৬ টা চিঙৰা ঘোচ লৈ খাকীত দাগ লগালে আৰক্ষীয়ে, উলোটা কৰি পেলালে যৌন নিৰ্যাতনৰ গোচৰৰ কাহিনী
এগৰাকী ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যানত চলোৱা গোচৰত আৰক্ষীৰ কাম-কাজক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি তদন্তকাৰী বিষয়াই মাত্ৰ ছটা চিঙৰা উৎকোচ লৈ গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল, যিটো গোচৰৰ প্ৰতিবেদন খাৰিজ কৰিছে বিশেষ ন্যায়াধীশে।

আমি যেতিয়া কোনো অপৰাধৰ ভুক্তভোগী হওঁ, তেতিয়া আমাৰ বিশ্বাস থাকে যে আৰক্ষী আৰু আইনে আমাক ন্যায় দিব। সেয়ে আমি কাষ চাপো আৰক্ষী প্ৰশাসনৰ। কিন্তু কেতিয়াবা এনেকুৱাও হয়, য’ত আৰক্ষী বা আইনৰ ওপৰত থকা নিৰ্মল বিশ্বাসকণ হেৰুৱাই পেলায় ভুক্তভোগীয়ে। তেনে এটা ঘটনাৰ বিষয়ে আজি ক’বলৈ লৈছোঁ।
উত্তৰ প্ৰদেশৰ ইটাহ জিলাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক যৌন নিৰ্যানত চলোৱা গোচৰত আৰক্ষীৰ কাম-কাজক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। অভিযোগ অনুসৰি তদন্তকাৰী বিষয়াই মাত্ৰ ছটা চিঙৰা উৎকোচ লৈ গোচৰটোৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল, যিটো গোচৰৰ প্ৰতিবেদন খাৰিজ কৰিছে বিশেষ ন্যায়াধীশ (POCSO আইন) নৰেন্দ্ৰ পাল ৰাণাই। এই ঘটনা জলেসৰ থানাৰ সৈতে জড়িত।
এই ঘটনা ১ এপ্ৰিল ২০১৯ৰ, যেতিয়া ১৪ বছৰীয়া কিশোৰীগৰাকী স্কুলৰ পৰা উভতি আহিছিল, গাঁৱৰ বীৰেশ নামৰ লোকজনে তেওঁক ঘেঁহুৰ পথাৰলৈ লৈ গৈছিল আৰু অপকৰ্ম সংঘটিত কৰিছিল। ঘটনাস্থলীত দুজন লোক উপস্থিত হোৱাৰ লগে লগে অভিযুক্ত বীৰেশে জাতত ধৰি গালি-গালাজ কৰি হত্যাৰ ভাবুকি দি পলায়ন কৰে। আৰক্ষীৰ মনোভাৱ আৰম্ভণিৰে পৰা একপক্ষীয় আছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পিতৃয়ে। আৰক্ষীয়ে প্ৰথমে গোচৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰে, তাৰ পিছত আদালতৰ নিৰ্দেশত ছোৱালীজনীৰ পিতৃয়ে গোচৰ ৰুজু কৰে।
আৰক্ষীৰ তদন্তত গাফিলতি
POCSO আইনৰ অধীনত প্ৰতিবেদন দাখিল হোৱাৰ পিছতো তদন্তকাৰীয়ে ২০২৪ চনৰ ৩০ ডিচেম্বৰত আদালতত প্ৰতিবেদন দাখিল কৰি কয় যে গোচৰটোৰ কোনো প্ৰমাণ নাই। ইয়াৰ বিৰুদ্ধে ২০২৫ চনৰ ২৭ জুনত ভুক্তভোগীৰ পিতৃয়ে প্ৰতিবাদী আবেদন দাখিল কৰে। আবেদনখনত স্পষ্টভাৱে অভিযোগ কৰা হৈছিল যে তদন্তকাৰীয়ে সেই স্থানত উপস্থিত প্ৰত্যক্ষদৰ্শীৰ বক্তব্য লিপিবদ্ধ কৰা নাছিল, আৰু ভুক্তভোগীয়ে নিজেই নিজৰ বক্তব্যত যৌন নিৰ্যাতনৰ কথা কৈছিল। ইয়াৰ পিছতো এনে এটা গুৰুতৰ গোচৰৰ তদন্ত ত্ৰুটিপূৰ্ণভাৱে কৰা হৈছিল।
৬ টা চিঙৰা উৎকোচ দিয়াৰ অভিযোগ
ভুক্তভোগীৰ পিতৃয়ে আদালতত কয় যে অভিযুক্তৰ এখন চিঙৰাৰ দোকান আছে, আৰু তদন্তকাৰীয়ে তালৈ গৈ মাত্ৰ ছটা চিঙৰা লৈ মিছা প্ৰতিবেদন দি গোচৰটোৰ তদন্তত গাফিলতি কৰিছিল। চাঞ্চল্যকৰ কথাটো হ’ল তদন্তকাৰীয়ে তেওঁৰ প্ৰতিবেদনত লিখিছিল যে কিশোৰীগৰাকীয়ে বিৰেশৰ পৰা বাকীত চিঙৰা বিচাৰিছিল, আৰু তেওঁ বাকী দিবলৈ অমান্তি হোৱাৰ লগে লগে বিবাদৰ সৃষ্টি হয়, তাৰ পিছত কু-অভিপ্ৰায়ৰ বাবে প্ৰৰোচনামূলকভাৱে অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰা হয়।
গোচৰৰ শুনানিৰ অন্তত আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদন খাৰিজ কৰিছে আদালতে। এতিয়া গোচৰটো অভিযোগ হিচাপে পঞ্জীয়ন কৰা হৈছে, অৰ্থাৎ আদালতে এতিয়া গোচৰটো পোনপটীয়াকৈ শুনানি গ্ৰহণ কৰি পৰৱৰ্তী পদক্ষেপৰ সিদ্ধান্ত ল’ব। এই সিদ্ধান্তই আৰক্ষীৰ তদন্তৰ ওপৰত এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। ইয়াৰ পূৰ্বেও ভুক্তভোগীৰ পিতৃৰ আবেদনত আদালতে ২০২৪ চনৰ ৩১ আগষ্টত পুনৰ তদন্তৰ নিৰ্দেশ দিছিল যদিও তেতিয়াও তদন্তৰ নামত প্ৰতিবেদনহে দাখিল কৰা হৈছিল।