শ্বেৰ হাতত লৈ অভিযানত নামিব ভাৰতীয় সেনা, এক মিনিটত ৭০০ বুলেটে চিৰাচিৰ কৰিব শত্ৰুৰ বুকু

ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰিছে এ কে ২০৩। এইনতুন ৰাইফলটোৰ নাম ৰখা হৈছে শ্বেৰ। প্ৰতি মিনিটত ৭০০ গুলী নিক্ষেপ কৰিব পাৰে শ্বেৰে।

শ্বেৰ হাতত লৈ অভিযানত নামিব ভাৰতীয় সেনা, এক মিনিটত ৭০০ বুলেটে চিৰাচিৰ কৰিব শত্ৰুৰ বুকু

ভাৰতীয় সেনা (প্ৰতীকী ছবি)

Published: 

28 Jul 2025 | 04:34 PM

এ কে ছিৰিজৰ ৰাইফলৰ বিষয়ে সকলোৱে জানে। এ কে-৪৭, এ কে-৫৬ ৰ নাম নুশুনা মানুহ খুব কমেইহে আছে। ৰাছিয়াৰ অস্ত্ৰ ডিজাইনাৰ মিখাইল কালাছনিকোভ (Mikhail Kalashnikov)ৰ দ্বাৰা নিৰ্মিত এই ৰাইফল বিশ্ববিখ্যাত। এতিয়া আহিছে এ কে-২০৩। পুৰণি বন্দুকতকৈ অধিক নিপুন আৰু ঘাতক এই ৰাইফল।

এই বন্দুকটো নিৰ্মাণ কৰা হৈছে উত্তৰ প্ৰদেশৰ আমেথিৰ এটা কাৰখানাত। ইয়াক ভাৰত আৰু ৰাছিয়াৰ যৌথ উদ্যোগত ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰিছে। নতুন ৰাইফলটোৰ নাম ৰখা হৈছে শ্বেৰ। প্ৰতি মিনিটত ৭০০ গুলী নিক্ষেপ কৰিব পাৰে শ্বেৰে। ইয়াৰ ৰেঞ্জ ৮০০ মিটাৰ। ইয়াত বিশেষ অপটিকেল চাইটিং চিষ্টেম আছে, যাৰ বাবে এই বন্দুকটোৰ লক্ষ্য নিখুঁত।

প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয় যে দেশত নিৰ্মিত এ কে ছিৰিজৰ শেহতীয়া এই ৰাইফল, এফালে প্ৰতিৰক্ষাত আত্মনিৰ্ভৰশীলতা, আৰু আনফালে ই মেক ইন ইণ্ডিয়াৰ অন্যতম ডাঙৰ উদাহৰণ। ভাৰতীয় সেনা আৰু অৰ্ধসামৰিক বাহিনীয়ে বৰ্তমান বেছিভাগেই ভাৰতীয় ক্ষুদ্ৰ অস্ত্ৰ ব্যৱস্থা অৰ্থা অৰ্থাৎ INSAS ৰাইফল ব্যৱহাৰ কৰে।

২০৩০ চনৰ ভিতৰত সকলো ইনছাছৰ ৰাইফলৰ ঠাইত এ কে-২০৩ ব্যৱহাৰ কৰা হ’ব। AK-203 ৰ ওজন আৰু আয়তন INSAS তকৈ কম। কিন্তু গুলীৰ আকাৰ ডাঙৰ। ফলত এ কে-২০৩ সৈনিকৰ বাবে আঘাত আৰু কঢ়িয়াই নিয়া দুয়োটা দিশতে অধিক সুবিধাজনক। এই ৬ লাখ নতুন ৰাইফলৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইণ্ডো-ৰাছিয়ান ৰাইফলছ প্ৰাইভেট লিমিটেডক ৫ হাজাৰ কোটি টকাৰ চুক্তি প্ৰদান কৰিছে। প্ৰথম পৰ্যায়ত ৫০ হাজাৰ এ কে ২০৩ বিমান বাহিনীক গতাই দিয়া হৈছে। প্ৰথম অৱস্থাত এই বন্দুক পাকিস্তান আৰু চীন সীমান্তত নিয়োজিত সৈনিকক ব্যৱহাৰৰ বাবে প্ৰদান কৰা হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...