অমিত শ্বাহৰ ভ্ৰমণৰ মাজতেই কলকাতাত উদ্ধাৰ অস্ত্ৰভৰ্তি বেগ, গ্ৰেপ্তাৰ হোৱা দুই যুৱকৰ উদ্দেশ্য কি আছিল?
যুৱক দুজনৰ হাতত আছিল ডাঙৰ আকাৰৰ বেগ। আৰক্ষীয়ে দুয়োকে আটক কৰি সোধা-পাছা কৰে। কিন্তু তেওঁলোকৰ সৈতে থকা বেগ খুলি আচৰতি হৈ পৰে আৰক্ষী। কিয়নো বেগৰ ভিতৰত আছিল বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। তাৰ পাছতেই দুই যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কলকাতাত অস্ত্ৰভৰ্তি বেগ উদ্ধাৰ
কলকাতাত উদ্ধাৰ বুজন পৰিমাণৰ আগ্নেয়াস্ত্ৰ। মঙলবাৰে দুপৰীয়া কলকাতা আৰক্ষীৰ এছটিএফে উদ্ধাৰ কৰে এই অস্ত্ৰসমূহ। ঘটনা সন্দৰ্ভত আটক কৰা হয় দুজন যুৱকক। জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে কলকাতাৰ ষ্ট্ৰেণ্ড ৰোডৰ পৰা আটক কৰে দুজন যুৱকক। তেওঁলোকৰ পৰা জব্দ কৰা হয় কেবাটাও মাৰণাস্ত্ৰ। এই অস্ত্ৰসমূহ ক’ৰ পৰা আনিছিল আৰু ক’লৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
যুৱক দুজনৰ হাতত আছিল ডাঙৰ আকাৰৰ বেগ। আৰক্ষীয়ে দুয়োকে আটক কৰি সোধা-পাছা কৰে। কিন্তু তেওঁলোকৰ সৈতে থকা বেগ খুলি আচৰতি হৈ পৰে আৰক্ষী। কিয়নো বেগৰ ভিতৰত আছিল বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। তাৰ পাছতেই দুই যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
জানিব পৰা মতে, উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ ভিতৰত আছে এটা শ্বটাৰ, ৭ এম এম পিস্তল, ইপ্ৰোভাইজড ফায়াৰ আৰ্ম। তাৰোপৰি কমেও ২০ ৰাউণ্ড সজীৱ গুলীও উদ্ধাৰ কৰে আৰক্ষীয়ে। শেহতীয়া সময়ছোৱাত ৰাজ্যখনৰ বিভিন্ন স্থানত গুলীচালনাৰ ঘটনা সংঘটিত হৈ আহিছে। কেইমাহ মান পূৰ্বে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল কছবাত। এই ঘটনাত আহত হৈছিল এজন যুৱক। তাৰ কিছুদিন পূৰ্বে কছবাতেই কাউঞ্চিলৰ সুশান্ত ঘোষৰ বাসগৃহৰ সমুখত গুলীচালনা কৰিছিল দুস্কৃতিকাৰীয়ে।
ইয়াৰোপৰি মালদহ, মুৰ্শিদাবাদকে ধৰি বিভিন্ন জিলাত গুলীচালনাৰ ঘটনা সংঘটিত হৈ আহিছে। ৰাজ্যখনৰ নিৰাপত্তাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে সচেতন মহলে। এইবাৰ পুনৰ কলকাতা চহৰৰ মাজমজিয়াত অস্ত্ৰ উদ্ধাৰৰ ঘটনাই শংকিত কৰি তুলিছে চহৰবাসীক। কিয়নো আজি অস্ত্ৰ উদ্ধাৰৰ সময়ত কলকাতাতেই আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।