৭ বজাৰ সময় আৰু এখন i20 বাহন… দিল্লী বিস্ফোৰণক লৈ গৃহমন্ত্ৰী অমিত শ্বাহে দিলে এনে তথ্য
সকলো সম্ভাৱ্য দিশত তাৎক্ষণিকভাৱে তদন্ত কৰা হ’ব আৰু তদন্তৰ ফলাফল জনসাধাৰণৰ আগত দাঙি ধৰা হ’ব বুলিও অমিত শ্বাহে লগতে সদৰী কৰে। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিস্ফোৰণত আহত লোকসকল চিকিৎসাধীন হৈ থকা এল এন জে পি হাস্পতালত উপস্থিত হয় আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়।

অমিত শ্বাহ
সোমবাৰে সন্ধিয়া এক ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল দেশৰ ৰাজধানী চহৰ দিল্লী। লালকিল্লাৰ সন্মুখত সংঘটিত এই ভয়ানক কাৰ বিস্ফোৰণে জোকাৰি তুলিছে সমগ্ৰ দেশ। ইয়াৰ পিছতে সমগ্ৰ দেশজুৰি সষ্টম হৈ পৰিছে নিৰাপত্তা বাহিনী, হাই এলাৰ্ট জাৰি কৰা হৈছে কেইবাখনো ৰাজ্যত। এই ভয়ংকৰ বিস্ফোৰণৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক বিবৃতি প্ৰকাশ কৰিছে। এক সংবাদ সংস্থাৰ সৈতে হোৱা সাক্ষাৎকাৰত অমিত শ্বাহে প্ৰকাশ কৰে দিল্লী বিস্ফোৰণৰ কিছু তথ্য।
অমিত শ্বাহে কয়, “দিল্লীৰ লালকিল্লাৰ সমীপৰ সুভাষ মাৰ্গ ট্ৰেফিক চিগনেলত সন্ধিয়া প্ৰায় ৭ বজাত এখন i20 গাড়ী বিস্ফোৰণ ঘটে। বিস্ফোৰণত একাংশ পথচাৰী আহত হোৱাৰ লগতে কেইবাখনো বাহনৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্যৰ ভিত্তিত কিছু লোক নিহতো হৈছে।”
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিস্ফোৰণৰ তথ্য লাভ কৰাৰ লগে লগে দিল্লী অপৰাধ শাখা আৰু দিল্লী বিশেষ শাখাৰ দল ১০ মিনিটৰ ভিতৰতে সেই স্থানত উপস্থিত হয়। তদুপৰি NSG আৰু NIAই ঘটনাস্থলীত উপস্থিত হৈ FSLৰ দলৰ সৈতে তদন্ত কৰি আছে বুলি তেওঁ তথ্য দাঙি ধৰে।
জনসাধাৰণৰ আগত প্ৰকাশ কৰা হ’ব ফলাফল
ঘটনাস্থলীৰ চাৰিওফালে থকা সকলো চিচিটিভি কেমেৰা আৰু অন্যান্য সঁজুলি পৰীক্ষা কৰাৰ নিৰ্দেশ দিয়া হৈছে বুলিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, “আমি সকলো সম্ভাৱনা বিবেচনা কৰি আছো আৰু সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি এক সম্যক তদন্ত কৰিম।”
সকলো সম্ভাৱ্য দিশত তাৎক্ষণিকভাৱে তদন্ত কৰা হ’ব আৰু তদন্তৰ ফলাফল জনসাধাৰণৰ আগত দাঙি ধৰা হ’ব বুলিও অমিত শ্বাহে লগতে সদৰী কৰে। ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিস্ফোৰণত আহত লোকসকল চিকিৎসাধীন হৈ থকা এল এন জে পি হাস্পতালত উপস্থিত হয় আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয়।
৮ জন লোক নিহত, ২৮ জনতকৈ অধিক আহত
লালকিল্লাৰ সমীপতে সোমবাৰে সন্ধিয়া সংঘটিত হোৱা এই কাৰ বিস্ফোৰণত ৮ জন লোক নিহত হোৱাৰ লগতে ২৮ জনৰো অধিক লোক আহত হোৱা বুলি তথ্য প্ৰকাশ পাইছে। বিস্ফোৰণৰ ফলত কেইবাখনো বাহন ধ্বংস হয়। এই ঘটনাৰ পিছতে দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, পঞ্জাৱকে ধৰি কেইবাখনো ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে।