মিৰাজৰ পৰা ৰাফেললৈ…দেশৰ প্ৰতিৰক্ষাত শক্তি যোগাইছে কাশ্মীৰী হিলাল আহমেদে

ভাৰত-পাকিস্তান যুদ্ধৰ মাজতে চৰ্চিত হৈছে ভাৰতীয় সেনাবাহিনীৰ এগৰাকী জোৱানৰ কাৰ্য। এই কাশ্মীৰী মুছলমান জোৱানজনে এতিয়া ভাৰতৰ প্ৰতিৰক্ষাত প্ৰদান কৰিছে অনন্য শক্তি। চাওঁ আহক, আজিৰ এই যুদ্ধৰ পৰিস্থিতিৰ মাজত কিয় আলোচিত হৈছে হিলাল আহমেদ নামৰ এই জোৱানজনৰ নাম!

মিৰাজৰ পৰা ৰাফেললৈ…দেশৰ প্ৰতিৰক্ষাত শক্তি যোগাইছে কাশ্মীৰী হিলাল আহমেদে

প্ৰতিনিধিত্বমূলক ছবি

Published: 

10 May 2025 | 04:52 PM

দেশত এতিয়া যুদ্ধৰ আলোচনা। নৃশংস পহলগাম আক্ৰমণৰ পিছত ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ ঘাটিত চলোৱা অভিযানৰ পিছতে পাকিস্তানৰ ভাৰত আক্ৰমণৰ চেষ্টাই সলনি কৰিছে পৰিস্থিতি। পাকিস্তানৰ এই আক্ৰমণ ব্যৰ্থ কৰি ভাৰতীয় সেনায়ো চলাইছে প্ৰত্যাক্ৰমণ। ইতিমধ্যে ভাৰতে অপাৰেচন সেন্দূৰৰ জৰিয়তে পাকিস্তানক তীব্ৰ সঁহাৰি দিছে। ভাৰতৰ এই প্ৰত্যাক্ৰমণৰ বাবে এতিয়া পাকিস্তানৰ ভিতৰতে শ্বাহবাজ শ্বৰীফ চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই যুদ্ধৰ মাজতে চৰ্চিত হৈছে ভাৰতীয় সেনাবাহিনীৰ এগৰাকী বিষয়াৰ কাৰ্য।

এতিয়াৰ বায়ুসেনাৰ বিষয়াগৰাকীয়ে  শৈশৱতেই দেখিছিল ভাৰতীয় সেনাৰ ইউনিফৰ্ম পিন্ধাৰ স্বপ্ন। দীৰ্ঘদিনীয়া অধ্যয়ন আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অৱশেষত তেওঁৰ সেই সপোন বাস্তৱায়িত হ’ল। কেৱল স্বপ্ন পূৰণ হোৱা বুলিলে ভুল হ’ব, এক কথাত এই কাশ্মীৰী মুছলমান বিষয়াগৰাকীয়ে এতিয়া ভাৰতৰ প্ৰতিৰক্ষাত প্ৰদান কৰিছে অনন্য শক্তি। ভাৰতীয় বায়ুসেনাই ইতিমধ্যেই ছিন্নভিন্ন কৰি দিছে পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীৰ দম্ভ। সমান্তৰালকৈ সন্ত্ৰাসবাদৰ পৃষ্ঠোপোষক পাকিস্তানকো দিছে উচিত শিক্ষা।

বায়ুসেনাৰ এই সফলতাৰ লক্ষ্যত বিশেষ ভূমিকা পালন কৰিছে কাশ্মীৰী মুছলমান হিলাল আহমেদে। ভাৰতৰ বায়ুসেনাৰ শক্তিক উচ্চস্তৰলৈ লৈ গৈছে হিলালে। কাশ্মীৰৰ অনন্তনাগ জিলাৰ এটি মুছলমান পৰিয়ালত জন্ম এই হিলাল আহমেদৰ। বয়স বাঢ়ি অহাৰ লগে লগে তেওঁ দেখি আহিছে অশান্ত কাশ্মীৰ। এই অশান্ত অৱস্থাই হয়তো তেওঁৰ শৈশৱৰ মনটোত গজালি মেলাইছিল ভাৰতীয় সেনাৰ ইউনিফৰ্ম পিন্ধাৰ স্বপ্ন। সেই স্বপ্নৰ পম খেদি হিলাল আহমেদ এতিয়া বায়ুসেনাৰ এয়াৰ ভাইচ মাৰ্শ্বাল।

এই হিলাল আহমেদেই ফ্ৰান্সৰ পৰা ক্ৰয় কৰা বায়ুসেনাৰ অনন্য শক্তি ৰাফেল যুদ্ধ বিমান উৰুওৱা প্ৰথম ভাৰতীয়। কোনো দুৰ্ঘটনা নোহোৱাকৈ ৩০০০ ঘণ্টা যুদ্ধ বিমান উৰুৱাইছিল হিলালে। ৰাফেলৰ পূৰ্বে বায়ুসেনাৰ আন দুই প্ৰধান শক্তি মিৰাজ ২০০০ আৰু মিগ-২১কে ধৰি বহু যুঁজাৰু বিমান উৰণৰ অভিজ্ঞতা আছে হিলালৰ। ঐতিহাসিক ৰাফেল চুক্তিত হিলালৰ ভূমিকাক লৈ এতিয়াও আলোচনা হয়। এই হিলালেই ফ্ৰান্সৰ পৰা ভাৰতলৈ ৰাফেল আনিছিল।

বায়ুসেনাৰ এই বিষয়াগৰাকী যদিও এতিয়া অপাৰেচন সেন্দূৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়, তথাপি এতিয়াৰ সময়ত হিলালৰ অৱদানৰ কথা বাৰে বাৰে চৰ্চিত হৈছে। কাৰণ, হিলালে এনে আকাশী অভিযানৰ বাবে নতুন দিগন্ত মুকলি কৰি দিলে বুলি চৰ্চা চলিছে। এই এয়াৰ ভাইচ মাৰ্শ্বালে নতুন প্ৰজন্মক শিকাইছে, আধুনিক বিমান আক্ৰমণ কেনেকুৱা হ’ব পাৰে। সেইবাবেই ৰাফেল উৰণৰ অভিজ্ঞতা থকা প্ৰথমজন ভাৰতীয় হিলাল এতিয়া নিবিড় প্ৰশিক্ষণত ব্যস্ত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...