰু চিৰাগ পাছৱানৰ এলজেপিৰ মাজত সমন্বয় সাধন কৰা।

নিৰ্বাচনৰ পূৰ্বে এই দুই অংশীদাৰ দলৰ মাজত যাতে বিবাদৰ সূত্ৰপাত নহয়, তাৰ বাবে এনে পদক্ষেপ লৈছিল শ্বাহে। তেওঁৰ তৃতীয় পৰিকল্পনা আছিল এন ডি এৰ ভোট একত্ৰিত কৰি ৰাখিবলৈ মাইক্ৰ’ প্লেনিং। ইয়াৰ বাবে জিলা আৰু মণ্ডল পৰ্যায়ৰ নেতাৰ সৈতে বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰা। শ্বাহৰ চতুৰ্থ পৰিকল্পনা আছিল বিহাৰত ধাৰাবাহিকভাৱে ৰাজহুৱা সভা অনুষ্ঠিত কৰা।

অমিত শ্বাহৰ পঞ্চম পৰিকল্পনা আছিল তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ কণ্ঠ অৰ্থাৎ মতামতক গুৰুত্ব দিয়া। মণ্ডল পৰ্যায়ৰ নেতাৰ সৈতে বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰা শ্বাহৰ ষষ্ঠটো পৰিকল্পনা আছিল। বিহাৰত দলৰ ভিতৰতে কিছু মতভেদে দেখা দিছিল। কেইবাজনো অসন্তুষ্ট নেতাই দলৰ ভোটৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছিল।

এই নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰাটো শ্বাহৰ সপ্তমটো পৰিকল্পনা আছিল। এই উদ্দেশ্যে নিৰ্বাচনী প্ৰচাৰৰ সময়তে অমিত শ্বাহে এশৰো অধিক ‘বিদ্ৰোহী’ নেতাৰ সৈতে বৈঠকত মিলিত হৈছিল বুলি খবৰ পোহৰলৈ আহিছিল। অৱশ্যে নিৰ্বাচনত বৃহৎ জয়ৰ পিছতো এই কৃতিত্ব ল’ব বিচৰা নাছিল অমিত শ্বাহে।

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে তেওঁ নিজৰ এক্স হেণ্ডেলত বিহাৰৰ ভোটাৰক এই জয়ৰ বাবে ধন্যবাদ দিয়ে। লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এই বিজয়ৰ কৃতিত্ব দিয়ে। শ্বাহে এক্স হেণ্ডেলত লিখিছে, “এয়া উন্নত ভাৰতত বিশ্বাসী সকলো বিহাৰবাসীৰ বাবে জয়।” তেওঁ লগতে যোৱা ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ বাবে কাম কৰিছে আৰু নীতিশ কুমাৰে বিহাৰক জংঘল ৰাজৰ অন্ধকাৰৰ পৰা উলিয়াই আনিবলৈ কাম কৰিছে বুলিও উল্লেখ কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব